‘পুতলা ঘৰ’ চিনেমাখনৰ কিছু অজানা কথা

Spread the love

সত্তৰৰ দশকত অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল এজন দক্ষ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱে। ১৯৭১ চনত ‘অৰণ্য’ শীৰ্ষক চলচ্চিত্ৰৰ সফলতাৰ পিছত বাল্যবিবাহক বিষয় হিচাপে লৈ ১৯৭৬ চনত সমৰেন্দ্ৰ নাৰায়ণ দেৱে নিৰ্মাণ কৰিছিল ‘পুতলা ঘৰ’ । সত্তৰৰ দশকৰ জনপ্ৰিয় চিনেমা ‘পুতলা ঘৰ’। সোণালী শৈশৱৰ পখিলা খেদা বয়সত বিবাহপাশত আবদ্ধ হোৱা বেউলা নামৰ নাৰী চৰিত্ৰৰ কোমল মনৰ অনুভূতি আৰু শৈশৱ পাৰ হৈ কৈশোৰত ভৰি দিয়া বেউলাৰ স্বামী কমলৰ মনৰ প্ৰেমৰ অণুৰণন  সুন্দৰভাৱে প্ৰকাশ পাইছে পুতলা ঘৰত।

বাল্যবিবাহৰ দৰে এক স্পৰ্শকাতৰ বিষয়বস্তুৰ কাহিনী ৰূপায়নেৰে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰিছিল সত্তৰৰ দশকৰ এখন সফল চিনেমা পুতলা ঘৰে। মৰ্মস্পৰ্শী কাহিনী আৰু গ্ৰাম্য পটভূমিত নিৰ্মিত এইখন চলচ্চিত্ৰই লাভ কৰিছিল আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজতকমল বঁটা। অভিনেত্ৰী কাশ্মিৰী শইকীয়াই পুতলা ঘৰৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিছিল ৰূপালী পৰ্দাত। এগৰাকী কিশোৰীৰ আবেগ চঞ্চলতাক অভিনয়ৰ জৰিয়তে সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হৈছিল জনপ্ৰিয় প্ৰবীণ অভিনেত্ৰী কাশ্মিৰী শইকীয়াই। বেউলাৰ স্বামী কমলৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আছিল আমিনুল হক শইকীয়া। পৰৱৰ্তী সময়ত তেওঁ ৰেল বিভাগত চাকৰি কৰিছিল। এজন অতি অন্তৰ্মুখী স্বভাৱৰ ব্যক্তি আমিনুল হক শইকীয়াৰ এইখনেই প্ৰথম আৰু শেষ ছবি আছিল। কিন্তু ৰসাল কথাটো হ’ল আমিনুল হক শইকীয়াই নিজে অভিনয় কৰা চিনেমাখন বহু বছৰলৈ চোৱা নাছিল আৰু তেওঁৰ পত্নী  আৰু সন্তানকো চাবলৈ দিয়া নাছিল।

চিনেমাখনৰ সুমধুৰ সংগীতে চিনেমাখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। কেইটামান চিৰসেউজ গীতেৰে এইখন চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল গীতিকাৰ , সংগীত পৰিচালক তফজ্জুল আলীয়ে। গীতসমূহৰ ৰেকৰ্ডিং কৰা হৈছিল কলিকতাত। অসমৰ বিশিষ্ট কণ্ঠশিল্পী দ্বিপেন বৰুৱা আৰু অণিমা চৌধুৰীয়ে চিনেমাখনৰ প্ৰায়বোৰ গীতত কণ্ঠদান কৰিছিল। আনহাতে ‘লুকা-ভাকু খেলোঁ আহা’ শীৰ্ষক এটি গীতত দ্বৈতভাৱে কণ্ঠদান কৰিছিল অণিমা চৌধুৰী আৰু প্ৰখ্যাত সঙ্গীত শিল্পী নিৰ্মলা মিশ্ৰই। নিৰ্মলা মিশ্ৰই গীতটি ওপৰ স্কেলত গোৱাৰ কথা কোৱাৰ বাবে পৰিচালকৰ সৈতে কিছু মতানৈক্যৰ সৃষ্টি হৈছিল যদিও পাছত অণিমা চৌধুৰীয়েও সেই স্কেলতে গাবলৈ মান্তি হয়।

চিনেমাখনত অভিনয় কৰিছিল তেতিয়াৰ বলিষ্ঠ অভিনেতা তছদ্দুক ইউছুফে। কমলৰ পিতৃ তথা জমিদাৰৰ চৰিত্ৰত তছদ্দুক ইউছুফে অভিনয় কৰিছিল। পত্নীৰ মৃত্যুৰ পিছত নিসংগ হৈ পৰা জমিদাৰে তেওঁৰ নিসংগতা দূৰ কৰিবলৈ মেট্ৰিক পাছ কৰা পুত্ৰ কমললৈ সেইখন গাঁৱৰে ছোৱালী বেউলাক বিয়া কৰাই আনে। কিন্তু সাংসাৰিক জীৱনৰ কোনো ধাৰণা নথকা বেউলাই মাতৃয়ে ঘৰত শিকাই পঠিওৱাৰ দৰে  স্বামীৰ শুশ্ৰূষা কৰিছে। কিন্তু বিয়াৰ কেইদিনমান পাছতে কমল উচ্চশিক্ষাৰ বাবে চহৰলৈ যাবলগীয়া হয়। কৈশোৰ হেৰুৱাৰ যন্ত্ৰণাই দহি থকা বেউলা স্বামী দূৰলৈ যোৱাৰ পাছত আৰু নিসংগ হৈ পৰে।

‘পুতলা ঘৰ’ জ্যোতি চিত্ৰবনত চিত্ৰগ্ৰহণ হোৱা প্ৰথমখন পূৰ্ণদৈৰ্ঘৰ অসমীয়া চলচ্চিত্ৰ। জ্যোতি চিত্ৰবনত কাৰিকৰী সামগ্ৰী বুলিবলৈ তেতিয়া কেৱল লাইট আৰু কেমেৰাহে আছিল। চিনেমাৰ শ্বুটিং আৰম্ভ কৰিবলৈ সমৰেন্দ্ৰ নাৰায়ণ দেৱে কাৰিকৰী সামগ্ৰী আৰু কেমেৰা পাৰ্ছন কলিকতাৰপৰা আনি এটা ছেট তৈয়াৰ কৰিছিল। প্ৰথম পৰ্যায়ত ওঠৰ দিন শ্বুটিং হৈছিল। চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল মঙ্গলদৈৰ ইউনাইটেড ক্লাবে। এই ক্লাৱে খেলা-ধূলাৰ লগতে নাট্য চৰ্চাৰ এটা পৰিৱেশ গঢ়ি তুলিছিল। সমৰেন্দ্ৰ নাৰায়ণ দেৱ ইউনাইটেড ক্লাবে প্ৰদৰ্শন কৰা নাটকৰ লগতো জড়িত আছিল। সেইসূত্ৰে তেখেতে পৰিচালনা কৰিবলৈ আগবঢ়া ‘পুতলা ঘৰ’ চিনেমাখনৰ বাবে ক্লাবৰ সদস্যবৃন্দই ৰাইজৰ পৰা বৰঙণি সংগ্ৰহ কৰি পুঁজিৰ যোগাৰ কৰি দিছিল। মঙ্গলদৈৰ দৰে এখন সৰু চহৰৰ এটা ক্লাবে গ্ৰহণ কৰা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। অসমীয়া চলচ্চিত্ৰ জগতত ‘জয়মতী’ৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ বহু চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। কিন্তু অসমীয়া চিনেমাৰ ইতিহাসত ‘পুতলা ঘৰ’ এখন ব্যতিক্ৰমী চিনেমা হিচাপে থাকি যাব। চিনেমাখনত ‘নূপুৰে মাতে ৰুণজুন’ শীৰ্ষক জ্যোতি সংগীতটোও সংযোজন কৰা হৈছিল। কণ্ঠদান কৰিছিল দ্বিপেন বৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *