পূবালী ভাগৱতী
আধুনিক শিল্পকলাৰ জনক ভিনচেন্ট ভেন গঘৰ মৃত্যু এক ৰহস্য হৈ থাকি গ’ল। এই সম্পৰ্কে বিভিন্ন প্ৰবাদ প্ৰচলিত। বহুতে বিশ্বাস কৰে যে তেওঁ depression ত ভুগি আত্মহত্যা কৰিছিল। তেওঁৰ আত্মহত্যাৰ কাৰণ depression বুলিয়ে প্ৰতিপন্ন হৈ গৈছিল। কিন্তু যিজন শিল্পীৰ ছবিত প্ৰৱল জীৱনবোধ, জীৱনৰ বিভিন্ন ৰং, প্ৰকৃতিৰ ৰং গাঢ়ভাৱে ফুটি উঠিছিল, সেই শিল্পীজনক অৱসাদে ইমান সহজে কাবু কৰি পেলাব বুলিও বিশ্বাস কৰিবলৈ টান। অৱশ্যে আৰ্নেষ্ট হেমিংৱে, ভাৰ্জিনিয়া উল্ফৰ দৰে মানৱ জীৱনৰ জয়গান গাই যোৱা ব্যক্তিসকলেও আত্মহত্যাৰ পথেই বাচি লৈছিল। এই আত্মহত্যাবোৰৰ কাৰণো অৱসাদ নিশ্চয় নাছিল, আছিল আত্মসন্মানবোধ।
২০১৭ চনত Dorota Kobiela আৰু Hugh Welchman ৰ পৰিচালনাত মুক্তি পাইছিল ‘Loving Vincent ‘ নামৰ বিশ্বৰ প্ৰথমখন হেণ্ড পেইন্টেড এনিমেটেড ফিচাৰ ফিল্ম। ভেন গঘৰ জীৱনৰ শেষ সময় আৰু মৃত্যুৰ প্ৰকৃত কাৰণ যুক্তিসংগতভাৱে চিনেমাখনত পৰিচালকে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। ভেন গঘে ভাতৃ থিওলৈ লিখা চিঠি কিছুমানৰ আলমত কাহিনীটো লিখা হৈছে। এজন প্ৰকৃত শিল্পী হিচাপে ভেন গঘ খেয়ালি স্বভাৱৰ আছিল। তেওঁৰ সকলো খৰচ বহন কৰিছিল ভাতৃ থিওই। কিন্তু যেতিয়া থিওই বিয়া কৰালে, তেওঁৰ পৰিয়ালৰ দায়িত্ব আহিল তেতিয়া ভেন গঘ অনুশোচনাত ভুগিছিল। ভেন গঘ ভাতৃৰ বাবে অতিৰিক্ত বোজা হ’ব খোজা নাছিল। তাৰবাবেই তেওঁ আত্মহত্যাৰ পথ বাচি লোৱা বুলি চিনেমাখনৰ শেষৰ ফালে ডা. গ্যেচে আৰু আৰমান্দৰ মাজৰ কথোপকথনত উপস্থাপন কৰা হৈছে।
ভেন গঘে থিওলৈ লিখা শেষৰ চিঠিখনতো উল্লেখ কৰিছিল যে ছমাহৰ পৰা তেওঁ সম্পূৰ্ণ সুস্থ আৰু শান্ত অনুভৱ কৰিছে। ভেন গঘে তেওঁৰ পেটত কেনেকৈ গুলী লাগিল, ইয়াৰ কাৰণ কাকো জনোৱা নাছিল। অতি সংবেদনশীল, নিৰ্জনতাপ্ৰিয়, স্বল্পভাষী শিল্পীজনে জীৱনৰ প্ৰায় দহ বছৰ ছবি আঁকিছিল। তেওঁ অঁকা ৯০০ পেইণ্টিঙৰ মাত্ৰ এখন জীৱনকালত বিক্ৰী হৈছিল। কিন্তু মৃত্যুৰ পিছতহে মানুহে আৱিষ্কাৰ কৰিছিল ভিনচেন্ট ভেন গঘক। তেওঁৰ চিত্ৰসমূহত জীৱনৰ গান, জীৱনে কৈ যোৱা কাহিনী বিচাৰি পাইছিল।তেওঁৰ প্ৰতিখন চিত্ৰই মানৱ জীৱনৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ সন্ধান দি গৈছিল। তেওঁৰ চিত্ৰসমূহ পৃথিৱীয়ে এতিয়া উদযাপন কৰে। চিত্ৰকৰ বুলি ক’লেই প্ৰথমে মনলৈ আহে ভেন গঘ। সময়ৰ পিছত, সময়ৰ সোঁতত ভেন গঘ ৰৈ গ’ল। সৰ্বকালৰ এজন নায়ক হিচাপে। ‘Loving Vincent’ চিনেমাখনৰ বাবে ২০০ তকৈ অধিক চিত্ৰকৰে মুঠ ৬৫,০০০ পেইণ্টিং আঁকিছিল। এই কামৰ বাবে বিশখনতকৈ অধিক দেশৰ ৫০০০ চিত্ৰকৰে আৱেদন কৰিছিল। তাৰপৰা বাছনি কৰা হৈছিল ১২৫ জনক। অইল পেইণ্টিংসমূহ ভেন গঘৰ ষ্টাইলত অঁকা হৈছিল। স্ক্ৰিপ্ট আৰু ষ্ট’ৰীব’ৰ্ডিং সম্পূৰ্ণ হোৱাৰ পিছত ষ্টুডিঅ’ত অভিনয় শ্বুটিং কৰা হৈছিল। তাৰপাছত অইল পেইণ্টিং আৰু এনিমেছন পৃথককৈ সম্পন্ন কৰি সম্পূৰ্ণ চিনেমাখন কৰা হৈছিল। ভেন গঘৰ দৰে এজন মহান শিল্পীলৈ ‘Loving Vincent’ প্ৰকৃত অৰ্থত tribute বুলি ক’ব পাৰি।
