‘দীপক সংঘ’ৰ অন্যতম প্ৰতিষ্ঠাপক সংগীত শিল্পী ৰিদিপ দত্ত

Spread the love

অসমৰ সংগীত জগতৰ এটি সুপৰিচিত নাম ৰিদিপ দত্ত। জন্ম হৈছিল ১৯৪৭ চনৰ ১৭ ছেপ্টেম্বৰত গুৱাহাটীত। জন্মৰ কেইদিনমানৰ আগতে মাতৃয়ে এটা সপোন দেখিছিল যে তেওঁৰ আহিবলগীয়া সন্তানটিৰ বাওঁহাতত এটি ক’লা দাগ থাকিব আৰু তেওঁ পৃথিৱীলৈ নাম-যশ কঢ়িয়াই আনিব। সকলোকে আচৰিত কৰি জন্ম হৈছিল হাতত এটি ক’লা ডাগ থকা পুত্ৰ সন্তান। পিছলৈ সংগীত ক্ষেত্ৰখনত সুপৰিচিত হৈ পৰিছিল মাতৃয়ে সপোনত দেখা এই পুত্ৰ সন্তানটি। ৰিদিপ দত্তই অসমীয়া সংগীতৰ এক নতুন ধাৰা প্ৰৱৰ্তন কৰিছিল বুলি কʼলেও ভুল নহ’ব। তেওঁ গাই যোৱা গীতসমূত যেন মাটিৰ গোন্ধ আৰু থলুৱা সুৰ মিহলি হৈ আছে। সংগীত ক্ষেত্ৰৰ লগতে অসমীয়া চিনেমা জগততো ৰিদিপ দত্তৰ বহু অৱদান আছে। সেইদিনত কেৱল গীত গাই জীৱন নিৰ্বাহ কৰিম বুলি সাহস কৰা এজন সঁচা মনৰ শিল্পী আছিল ৰিদীপ দত্ত। মন মন্দিৰ, বৰদৈচিলা, সন্তান, আই কিলড হিম ছাৰ আদি চলচ্চিত্ৰত কণ্ঠদান কৰাৰ উপৰি ‘প্ৰেম জনমে জনমে’ আৰু ‘দেৱতা’ৰ সংগীত পৰিচালনা কৰিছিল ৰিদিপ দত্তই।

অভিনেত্ৰী অমলা কটকীয়ে ৰিদীপ দত্তক পোনপ্ৰথমবাৰৰ বাবে লৈ গৈছিল আকাশবাণীলৈ। তেওঁৰ সুললিত কণ্ঠ শুনি অভিভূত হৈ পৰিছিল পুৰুষোত্তম দাস আৰু দেৱেন শৰ্মা। দেৱেন শৰ্মাই ৰিদিপ দত্তক শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। সেই পৰামৰ্শ মানি ৰিদিপ দত্তই পিছলৈ বীৰেন ফুকনৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত আৰু তেওঁ উভতি চোৱা নাই। এটাৰ পিছত আন এটা সুমধুৰ গীত অসমীয়া ৰাইজক উপহাৰ দি গৈছে। ৰিদিপ দত্তৰ প্ৰথম গ্ৰামাফোন ৰেকৰ্ড কৰা গীত আছিল ‘সাগৰিকা কিনো ক’লা’ গীতটি। এই গীতটো বাণীবদ্ধ কৰা হৈছিল এইচ এম ভি ষ্টুডিঅ’ত। জীৱনৰ প্ৰথমটো গীত বাণীবদ্ধ হোৱাৰ আনন্দতে ৰিদিপ দত্তই দহজনমান বন্ধু লগত লৈ গৈছিল। কিন্তু নিৰ্দেশক বেছি হৈ হুলস্থুলীয়া পৰিৱেশ হোৱাৰ বাবে ৰেকৰ্ডিঙত বহুবাৰ এনে জি হৈছিল। অৱশেষত ৰেকৰ্ডিষ্ট মহেশ মল্ল বুজৰবৰুৱাই নিৰুপাই হৈ বন্ধুসকলক বাহিৰত থাকিবলৈ অনুৰোধ জনাবলগীয়া হৈছিল।

মঞ্চসফল শিল্পী আছিল ৰিদীপ দত্ত। শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন মঞ্চতে গীত গাই শ্ৰুতাক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছিল। বʼহাগ বিহুৰ সময়ত কেতিয়াবা ষাঠিখনমান মঞ্চত গীত পৰিৱেশন কৰিছিল ৰিদিপ দত্তই। কিন্তু সেই হিচাপে মাননি একেবাৰে কম আছিল। উদ্যোক্তাই যি মাননি আগবঢ়াইছিল তাতে সন্তুষ্ট হৈ গীত পৰিৱেশন কৰিছিল। বাদ্যযন্ত্ৰীও আছিল একেবাৰে কম। কেৱল হাৰমনিয়াম আৰু তবলা লৈয়ে অসমৰ প্ৰতিখন মঞ্চ কঁপাই তুলিছিল। বিশিষ্ট কণ্ঠশিল্পী দ্বিপেন বৰুৱাৰ লগতো মঞ্চত একেলগে গীত পৰিৱেশন কৰিছিল ৰিদিপ দত্তই। ৰিদিপ দত্তৰ হাৰমনিয়াম বজোৱাৰ কৌশলেও সকলোকে মুগ্ধ কৰিছিল।

গুৱাহাটীৰ শীলপুখুৰী অঞ্চলত অৱস্থিত সমাজ -সাংস্কৃতিক অনুষ্ঠান ‘দীপক সংঘ’। ১৯৬০ চনত প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানৰ এজন অন্যতম পৃষ্ঠপোষক আছিল ৰিদিপ দত্ত । ‘দীপক সংঘ’ নামটোও দিছিল ৰিদিপ দত্তই। পৰৱৰ্তী সময়ত দীপক সংঘই হৈ পৰিছিল ৰিদিপ দত্তৰ সৰ্বজনবিদিত ঠিকনা। দীপক সংঘৰ বাকৰিতে অংকুৰিত আৰু বিকশিত হৈছিল ৰিদিপ দত্তৰ সংগীত জীৱন। নতুন প্ৰজন্মৰ শিল্পীসকলক উৎসাহিত কৰি দীপক সংঘৰ বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ মাতি আনিছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। আমাৰ মাজৰ পৰা অতি কম সময়তে হেৰাই গʼল ৰিদিপ দত্ত। ৰিদিপ দত্ত নাই যদিও চিৰ যুগমীয়া হৈ থাকিব ৰিদিপ দত্তই কণ্ঠ নিগৰাই যোৱা সুমধুৰ গীতসমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *