অসমীয়া চলচ্চিত্ৰৰ সুদৰ্শন অভিনেতা ‘বিজয় শংকৰ’

Spread the love

১৯৪৬-৪৭ চন মানৰ কথা। যোৰহাটত ৰুণুমী নামৰ অসমীয়া চিনেমা এখনৰ শ্বুটিং চলি আছিল। তাৰবাবে কেইজনমান শিশু শিল্পীৰ প্ৰয়োজন হৈছিল। পঞ্চম শ্ৰেণীত পঢ়ি থকা গুৱাহাটীৰ ল’ৰা এজনক দেউতাকৰ অনুমতি লৈ পৰিচালকে যোৰহাটলৈ লৈ গৈছিল। অভিনয়ৰ প্ৰয়োজনত ল’ৰাজনৰ চুলিবোৰ বাটিকাট কৰি দিয়া হৈছিল। এই কথাত অসন্তুষ্ট হৈছিল ল’ৰাজন। পিছত স্কুললৈ যাবলৈও লাজ কৰি ঘৰৰ পৰা ওলাই গৈ অʼত-তʼত ঘূৰি ছুটিৰ সময়ত ঘৰলৈ ঘূৰি গৈছিল। সৰুৰে পৰাই সুন্দৰ্শন চেহেৰাৰ সেই ল’ৰা জনেই আছিল বিজয় শংকৰ তথা সকলোৰে মৰমৰ অকুদা। ‘৫০, ‘৬০ দশকতে অসমীয়া চলচ্চিত্ৰত সাৱলীল অভিনয়েৰে নায়কৰ অভাৱ পূৰণ কৰি দৰ্শকৰ হৃদয়ত সাঁচ বহুৱাইছিল এইজন সুদৰ্শন অভিনেতাই । ড. ভূপেন হাজৰিকাৰ ‘এৰা বাটৰ সুৰ’ চলচ্চিত্ৰত প্ৰথম অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল বিজয় শংকৰে। দিনটো আছিল ১৯৫৫ চনৰ ১৫ জুন। সময় দুপৰীয়া। স্থান আছিল বৰ্তমান ইঞ্জিনিয়াৰিং কলেজৰ পশ্চিম দিশৰ এজোপা ঔ গছৰ তল। তাতেই অসমীয়া চিনেমাৰ নায়ক হিচাপে বিজয় শংকৰৰ অভিনয় জীৱনৰ আৰম্ভ হৈছিল।

এৰা বাটৰ সুৰত নায়ক হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত আমাৰ ঘৰ, লটিঘটি, মানৱ আৰু দানৱ, চিকমিক বিজুলী, কাঁচঘৰ, সোণ-মইনা, মন-মন্দিৰ, পিতা-পুত্ৰ আদি ইখনৰ পিছত সিখন চলচ্চিত্ৰত অভিনয় কৰি গৈছিল বিজয় শংকৰে। একে সময়তে ইভা আচাও, জ্ঞানদা কাকতি, বিদ্যা ৰাও, বিজু ফুকন আদি শক্তিশালী অভিনেতা অভিনেত্ৰীৰ প্ৰৱেশ ঘটিছিল অসমীয়া চলচ্চিত্ৰত। ‘এৰা বাটৰ সুৰ’ প্ৰেমৰ কাহিনী নাছিল। চিনেমাখনত ফণী শৰ্মা, ইভা আচাও আদি শিল্পীসকলেও অভিনয় কৰিছিল। ‘জোনাকৰে ৰাতি, অসমীৰে মাটি’ শীৰ্ষক গীতটো জনপ্ৰিয়  হৈ পৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত ইন্টাৰ-ভাৰ্চিটি উইকত যোগদান কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ এটা দল গৈছিল। তাত নাটকৰ সংগীত পৰিচালনাৰ বাবে গৈছিল বিজয় শংকৰ। ড. ভূপেন হাজৰিকা দলটোৰ ইনচাৰ্জ হিচাপে গৈছিল। কিন্তু মণিৰাম দেৱান নাটকখনত কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া অভিনেতাজনৰ কিবা অসুবিধা হোৱাৰ বাবে চৰিত্ৰটো বিজয় শংকৰে কৰিবলগীয়া হৈছিল। এই সৰু চৰিত্ৰটো আন্তৰিকতাৰে কৰা কথাটো ভূপেন হাজৰিকাই মন কৰিছিল আৰু অভিনেতা হিচাপে বিজয় শংকৰৰ প্ৰতিভাৰ উমান পাইছিল। সেয়ে পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই পৰিচালনা কৰা এৰা বাটৰ সুৰ চিনেমাখনত বিজয় শংকৰকে অভিনেতা হিচাপে নিৰ্বাচন কৰিছিল।

অভিনেতাৰ লগতে বিজয় শংকৰৰ আন এটা চিনাকি আছিল বেহেলাবাদক হিচাপে। জীৱনৰ এছোৱা সময় সংগীতৰ লগত জড়িত আছিল বিজয় শংকৰ। শ্বিলঙত পঢ়ি থাকোঁতে কেইজনমান বন্ধুৰ লগলাগি এটা অৰ্কেষ্ট্ৰা দল গঠন কৰিছিল। আকাশবাণী গুৱাহাটীত প্ৰতি মাহে এটা যন্ত্ৰ-সংগীতৰ অনুষ্ঠান কৰিবলৈ আমন্ত্ৰণ পাইছিল। এই অনুষ্ঠানত ভৱ বেনাৰ্জীয়ে হাৱাইন গীতাৰ বজাইছিল। অনুষ্ঠানৰ মাননি পাইছিল বিশ টকা। ভূপেন হাজৰিকাৰ, জয়ন্ত হাজৰিকাৰ বহু গীতত বেহেলা সংগত কৰিছিল বিজয় শংকৰে। বহাগ বিহুত অসমৰ ইমূৰৰপৰা পৰা সিমূৰলৈ বিভিন্ন মঞ্চত বেহেলা বাদন কৰিছিল বিজয় শংকৰে।

ভূপেন হাজৰিকাই পৰিচালনা কৰা ‘লটিঘটি’ চিনেমাত অভিনয়ৰ লগতে  অসমৰ বিভিন্ন ঠাইত অনুষ্ঠান কৰি পুঁজি সংগ্ৰহ কৰিছিল বিজয় শংকৰে। দলটোত আছিল ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দোস্ত হবিবুৰ ৰহমান আৰু বিজয় শংকৰ। চিনেমাৰ পুঁজি সংগ্ৰহৰ বাবে অসমৰ বিভিন্ন ঠাইৰ উপৰি অৰুণাচল, শ্বিলঙতো সাংস্কৃতিক অনুষ্ঠান কৰিছিল চাৰিজনীয়া দলটোৱে।

অসম ৰাজ্যিক চিৰিয়াখানা নিৰ্মাণৰ কামত ঠিকাদাৰ হিচাপে জড়িত আছিল বিজয় শংকৰ। বিষ্ণু ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা বিজয় শংকৰৰ জীৱন বৰ সহজ নাছিল। কলিকতাত পʼল ইঞ্জিনিয়াৰিং নামেৰে এটা ফেক্টৰীত সাধাৰণ শ্ৰমিকৰ কাম কৰিছিল বিজয় শংকৰে। এনেতে গুৱাহাটীৰ চিৰিয়াখানা নিৰ্মাণৰ কাম লাভ কৰাৰ পিছত গুৱাহাটীলৈ আহিছিল। বিবাহপাশত আৱদ্ধ হৈছিল শ্বিলঙৰ এলিছ পাকিনটাইনৰ সৈতে। পিছত দেউতাকে এলিছৰ নাম অনিতা শংকৰ দিলে। চাৰিটা পুত্ৰসন্তানৰ পিতৃ হৈছিল বিজয় শংকৰ। চিনেমাৰ লগতে টি ভিৰ ছিৰিয়েল আৰু থিয়েটাৰতো অভিনয় কৰিছিল বিজয় শংকৰে।

১৯৬২ চনৰ চীনে ভাৰত আক্ৰমণ কৰা সময়ৰ কথা। সৈন্য বাহিনীৰ আনন্দ দানৰ উদেশ্যে ৰাজ কাপুৰ, মুকেশ, আগা অসমলৈ আহিছিল। তেতিয়া অসমৰ শিল্পীৰ হৈ বিজয় শংকৰে তেওঁলোকক গুৱাহাটীৰপৰা তেজপুৰৰ ওচৰৰ মিছামাৰীত থকা মিলিটাৰী কেম্পলৈ লৈ গৈছিল। তেওঁলোকৰ ইচ্ছা মতেই চিপাঝাৰৰ এখন সৰু চাহৰ দোকানত গজা আৰু চাহ খাইছিল। খাৰুপেতীয়াৰ ৰাস্তাৰ বাঁওফালে থকা মচজিদটোত বহি লগত নিয়া ৰুটি-তৰকাৰী খাইছিল। শিল্পীৰ বাবে মন্দিৰ-মছজিদ-চার্চ একে কথা।তেওঁলোক যেতিয়া মিছামাৰী ‘মিলিটেৰী কেম্প পাইছিলগৈ তেতিয়া তেজপুৰৰ স্বৰ্গীয় গামাপ্রসাদ আগৰবালা, স্বর্গীয় গংগা দাস আদিয়ে তেওঁলোকক তেজপুৰৰ কাৰোবাৰ ঘৰত আৰামপ্রদ কৈ ৰাখিবলৈ লৈ যাবলৈ আহিছিল। কিন্তু ৰাজকাপুৰে সেই নিমন্ত্রণ উপেক্ষা কৰি কৈছিল আমি এওঁলোকৰ (সৈন্যসকলৰ) বাবেহে আহিছোঁ। এওঁলোকৰ সৈতেই কোম্পত থাকিম। মুকেশে ধূলিৰ বাবে বৰ কষ্ট পাইছিল। কিন্তু গান গাবৰ সময়ত তেওঁৰ কণ্ঠই অকাশ কঁপাইছিল। মুকেশে কৈছিল – ‘অসমৰ ধূলিত যাদু আছে। মই কেইবস্তামান লৈ যাম। বম্বেত গান ৰেকর্ডিঙৰ সময়ত ষ্টুডিঅৰ ভিতৰত উৰৱাই দিম।’ অসমৰপৰা উভতি গৈ সেই ভ্ৰমণৰ বিষয়ে ৰাজ কাপুৰে ‘স্ক্রীন’ কাকতত এটি সুন্দৰ প্রৱন্ধ লিখিছিল যʼত বিজয় শংকৰৰ কথাও উল্লেখ আছিল।

খাচী লোকসকলৰ জীৱনশৈলীক লৈ ‘ উ খুন জংগা’ নামেৰে এখন উপন্যাসো লিখিছিল বিজয় শংকৰে। অমূল্য বৰুৱাই কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছিল। বহুমুখী প্ৰতিভাসম্পন্ন সুদৰ্শন অভিনেতাজনে অসমীয়া চলচ্চিত্ৰক যি নতুন বাট দেখুৱাই গৈ।ছে সেই বাটেৰেই পৰৱৰ্তী প্ৰজন্ম আগবাঢ়ি  গৈছে। অসমীয়া চিনেমা থকালৈকে বিজয় শংকৰো অমৰ হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *