ষাঠিৰ দশকৰ এখন হাস্যমধুৰ অসমীয়া চলচ্চিত্ৰ ‘ইটো সিটো বহুতো’। এই চলচ্চিত্ৰখনে অসমীয়া চিনেমা জগতত এটা নতুন যুগৰ সূচনা কৰিলে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত হাঁহিব নজনা অসমীয়া মানুহক হাঁহিবলৈ শিকালে এইখন চলচ্চিত্ৰই। প্ৰথম অসমীয়া হাস্য ব্যংগ চলচ্চিত্ৰ ‘ইটো সিটো বহুতো’ ১৯৬৩ চনত মুক্তি লাভ কৰিছিল গুৱাহাটীৰ ৰূপশ্ৰী চিনেমা হলত। গুৱাহাটীৰ ডিলাইট ৰেষ্টুৰেন্তত এখন চাহমেলৰ আড্ডাৰ মাজেৰে সৃষ্টি হৈছিল চিনেমাখনৰ নাম। প্ৰখ্যাত কবি হীৰেন ভট্টাচাৰ্যই চিনেমাখনৰ নামটো দিছিল ‘ইটো সিটো বহুতো’।
অসমীয়া চলচ্চিত্ৰ জগতত সংগীত পৰিচালক হিচাপে ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰা ব্ৰজেন বৰুৱাই পোনপ্ৰথমবাৰৰ বাবে ‘ইটো সিটো বহুতো’ৰ জৰিয়তে চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। চাৰিজন বন্ধুৰ পেয়িং গেষ্ট জীৱনৰ তিতা-মিঠা অভিজ্ঞতাৰ কাহিনীৰ আধাৰত নিৰ্মিত হৈছিল ‘ইটো সিটো বহুতো’। চাৰিজন বন্ধুৰ চৰিত্ৰত অভিনয় কৰিছিল ক্ৰমে ব্ৰজেন বৰুৱা, প্ৰবীণ বৰা, শৰৎ দাস আৰু গিৰিণ বৰুৱাই। মূল নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল ব্ৰজেন বৰুৱাই। নটসূৰ্য ফণী শৰ্মাই এইখন চলচ্চিত্ৰত মেজৰৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল। ফণী শৰ্মাৰ খং উঠিলে কথা পাহৰি যায়। তেতিয়া কপালত হাতুৰী এটাৰে লাহেকৈ টোকৰ মাৰি দিলে স্মৃতি শক্তি ঘূৰি আহে। এই দৃশ্যসমূহে দৰ্শকক হাঁহিৰ খোৰাক দিছিল।
কলিকতাৰ ষ্টুডিঅ’ত চলচ্চিত্ৰখনৰ প্ৰায় শ্বুটিং সম্পন্ন কৰাৰ লগতে গুৱাহাটীতো শ্বুটিং কৰা হৈছিল। শিলপুখুৰীৰ আসাম টাইপৰ ঘৰ এটা মেজৰৰ ঘৰ হিচাপে শ্বুটিং কৰা হৈছিল। ষাঠিৰ দশকৰ গুৱাহাটী চহৰখন চলচ্চিত্ৰখনত দেখিবলৈ পোৱা যায়। এইখন চিনেমাত বিশিষ্ট অভিনেত্ৰী প্ৰয়াত বীণা দাস মান্না আৰু কৌতুক অভিনেতা হিচাপে সেই সময়ৰ জনপ্ৰিয় প্ৰয়াত মুৱাজ্জিন আলিৰ খুহুতীয়া অভিনয়েও দৰ্শকক হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হৈছিল।
চিনেমাখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল সংগীতে। নৱকান্ত বৰুৱা আৰু কেশৱ মহন্তৰ দৰে গীতিকাৰৰ গীতৰ কথা আৰু ব্ৰজেন বৰুৱাৰ সংগীত পৰিচালনাই ‘ইটো সিটো বহুতো’ক অভিন্ন মাত্ৰা প্ৰদান কৰিছিল। ব্ৰজেন বৰুৱাই সংগীত পৰিচালনাৰ লগতে কৰিঅʼগ্ৰাফীও কৰিছিল। দুটা গীতত ব্ৰজেন বৰুৱাই কণ্ঠদান কৰাৰ লগতে আন দুটাত তেখেতৰ ভাতৃ তথা বিশিষ্ট কণ্ঠশিল্পী দ্বিপেন বৰুৱাই কণ্ঠদান কৰিছিল। এটা দ্বৈত কণ্ঠৰ গীতত কণ্ঠদান কৰিছিল সংগীত শিল্পী মিতালী দেʼই।কেমেৰাৰ পিছফালে থাকি পৰিচালনাৰ দায়িত্ব, সংগীত পৰিচালনা, গীতত কণ্ঠদান আৰু সন্মুখত মূল নায়কৰ চৰিত্ৰত অভিনয় আদি একেলগে ইমানখিনি দায়িত্ব পালন কৰাটো ব্ৰজেন বৰুৱাৰ দৰে বহু প্ৰতিভাসম্পন্ন এগৰাকী ব্যক্তিৰ কাৰণেহে সম্ভৱ হৈছিল। অসমীয়া চিনেমাৰ ইতিহাসত ‘ইটো সিটো বহুতো’এখন উল্লেখযোগ্য চিনেমা হিচাপে থাকি যাব কেবাটাও কাৰণত। প্ৰথম কাৰণ ‘ইটো সিটো বহুতো’ প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘৰ হাস্যমধুৰ চিনেমা। দ্বিতীয়তে ব্ৰজেন বৰুৱাই পৰিচালনা কৰা এইখন প্ৰথম চিনেমা। জে পি চিনে আৰ্টৰ বেনাৰত চিনেমাখন প্ৰযোজনা কৰিছিল ব্ৰজেন বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে।
পৰৱৰ্তী সময়ত ব্ৰজেন বৰুৱাই ড.বেজবৰুৱাৰ দৰে সফল চিনেমা নিৰ্মাণেৰে অসমৰ চলচ্চিত্ৰ জগত সমৃদ্ধ কৰি গৈছে।
