অৱশেষত নিজে লিখা গীত গাই গুছি গ’ল গায়ত্ৰী হাজৰিকা

Spread the love

(প্ৰয়াত কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ সৈতে বিভিন্ন সময়ত হোৱা কথোপকথনৰ এক সম্পাদিত ৰূপ)

পূবালী ভাগৱতী: হোমেন বৰগোহাঞিদেৱৰ লগত আপোনাৰ সাক্ষাৎকাৰটো চালোঁ। খুব ভাল লাগিল।

গায়ত্ৰী হাজৰিকা: কি কʼম পূবালী, মোৰ জীৱনৰ স্মৰণীয় দিন। তেনে এজন ব্যক্তিয়ে যে মোৰ সাক্ষাৎকাৰ ল’ব ভবা নাছিলোঁ। বৰ ভয়ো লাগিছিল জানানে। কিন্তু হৈ গ’ল কিবাকে।

পূবালী ভাগৱতী: আপোনাৰ ফেচবুকৰ কভাৰ আপডেটটোৰ শাৰীকেইটা মোৰো ভাল লাগে-‘যিবোৰ মানুহে নন্ কনফাৰ্মিষ্ট জীৱন যাপন কৰে, অৰ্থাৎ সমাজৰ অনুমোদিত পথ পৰিহাৰ কৰি নিজৰ জীৱনৰ বাট নিজে কাটি লয়, তেনেকুৱা মানুহৰ বিষয়ে সমাজত নানা কাল্পনিক কাহিনী প্ৰচাৰিত হয়। সমাজৰ অনুমোদনক গুৰুত্ব নিদি সমাজৰ চকুত তেওঁ যি অপৰাধ কৰে, সেই অপৰাধৰ কাৰণে সমাজে তেওঁক শাস্তি দিয়ে তেওঁৰ বিষয়ে নানা কাল্পনিক আৰু অতিৰঞ্জিত কাহিনীৰ সৃষ্টি কৰি।’ একেবাৰে সঁচা কথা।

গায়ত্ৰী হাজৰিকা: মই নিয়ম ভংগ কৰা মানুহ নহয়। কিন্তু বৰ নিয়মো ভাল নাপাওঁ। এদিন মনটো বেয়া লাগি আছিল মাজনিশা ১২.৪৫ মান বজাত কি মন গ’ল গুচি গʼলোঁ মাজুলীলৈ। পুৱা ৯ বজাত ফেৰীত উঠি মাজুলী পালোগৈ। কিহে মোক টানি নিলে ক’ব নোৱাৰোঁ। সত্ৰবোৰ দৰ্শন কৰিলোঁ। একেবাৰে শান্তিৰ পৰিৱেশ। সেই শান্তি যেন ভিতৰলৈকে সোমাই গ’ল।

পূবালী ভাগৱতী – আপুনি নামঘৰো খুব দৰ্শন কৰে।কামাখ্যা মন্দিৰো প্ৰায় দৰ্শন কৰে। কি বিচাৰি যায়?

গায়ত্ৰী হাজৰিকা – শান্তি। মই শান্তি বিচাৰি ঘূৰি ফুৰো। একেবাৰে ভগৱান ভক্ত নহয় কিন্তু। মনৰ মাজতে ভগৱান থাকে বুলিয়ে ভাবোঁ। সেই পৰিৱেশ বিলাকত কিবা এটা positive energy আৰু খুব শান্তি পোৱা যায়। মোক তুমি natural place বিলাকতো দেখিছা নিশ্চয়। প্ৰকৃতিও মই খুব ভাল পাওঁ। সময় পালেই মুঠতে গুচি যাওঁ।

পূবালী ভাগৱতী: আপুনি নিজে ড্ৰাইভ কৰিব পাৰে। সেইটোও এটা সুবিধা।

গায়ত্ৰী হাজৰিকা: সেইটো বহুত সুবিধা। আৰু এটা কথা ক’ব লাগিব এখেত(স্বামী প্ৰশান্ত হাজৰিকা)ৰ কʼতো আপত্তি নাই। মোৰ সকলো কামতে support পাইছোঁ। তেওঁ নিজক লৈ ব্যস্ত মানুহ। আৰু ইহঁতকেইটা (দুজন পুত্ৰ) ডাঙৰ হৈ আহিছে যেতিয়া দায়িত্ব ল’ব পৰা হৈছে।

পূবালী ভাগৱতী: আৰু এটা পৰিৱেশত আপোনাক বেছিকৈ দেখোঁ। সংগীত চৰ্চা। একান্তমনে গান গাই থকা।

গায়ত্ৰী হাজৰিকা: ওম। সেইটো হয়। সংগীতৰ মাজতেই মই নিজক বিচাৰি পাওঁ। কেতিয়াও ৰেৱাজ নকৰাকৈ নাথাকো। বেলেগ কাম কৰি থাকিলেও গান এটা শুনি নাইবা গুণগুণাই থাকোঁ। মুঠতে সংগীত নহ’লে মই থাকিব নোৱাৰোঁ।

পূবালী ভাগৱতী: এই ক্ষেত্ৰত আপুনি এতিয়া বহু কাম কৰিও আছে।

গায়ত্ৰী হাজৰিকা: অলপ কৰিছোঁ। ‘সংগীত জেউতি’ৰ কথা জানাই। স্কুলখন চলাই আছোঁ আৰু ‘সংগীত প্ৰদীপ’ নামৰ অনুষ্ঠান এটা বছৰি পাতি আহিছোঁ।

পূবালী ভাগৱতী: ‘সংগীত প্ৰদীপ’ কেতিয়া আৰম্ভ কৰিলে।

গায়ত্ৰী হাজৰিকা: এইবাৰ দুবছৰ হৈছে। এইটো শাস্ত্ৰীয়, লঘু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। ইয়াৰ লগতে আমি সম্বৰ্ধনা অনুষ্ঠান পাতোঁ। অনুষ্ঠানটোত নয়ন প্ৰসাদ, দেৱপ্ৰসাদ মিশ্ৰ, মোৰ মিষ্টাৰ(প্ৰশান্ত হাজৰিকা) আছে। অলপতে ড. বীৰেন্দ্ৰ নাথ দত্ত ছাৰৰ গীতৰ কৰ্মশালাও পাতিলোঁ। মোৰ কথা হ’ল উঠি অহা ল’ৰা-ছোৱালীবোৰে সংগীতৰ এটা পৰিৱেশ পাব লাগে। সংগীতৰ চৰ্চা হৈ থাকিব লাগে। কলকাতাত এইবোৰ ঘৰে ঘৰে দেখিবা। আমাৰ ইয়াত অলপ হ’লেও যদি হয়। অৱশ্যে টকা পইচাৰ কথাও থাকে। চলি থাকিব আৰু এনেকৈ।

পূবালী ভাগৱতী: আপুনি এতিয়ালৈ চিনেমাতো গান গালে। ৰত্নাকৰৰ ‘ৰাতি ৰাতি’ গীতটো মানুহে ভাল পাইছে। কিন্তু আপোনাৰ ‘আইডেন্টিটি’ হৈ থাকিল কিন্তু ‘সৰাপাতে’। ফাগুন আহিলে গায়ত্ৰী হাজৰিকালৈ মনত পৰে।

গায়ত্ৰী হাজৰিকা: সঁচাকৈ চোৱাচোন কʼত ক্লিক হয় কোনেও ক’ব নোৱাৰে। এই গানটোৱে এনেকৈ লৈ যাব বুলি একেবাৰে ভবা নাছিলোঁ। ইয়াৰ ক্ৰেডিট মই অকলে ল’ব নোৱাৰোঁ। কাজল দা (বিশিষ্ট গীতিকাৰ, সুৰকাৰ কাজল শৰ্মা) আৰু ৰূপম তালুকদাৰক ধন্যবাদ দিবই লাগিব। ইমান ধুনীয়া গান এটাৰ সৃষ্টি কৰি দিলে। দুয়োজন ক্ৰিয়েটিভ মানুহ।

পূবালী ভাগৱতী: কিন্তু আপোনাৰ গায়কীকো ক্ৰেডিট দিব লাগিব। আপুনি নাগাই যদি আনে গালেহেঁতেন, কিজানি ইমান পপুলাৰ নহʼলহেঁতেন।

গায়ত্ৰী হাজৰিকা: ভাল কথা কৈছা। সেইটো নাজানো দেই। এয়া মোৰ ভাগ্য বুলি ক’ব লাগিব। আৰু জিৰণি বাইদেউ (বিশিষ্ট কণ্ঠশিল্পী মনজ্যোৎস্না মহন্ত গোস্বামী)কো ধন্যবাদ দিব লাগিব। তেখেতেই কাজলদাৰ লগত চিনাকি কৰি দিছিল।

পূবালী ভাগৱতী: সঁচাকৈয়ে গীত এটাৰ আঁৰতো বহুলোক থাকে। যেনেকৈ চিনেমা এখনত।

গায়ত্ৰী হাজৰিকা: একদম। গীত এটা এজন মানুহৰ দ্বাৰা সম্ভৱেই নহয়। ইয়াত কথা, সুৰ, সংগীতৰ কিমান অৰিহণা থাকে। ক’ৰবাত খেলিমেলি হ’লেই চব শেষ। আজিকালি বহুতে নিজে গীত লিখে, সুৰ কৰে, গায়, ভিডিঅ’ ও কৰে। ভালেই কৰে। পইচা বাচে আৰু।

পূবালী ভাগৱতী: তেনে গীতবোৰ ক্ষণস্থায়ী। দুদিনমান ভাল লাগে। আপুনি গোৱা হীৰেন ভট্টাচাৰ্যৰ গানকেইটা মানুহে কম শুনিছে। কিন্তু বহু উন্নত মানৰ গীত সেইকেইটা।

গায়ত্ৰী হাজৰিকা: হীৰুদাৰ শব্দৰ কথাই বেলেগ। সেইকেইটা গীতৰ সুৰ আৰু সংগীতো ভাল হৈছিল। তেখেতৰ আৰু এটা গীত কৰিলোঁ ‘তুমি আহিবা বুলি দুৱাৰ থʼলো খুলি।’ সুৰ কাজলদাৰ, সংগীত সৌৰভ(সৌৰভ মহন্ত)ৰ।

পূবালী ভাগৱতী: আপুনি আজিকালি কবিতাও লিখে মাজে সময়ে। ফেচবুকত পাই থাকোঁ।

গায়ত্ৰী হাজৰিকা: ভাল কথা কৈছা। তোমালোকহে লিখা মানুহ। কিন্তু লিখিবলৈ খুব মন যায় জানানে। শব্দই বিচাৰি নাপাওঁ। মই নিজে লিখা গীত এটা গাবলৈ খুব ইচ্ছা আছে। কেতিয়া হয়গৈ নাজানো।

সংযোজন: যোৱা তিনি বছৰমান গায়ত্ৰী হাজৰিকাৰ লগত যোগাযোগ কম আছিল। দৃঢ়মনা গায়ত্ৰী হাজৰিকাই নিজে লিখা গীত সঁচাকৈয়ে গালে। ঝুলন কৃষ্ণ মহন্ত পৰিচালিত ‘সুন্দৰপুৰ কেঅছ’ চিনেমাত গায়ত্ৰী হাজৰিকাই নিজে লিখা ‘কিয় জানো আজি’ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে। চিনেমাখনৰ দুজন প্ৰযোজকৰ এগৰাকী গায়ত্ৰী হাজৰিকা। সাংস্কৃতিক ক্ষেত্ৰখনত সদায় কিবা এটা কৰাৰ হেঁপাহ পুহি ৰাখিছিল গায়ত্ৰী হাজৰিকাই। তেওঁৰ সেই হেঁপাহ কিছু পৰিমাণে পূৰণো হৈছিল। যতীন বৰা পৰিচালিত ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’, জয়ন্ত নাথৰ ‘ৱাইড এংগল’, জয়ন্ত গোস্বামীৰ ‘গোবৰ্ধন চৰিত’, কিশোৰ দাসৰ ‘দাদা তুমি দুষ্ট বৰ’, ঝুলন কৃষ্ণ মহন্তৰ ‘সুন্দৰপুৰ কেঅছ’ শীৰ্ষক চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত পৰিৱেশন কৰিছিল।

অতি কম সময়তে গায়ত্ৰী হাজৰিকাই সংগীত জগতখনত বহু কাম কৰাৰ সমান্তৰালভাৱে শ্ৰোতাৰ মৰম, সন্মান আৰু বঁটা লাভ কৰিছিল। শেহতীয়াকৈ অসমীয়া চলচ্চিত্ৰ ‘ৱাইড এংগল’ত পাৰ্শ্ব গায়িকা হিচাপে কণ্ঠদানৰ বাবে নিপন গোস্বামী বঁটা আৰু প্ৰাগ্ চিনে এৱাৰ্ড লাভ কৰিছল। ২০১৮ চনত গায়ত্ৰী হাজৰিকাৰ ‘সুৰৰ আৱেশেৰে’ শ্ৰব্য চি ডিখন উন্মোচন কৰি প্ৰয়াত কণ্ঠশিল্পী, গীতিকাৰ ড. লক্ষ্যহীৰা দাসে মন্তব্য কৰিছিল – গায়ত্ৰী এগৰাকী প্ৰতিভাবান, দৰদী কণ্ঠশিল্পী যি সংগীত জগতত গ্লেমাৰৰ বাবে দৌৰা-দৌৰি কৰা নাই। লাহে-ধীৰে দায়িত্ব সহকাৰে খোজ দিছে।’ সঁচাকৈয়ে গায়ত্ৰী হাজৰিকাই গ্লেমাৰৰ পিছত দৌৰা-দৌৰি নকৰাকৈ নিষ্ঠাৰে সংগীত সাধনা কৰি গ’ল। তেওঁ গাই যোৱা আধুনিক গীতসমূহত শাস্ত্ৰীয়শৈলীৰ প্ৰভাৱ আছে। সেয়ে প্ৰতিটো গীতেই সুমধুৰ আৰু স্বকীয়। সংখ্যাত তাকৰ হ’লেও তেওঁ গোৱা গীতসমূহ গুণগত মানৰ। অতি কম সময়তে গায়ত্ৰী হাজৰিকা আমাৰ মাজৰ পৰা গুছি গʼলেও গীতৰ মাজেৰে তেওঁ জীয়াই থাকিব। তেওঁৰ শুভাকাংক্ষীসকলৰ এটা দায়িত্ব গায়ত্ৰী হাজৰিকাৰ প্ৰতিটো গীত চৰ্চা কৰি জীয়াই ৰখা। কায়িকভাৱে নাথাকিলেও গায়ত্ৰী হাজৰিকা স্বকীয় গায়নশৈলীৰে শ্ৰোতাৰ হৃদয়ত একক আৰু অনন্য হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *