সকলো ধৰ্ষিতা অনন্যাৰ বাবে হাজাৰ বছৰৰ অপেক্ষা!

Spread the love

পূবালী ভাগৱতী

বাংলা চিনেমা জগতত এটা উল্লেখযোগ্য নাম শতৰূপা সান্যাল। কেৱল চিনেমা পৰিচালকেই নহয়, একেৰাহে অভিনেত্ৰী, প্ৰযোজক, কবি, সমাজকৰ্মী আৰু সংগীতশিল্পী। বহু প্ৰতিভাসম্পন্ন এইগৰাকী পৰিচালকে তেওঁৰ প্ৰায়বোৰ চিনেমাৰ কাহিনী, চিত্ৰনাট্য, গীতৰ কথা নিজে লিখে। শাস্ত্ৰীয় সংগীতৰ শিক্ষা লোৱাৰ লগতে ৰবীন্দ্ৰ সংগীততো তেওঁৰ দখল আছে। তেওঁৰ চিনেমাসমূহত ৰবীন্দ্ৰ সংগীতৰ প্ৰভাৱ দেখা যায়। ১৯৯৮ চনত তেওঁ স্বাধীনভাৱে পৰিচালনা কৰা প্ৰথমখন চিনেমা আছিল ‘অনু’। কাহিনী, চিত্ৰনাট্য, সংগীত তেওঁৰ নিজা। পৰিচালকগৰাকীৰ প্ৰথমখন চিনেমাত এটা ফেমিনিষ্ট আদৰ্শ দেখিবলৈ পোৱা যায়। ‘অনু’ৰ জৰিয়তে তেওঁ পুৰুষশাসিত সমাজখনক এক শক্তিশালী প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিছে। ইয়াৰ লগতে তেওঁ পুৰুষৰ মানবীয়তাকো প্ৰাধান্য দিছে। দুটা পুৰুষ চৰিত্ৰ দুই ধৰণে উপস্থাপন কৰিছে। চিনেমাখনৰ আলোচনা কৰিবলগীয়া বিষয়টো হ’ল ইয়াৰ কাহিনী আৰু সংলাপ যাৰ জৰিয়তে পৰিচালকে সমাজখনলৈ কিছুমান বক্তব্য আগবঢ়াইছে।


অনন্যাৰ প্ৰেমিক সুগত’ (Sugoto) এজন প্ৰগতিশীল চিন্তাৰ পুৰুষ। এটা দিশৰ পৰা ফেমিনিষ্ট। নক্সালবাদী আন্দোলনৰ এজন নেতা হিচাপে বিপ্লৱী চিন্তাধাৰাৰ লোক। অনন্যাই কেতিয়াও নভৱা কিছুমান কথা চিন্তা কৰিবলৈ সুগতই শিকাইছিল। পুৰুষতন্ত্ৰক তেওঁ মানি লোৱা নাছিল। অনন্যাৰ বান্ধৱীয়ে বিবাহৰ পিছত যেতিয়া সংগীত সাধনা এৰি দিয়া বুলি কৈছিল তাৰ উত্তৰত সুগতই কৈছিল-গান শিকা, লেখা-পঢ়া, খেলা-ধূলা, এইবোৰৰ লগত বিবাহৰ কি সম্পৰ্ক। পুৰুষেটো এনে ত্যাগ কৰাৰ প্ৰয়োজন নহয়। অনন্যাই যুক্তি দিয়ে যে পুৰুষসকলে আয় কৰে। সেই কাৰণে নকৰে। সুগতই এই যুক্তিৰ প্ৰতিবাদ কৰি কয়-সেইকাৰণেই তেওঁলোক প্ৰভু নেকি। পুৰুষতান্ত্ৰিক সমাজত এয়াই ৰাজনীতি। নাৰীক আগবাঢ়ি যোৱাত বাধা দিয়া, স্বাধীন হোৱাত বাধা প্ৰদান কৰা, এইবোৰেই ৰাজনীতি। এই যে ৰূপচৰ্চা, শৰীৰক ইমান প্ৰাধান্য দিয়া এইবোৰেইটো মানুহক বস্তুবাদী কৰি তোলে, আত্মকেন্দ্ৰিক কৰি তোলে, সমাজৰ ৰীতি-নীতিৰ দাস কৰি ৰাখে। এয়াও একধৰণৰ ৰাজনীতি। মানুহে জীৱন এবাৰেই লাভ কৰে। তেন্তে কিয় আনৰ দাসত্ব গ্ৰহণ কৰিব। নিজৰ মুক্তিৰ কথা নাভাবিব। ভাবি চোৱা। ইয়াৰ প্ৰতিবাদ কিন্তু নাৰীয়েই কৰিব লাগিব।

নাৰীয়ে অলংকাৰ পৰিধান কৰা কথাতো সকলো পুৰুষেই ভাল পায়। কিন্তু অনন্যাই যেতিয়া ভৰিত নূপুৰ (পায়েল) পিন্ধি সুগতৰ মন ভাল লগাবলৈ চেষ্টা কৰিছিল, সুগতই সজোৰে প্ৰতিবাদ কৰি কৈছিল-এয়া পৰাধীনতাৰ শিকলি যি শিকলি নাৰীয়ে বহু যুগৰ আগতেই পিন্ধিছিল। এয়া তাৰেই চিন। এই যে বিয়াৰ পিছত আমাৰ মহিলাসকলে লোহাৰ খাড়ু পিন্ধে এয়া আন এক শিকলি। মহিলাসকলেহে এই পৰাধীনতাৰ চিহ্নসমূহ পিন্ধিব লাগে। তুমি জানানে বিবাহিত মহিলাই কিয় সেন্দুৰ লয়। এই প্ৰশ্নৰ উত্তৰত অনন্যাই খুব সহজভাৱে কয়-তেওঁলোকক দেখিবলৈ ধুনীয়া লাগে, সেয়ে লয়। তেতিয়া সুগতই প্ৰশ্ন কৰে বিবাহিত পুৰুষে তেতিয়াহ’লে তেনেধৰণৰ ফোট কিয় নলয়। শুনা তাৰ অৰ্থ হ’ল নাৰীগৰাকীক এটা চিন দি দিয়া যে নাৰীগৰাকী এতিয়া কোনো মালিকৰ। এজন মালিকৰ ভোগৰ সামগ্ৰী। অতীজতে কোনো গোষ্ঠীয়ে এগৰাকী নাৰীক তেওঁলোকৰ ভোগৰ সামগ্ৰী বুলি প্ৰমাণ কৰিবলৈ কপালত ডাগ কাটি চিন দিছিল। সেন্দুৰ তাৰেই ৰূপান্তৰ। নাৰী শৰীৰৰ বাহিৰে একো নহয়। যেনেকৈ আচবাব-পত্ৰ, পণ্য, commodity.

এনে এক স্বাধীন সমাজৰ সপোনৰ কথা কৈছিল সুগতই। যি অনন্যাই শিক্ষকতা বৃত্তিৰে এগৰাকী সাধাৰণ নাৰীৰ দৰেই চিন্তা-চৰ্চা কৰিছিল। পুৰুষতন্ত্ৰক মানি লৈছিল, ৰাজনীতি বেয়া পাইছিল, সেই অনন্যাক সুগতই বুজাইছিল নাৰীৰ স্বাধীনতা কি, ৰাজনীতি কি, প্ৰতিবাদ কিয় কৰিব লাগে। প্ৰগতিশীলতাৰ পাঠ পঢ়োৱা সুগতই কিন্তু অনন্যাৰ ক্ষেত্ৰত প্ৰগতিশীল চিন্তা কৰিব নোৱাৰিলে। নাৰীক মানুহ হিচাপে চোৱাৰ এখন সমাজৰ সপোন দেখা সুগতই অনন্যাক গণ্য কৰিলে এটা ধৰ্ষিত শৰীৰ হিচাপে! সাত-আঠজন পুৰুষে দলৱদ্ধভাৱে ভোগ কৰা এটা মাত্ৰ পেলনীয়া শৰীৰ! সেয়ে আঠবছৰৰ পিছত পুণৰ মিলন আৰু বিবাহৰ পিছতো অনন্যাৰ লগত শাৰিৰীক সম্পৰ্ক কৰিব নোৱাৰিলে সুগতই। কিন্তু এই ত্যাগ অনন্যাই কৰিবলগীয়া হ’ল কেৱল সুগতৰ বাবে। আন্দোলনবিৰোধী কেইজনমান যুৱকৰ পৰা সুগতক বচাবলৈ যাওঁতে তেওঁ ধৰ্ষণৰ বলি হ’ব লগা হ’ল। নিজৰ শৰীৰৰ বিনিময়তো সুগতৰ সন্ধান তেওঁ নিদিলে। আঠ বছৰ কেৱল সুগতৰ বাবেই অপেক্ষা কৰিলে। যদিও তেওঁ ঘূৰি অহা-নহাৰ নিশ্চয়তা নাছিল। আঠবছৰ কাৰাবন্দীত্বৰ পিছত ঘূৰি আহোঁতে অনন্যাই সকলো ফালৰ পৰা তেওঁৰ মনৰ পুৰষজনক সুখী কৰিবলৈ চেষ্টা কৰিলে। বিনিময়ত তেওঁৰ পৰাওঁ অলপ প্ৰেম বিচাৰিছিল। কিন্তু অনন্যাৰ ধৰ্ষিত শৰীৰৰ ক্ষত-বিক্ষতবোৰে সুগতক সুখী কৰিব নোৱাৰিলে। তেওঁৰ বাবে অনন্যা এটা শৰীৰ হৈয়ে থাকিল। আঠজন পুৰুষে ভোগ কৰা এটা শৰীৰ! অনন্যাই ভাবিছিল যে বহুদিন জে’লত থকাৰ বাবে তেওঁৰ শাৰীৰিক-মানসিক কিছু পৰিৱৰ্তন ঘটিছে। সেয়ে এজন মনোৰোগ চিকিৎসকৰ ওচৰলৈ গৈ সুগতৰ সমস্যা আৰু সমাধানৰ কথা আলোচনা কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ এই সমস্যাৰ কাৰণ বিচাৰি পালে সুগতৰ ডায়েৰীত। য’ত সুগতৰ মনত থকা অনুশোচনাবোধৰ কথাবোৰ লিখা আছিল। ডায়েৰীত লিখা আছিল- অনন্যাৰ ভালপোৱাৰ লগত তেওঁ অন্যায় কৰিছে। কিন্তু তেওঁ উপায়হীন। আন পুৰুষে ভোগ কৰা উচ্চিষ্ট শৰীৰটো তেওঁ কিদৰে গ্ৰহণ কৰিব।এই শৰীৰৰ দাগবোৰ দেখিলে ঘৃণাত বমি ভাৱ আহে।কিছুমান জানোৱাৰে দলবদ্ধভাৱে ভোগ কৰিছে এই শৰীৰ। আজি মাত্ৰ জীয়াই থকাৰ তাগিদাত এই শৰীৰ কেনেকৈ গ্ৰহণ কৰিব। সেইখিনি কথা পঢ়াৰ পিছত সুগতৰ প্ৰতি থকা অনন্যাৰ অবাধ ভালপোৱা, আস্থা, বিশ্বাসবোৰ খহি পৰিছিল। যি সুগতই অনন্যাক নাৰীতকৈ মানুহ বুলি ভাবিবলৈ শিকাইছিল। নাৰী মুক্তিৰ কথা কৈছিল। সেই সুগতৰ বাবেই অনন্যা অৱশেষত হৈ পৰিল এটা মাত্ৰ ধৰ্ষিত শৰীৰ!

চিনেমাখনৰ শেষত অনন্যাৰ মাজত এটা প্ৰতিবাদী সত্তা উপস্থাপন কৰিছে পৰিচালকে। চিনেমাখনৰ কাহিনী বিপ্লৱী, প্ৰগতিশীল সুগতৰ পৰা সাহসী অনন্যালৈ এক ৰূপান্তৰ। প্ৰতিবাদী অনন্যাৰ সংলাপ-মোৰ সুগতই সেই সমাজৰ সপোন দেখে য’ত নাৰী মানুহ, commodity নহয়। সেই সপোনৰ বীজ তেওঁ মোৰ মাজত ৰোপণ কৰিব বিচাৰিছিল। তেওঁ কৈছিল স্বাধীন সমাজ পাবলৈ তিনিটা পাহাৰ বগাব লাগিব। এটা সামন্ততন্ত্ৰৰ, এটা সাম্ৰাজ্যবাদৰ আৰু শেষৰটো হ’ল পুৰুষৰ প্ৰভুত্বৰ। মই অপেক্ষা কৰিম মোৰ সুগতৰ বাবে। হাজাৰ বছৰ অপেক্ষা কৰিম। কিন্তু অনন্যাক আৰু ধৰ্ষিতা হ’বলৈ দিব নোৱাৰো। এই সংলাপকেইটাৰ দ্বাৰা পৰিচালকে যেন এক শক্তিশালী বাৰ্তা দিব খুজিছে। হাজাৰ বছৰৰ অপেক্ষা! 

সুগতই সপোন দেখা সাম্যবাদী সমাজ এখন গঢ়ি উঠিবলৈ হাজাৰ বছৰৰ অপেক্ষা। আৰু তেতিয়ালৈ সকলো অনন্যা শক্তিশালী হৈ থাকিব লাগিব। দৰকাৰ হ’লে প্ৰেমহীন হৈ থাকিব। কিন্তু নাৰীক কেৱল শৰীৰ বুলি ভবা কোনো সুগতৰ দ্বাৰা যেন ধৰ্ষিতা নহয়। চিনেমাখনৰ জৰিয়তে সমাজৰ সকলো অনন্যালৈ পৰিচালকৰ এয়া এক শক্তিশালী বাৰ্তা।

( ১৯৯৯ চনত BAFTA শ্ৰেষ্ঠ চিনেমাৰ বঁটা লাভ কৰিছিল।)

Leave a Reply

Your email address will not be published. Required fields are marked *