At Eternity’s Gate

Spread the love

ভিনচেন্ট ভেন গঘ- নামটো শুনিলেই মনলৈ আহে – নানাৰঙী পেইণ্টিং, উজ্জ্বল ৰং, গভীৰ ব্ৰাছষ্ট্ৰোক আৰু এজন বেদনাকাতৰ শিল্পী। শিল্পৰ প্ৰতি উন্মাদ ভালপোৱা, দুখ-যন্ত্ৰণা, সমাজৰ দ্বাৰা উপেক্ষিত এজন ব্যক্তি। মৃত্যুৰ পিছতহে মানুহে শিল্পীজনক বুজি উঠিছে। হিংসা, প্ৰতাৰণাৰে ক্ৰুছবিদ্ধ কৰাৰ পাছত যীশুৰ দৰে এখন আসনত বহুৱাইছে। জীৱনকালত কুৎসিৎ বুলি পেলাই দিয়া তেওঁৰ পেইণ্টিঙসমূহ চাই বিস্ময়বিমুগ্ধ হৈছে; গৱেষণা হৈছে। পৰৱৰ্তী সময়ত শিল্পজগতত আটাইতকৈ জনপ্ৰিয় আৰু চৰ্চিত এটা নাম হৈছেগৈ ভিনচেন্ট ভেন গঘ। ভেন গঘক লৈ বহু চিনেমাও নিৰ্মিত হৈছে।

২০১৭ চনত Dorota Kobiela আৰু Hugh Welchman ৰ পৰিচালনাত মুক্তি পাইছিল ‘Loving Vincent ‘ নামৰ বিশ্বৰ প্ৰথমখন হেণ্ড পেইন্টেড এনিমেটেড ফিচাৰ ফিল্ম। পৰৱৰ্তী ২০১৮ চনত Julian Schnabel এ নিৰ্মাণ কৰিছিল ‘ At Eternity’s Gate’ শীৰ্ষক আন এখন চলচ্চিত্ৰ। শ্নাবেল নিজেও এজন চিত্ৰশিল্পী আৰু ভেন গঘৰ অনুৰাগী। ভেন গঘৰ শিল্পসত্ত্বা, সংবেদনশীলতা, যন্ত্ৰণা, একাকীত্ব শ্নাবেলে চিত্ৰায়িত কৰিছে ‘At Eternity’s Gate’ ত। প্ৰকৃতিৰ লগত আত্মিক সংযোগৰ লগতে শিল্পৰ বাবে প্ৰকৃতি নিৰ্বাচন কৰিছিল ভেন গঘে। চিনেমাখনত প্ৰাকৃতিক দৃশ্যসমূহ এনেদৰে লোৱা হৈছে যে  শিল্পীৰ চকুৰে পৃথিৱীখন চাবলৈ দৰ্শকে সুবিধা পাইছে। মুকলি আকাশ, বিশাল পথাৰ, সেউজীয়া ধাননিৰ কাষত শিল্পীজনক দেখা পাওঁ-God is nature and nature is beauty.’ ভেন গঘে বিশ্বাস কৰিছিল যে তেওঁক ভগৱানে এই প্ৰতিভা দিছে। তেওঁ জন্মগত শিল্পী। কিন্তু এই আক্ষেপো কৰিছিল- May be He choose wrong time, may be God made me a painter for people who aren’t born yet.’

চিনেমাখনত হালধীয়া ৰঙৰ সঘন ব্যৱহাৰ হৈছে আৰু প্ৰাকৃতিক পোহৰ (সূৰ্যৰ ৰশ্মি) ব্যৱহাৰ কৰা হৈছে। অভিনেতা উইলেম ডেফো (Willem Dafoe) এ ভিনচেন্টৰ চৰিত্ৰত যি গভীৰতা আনিছে, সেয়া আশ্চৰ্যকৰ। তেওঁৰ অভিব্যক্তি, চকুৰ চাৱনি আৰু নীৰৱতাই বহু কথা কয়। ‘At eternity’s Gate’ চিনেমাখনে ভেন গঘৰ অন্তৰ্জগত, তেওঁৰ চকুৰে দেখা পৃথিৱীখন আৰু শিল্পৰ মাজৰে মুক্তিৰ প্ৰচেষ্টাক ধৰি ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *