‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’

Spread the love

যুৱ প্ৰজন্মৰ পৰিচালক মহৰ্ষি তুহিন কাশ্যপ। তেওঁৰ চুটি দৈৰ্ঘ্যৰ চিনেমা ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ ২০২৩ চনৰ অস্কাৰ বঁটাৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছিল। ৰীমা দাসৰ পিছত অস্কাৰত দেশক প্ৰতিনিধিত্ব কৰা তুহিন কাশ্যপ দ্বিতীয়জন অসমীয়া। ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’চিনেমাখন নেফটা চলচ্চিত্ৰ মহোৎসৱত চাইছিলোঁ। তেতিয়াই তুহিন কাশ্যপৰ নামটো শুনিছিলোঁ।

Info Box

Click here to change this text. Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

Your Attractive Heading

মানুহৰ বিশাল মনোজগতৰ এটা অংশ তুহিনৰ ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ নামৰ ১৫ মিনিট দৈৰ্ঘ্যৰ চিনেমাখনত সোমাই আছে। সেই অংশটো হ’ল কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰন। সকলো মানুহৰে এখন কাল্পনিক জগত থাকে। তেওঁ কি, তাতকৈ গুৰুত্বপূৰ্ণ তেওঁ কি হ’ব বিচাৰে। তেওঁৰ কি আছে, তাতকৈ গুৰুত্বপূৰ্ণ তেওঁৰ কি থকাতো বিচাৰে। এই কাল্পনিক জগতখনৰ বাবেই আমি জীৱনটো ভাল পাওঁ। আশাবাদী হওঁ। ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ চিনেমাখনৰ কুশল নামৰ চৰিত্ৰটো মানুহৰ সেই কল্পনাপ্ৰৱন মনটোৰে প্ৰতিফলন। তেনে কল্পনা ব্যক্তিবিশেষে কম-বেছি হ’ব পাৰে। উদাহৰণস্বৰূপে চাৰ্ভেন্টিছৰ ডন কুইক্সট (ডন কিখ্টে ) চৰিত্ৰটো। সাধাৰণতে শিশু অৱস্থাত কল্পনাসমূহ ডন কিখ্টেৰ দৰে হয়। চিনেমাখন চাই থাকোঁতে ডন কিখ্টেৰ কথা বাৰে বাৰে মনলৈ আহিছিল। চিনেমাখনৰ শেষ অংশত কুশলে গডোক লগ পায় আৰু ঘোঁৰাৰ কাহিনী কয়। এই গডো‌ আচলতে কোন। মানৱ জীৱনৰ নিৰন্তৰ এক সন্ধান, কল্পনাৰ পিছত ৰৈ যোৱা আশা। ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ চালে আচলতে নিজৰ ভাবজগততে ঘূৰি ফুৰাৰ দৰে লাগে। তুহিন কাশ্যপৰ উপস্থাপনশৈলী শলাগিবলগীয়া।

এটা সাক্ষাৎকাৰত তুহিনে কৈছিল যে তেওঁ বাহিৰলৈ নগৈ অসমতে থাকি অসমৰ আন পৰিচালকসকলৰ সহযোগী হৈ অসমীয়া চিনেমাৰ নিউ ৱেভটো আগবঢ়াই লৈ যাব বিচাৰে। এই কথাষাৰ শুনি ভাল লাগিল। তুহিন কাশ্যপৰ দৰে প্ৰতিভাবান, সপোনসন্ধানী যুৱ প্ৰজন্মক লৈ আমি আশাবাদী।

(‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ বৰ্তমান ইউটিউবত উপলব্ধ।)

Leave a Reply

Your email address will not be published. Required fields are marked *