ইতি মৃণালিনী

Spread the love

পূবালী ভাগৱতী

মানুহৰ জীৱনত যিমানেই জনপ্ৰিয়তা, গ্লেমাৰ, খ্যাতি আহে এজন মানুহ সিমানেই অকলশৰীয়া হৈ গৈ থাকে। লাইমলাইট, ষ্টেটাচ মেইনটেইন কৰাৰ এটা pressure থাকে। বিশেষকৈ চিনেমা আৰু মডেলিং জগতখনত এনে গ্লেমাৰ বেছি। এই জনপ্ৰিয়তাত অভ্যস্ত হৈ পৰাৰ পিছত‌ বহু মানুহ কিদৰে হতাশাত ভুগে, ব্যক্তিগত জীৱন বিশৃংখল হৈ পৰে; তেনে বিভিন্ন কাহিনী লৈ বলীউড, হলীউডৰ লগতে বিভিন্ন প্ৰান্তত চিনেমা নিৰ্মিত হৈছে। তাৰ ভিতৰত উল্লেখ কৰিব পাৰি মধুৰ ভাণ্ডাৰকাৰৰ ফেশ্বন, পেজ থ্ৰী, হিৰʼইন; জয়া আখটাৰৰ লাক বাই চান্স(Luck by Chance) আৰু হলীউডৰ মাইকেল ক্ৰিষ্টফাৰ পৰিচালিত প্ৰথমগৰাকী ছুপাৰ মডেল জিয়া কাৰাঞ্জি(Gia Carangi)ৰ জীৱন আধাৰিত চিনেমা ‘Gia’আদি। একেধৰণৰ বিষয়বস্তুৰ অপৰ্ণা সেন পৰিচালিত বাংলা চিনেমা’ইতি মৃণালিনী’ চাইছিলোঁ কেইবছৰমান আগেয়ে। কিন্তু প্ৰায় পাহৰি গৈছিলোঁ। ইউটিউবত উপলব্ধ হোৱাৰ বাবে চিনেমাখন কেইদিনমানৰ আগতে আকৌ চালোঁ। উল্লেখ কৰা আন কেইখন চিনেমা আৰু ‘ইতি মৃণালিনী’ৰ মাজত যথেষ্ট পাৰ্থক্য আছে। পাৰ্থক্যটো অপৰ্ণা সেনৰ কাহিনী কোৱাৰ ধৰণ আৰু নিৰ্মাণশৈলীত দেখা যায়। অপৰ্ণা সেন, ঋতুপৰ্ণ ঘোষ আদি পৰিচালকৰ চিনেমাত সাহিত্য আৰু ৰবীন্দ্ৰ সংগীতৰ বহুল প্ৰয়োগ দেখা যায়। নায়ক, নায়িকা সাহিত্যপ্ৰেমী হয়, কবিতা ভাল পায় আৰু ৰবীন্দ্ৰ সংগীতৰ অনুৰাগী হয়। সত্যজিৎ ৰায়, ঋত্বিক ঘটক আদি মহান পৰিচালকসকলৰ কথা কʼবই নালাগে। মুঠতে বাংলা চিনেমাত সাহিত্য আৰু ৰবীন্দ্ৰ সংগীতৰ পয়োভৰ থাকে বুলি ক’ব পাৰি। ‘ইতি মৃণালিনী’ ত সুনীল গঙ্গোপাধ্যায়ৰ ‘স্মৃতিৰ চহৰ’ শীৰ্ষক এটা কবিতা প্ৰথমবাৰৰ কাৰণে গীত কৰা হৈছে। নায়িকাৰ মুখত কবিতাটোৰ আবৃত্তি শুনা গৈছে-

আমাকে টান মাৰে ৰাত্রি জাগানো দিন,

আমাকে টানে গূঢ় অন্ধকাৰ

আমাৰ ঘুম ভেঙ্গে…পিছৰখিনি পাহৰি  নায়িকাই কবিতা পুথিখন হাতত লৈ স্মৃতি ৰোমন্থন কৰে। আন এটা দৃশ্যত অভিনেত্ৰী নায়িকাই তেওঁৰ সাহিত্যিক বন্ধুৰ সৈতে পাঠ কৰে ডব্লিউ. বি. য়েটছৰ সৌন্দৰ্য বিষয়ক জনপ্ৰিয় কবিতা ‘When you are old’ৰ পংক্তি-

‘how many loved your moments of glad grace,

and loved your beauty with love false or true,

but one man loved the pilgrim soul in you,

and loved the sorrows of your changing face.’

দুদিনমানৰ আগতে ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে ফেচবুকত এটা পষ্ট দিয়া দেখিছিলোঁ যে‌ চিনেমা আৰু গানৰ লগত জড়িত ব্যক্তিসকলে কিতাপৰ কথা কিয় নাপাতে অথবা কিতাপ এখন প্ৰচাৰ নকৰে। এনে ধৰণৰ প্ৰশ্ন পশ্চিমবংগৰ লেখকসকলে নিশ্চয় কৰিবলগীয়া নহয়। সাহিত্য, নাটক, চিনেমা, গান তেওঁলোকে সমানে চৰ্চা কৰে। ইটো-সিটোৰ পৰিপূৰক বুলি বিশ্বাস কৰে। ‘ইতি মৃণালিনী’চিনেমাখনৰ নায়িকা অভিনেত্ৰী হ’লেও এগৰাকী সাহিত্যনুৰাগী।

তেওঁৰ চাৰিজন প্ৰেমিকৰ এজন দাক্ষিণাত্যৰ(মালায়ালম)লেখক। জীৱনত খ্যাতি, সন্মান, ঐশ্বৰ্য সকলো পোৱাৰ পিছতো বয়স আৰু সময়ৰ লগে লগে তেওঁ অকলশৰীয়া হৈ পৰে। প্ৰেমিকসকলো একোটা ঋতুৰ দৰে আহি গুচি যায়। প্ৰচণ্ড হতাশাত ভুগি তেওঁ জীৱনৰ পৰা পলায়নৰ সিদ্ধান্ত লয় আৰু এখন চিঠি লিখে এনেদৰে- অভিনেত্ৰী জীৱনৰ প্ৰথম শিক্ষা টাইমিং। ৰংগ মঞ্চত প্ৰৱেশ আৰু প্ৰস্থানৰ সঠিক মুহূৰ্ত। মঞ্চত প্ৰৱেশৰ সময় মোৰ হাতত নাছিল। কিন্তু প্ৰস্থানৰতো আছে। এই অনিশ্চিত জীৱনত এই অধিকাৰকণ মোৰ হাততেই থাকক। মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়। স্বেচ্ছাই মই এই জীৱনৰ পৰা মেলানি মাগিব খুজিছোঁ। ইয়াৰ বাবে কাকো কৈফিয়ৎ দিয়াৰ প্ৰয়োজনবোধ কৰা নাই। মোৰ সকলো সম্পত্তি কৰ্মচাৰীসকলৰ বাবে ৰাখি গৈছোঁ। মোৰ শৰীৰো চিকিৎসা মহাবিদ্যালয়ত দান কৰি গৈছোঁ। চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ কামত মোৰ শৰীৰ কামত আহিলে মোৰ আত্মাই তৃপ্তি পাব। পুনশ্চ: মোৰ মৃত্যুৰ পিছত যেন কোনো শ্ৰাদ্ধ বিধি, স্মৃতিচাৰণ সভা আদি অনুষ্ঠিত কৰা নহয়। মোৰ বিষয়ে কোনো লেখা যেন কাকত -আলোচনীত প্ৰকাশ নাপায়। গোটেই জীৱন যিগৰাকী ব্যক্তি সংবাদ মাধ্যমৰ চিকাৰ হ’বলগীয়া হʼল, মৃত্যুৰ পিছত অন্ততঃ তেওঁ তাৰপৰা মুক্তি বিচাৰিছে। মোৰ এই অন্তিম ইচ্ছাটো ৰক্ষা কৰিলেই মোৰ প্ৰতি সঁচা অৰ্থত শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব। ইতি, মৃণালিনী মিত্ৰ।’

মৃণালিনী মিত্ৰ চৰিত্ৰটোত যৌৱন কালৰ সময়চোৱাৰ অভিনয় কৰিছে কংকনা সেন শৰ্মাই আৰু প্ৰৌঢ় সময়ছোৱাৰ অভিনয় অপৰ্ণা সেনে নিজে কৰিছে। মাতৃ-কন্যাৰ কথন, অংগী-ভংগীৰ বহুখিনি সাদৃশ্য আছে কাৰণে চৰিত্ৰ দুটাত বিশেষ পাৰ্থক্য পৰিলক্ষিত হোৱা নাই। একেগৰাকী ব্যক্তিৰে জীৱনৰ দোছোৱা সময় যেন লাগিছে। অপৰ্ণা সেনে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ ওচৰত ইয়াৰ বাহিৰে আন কোনো উপায় (choice) নাছিল। কাৰণ অভিনয় জনা আৰু সাদৃশ্য থকা দুগৰাকী অভিনেত্ৰী বিচাৰি উলিওৱা ইমান সহজ নহয়।  কংকনা সেন শৰ্মাইও আন এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ মাতৃয়ে অফাৰ কৰা কাৰণেহে মৃণালিনী চৰিত্ৰটোত অভিনয় কৰিছে। অন্যথা অভিনয়ৰ ক্ষেত্ৰত তেওঁ খুব ছিলেক্টিভ।

আগতে উল্লেখ কৰা ফেশ্বন, পেজ থ্ৰী, লাক বাই চান্স চিনেমাকেইখনত কংকনা সেন শৰ্মাই ছাইড ৰ’লত অভিনয় কৰিছে। আনহাতে, মৃণালিনীৰ প্ৰথমজন প্ৰেমিক তথা স্বামীৰ চৰিত্ৰত অভিনয় কৰিছে এতিয়াৰ প্ৰবীণ অভিনেতা ৰজত কাপুৰে। ‘ইতি মৃণালিনী ‘ শীৰ্ষক ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এটা গল্পও আছে যিটো গল্পৰ আধাৰত নাট্যকাৰ ৰবিজিতা গগৈয়ে এখন সুন্দৰ নাটক পৰিচালনা কৰি বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি আহিছে। কিন্তু চিনেমাখন সেই গল্পটোৰ আধাৰত নিৰ্মিত হোৱা নাই। ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে অপৰ্না সেন আৰু চিনেমাখনত সহ পৰিচালক হিচাপে কাম কৰা ৰঞ্জন ঘোষে। বৰ্তমান চিত্ৰনাট্যকাৰ, পৰিচালক হিচাপে পৰিচিত ৰঞ্জন ঘোষ তেতিয়া ফিল্ম স্কুল এখনৰ ছাত্ৰ আছিল। দুয়োজনে মিলি পূৰ্বৰ কনচেপ্ট এটা বহলাই লৈ গৈছিল।

‘ইতি মৃণালিনী’ মুক্তি লাভ কৰিছিল ২০১১ চনত।

Leave a Reply

Your email address will not be published. Required fields are marked *