চলচ্চিত্র সমালোচনা আৰু ইয়াৰ প্ৰাসংগিকতা

Spread the love

(বিশিষ্ট সাহিত্যিক, সাংবাদিক, চলচ্চিত্র আলোচক অপূৰ্ব শৰ্মা ছাৰৰ সৈতে হোৱা কথোপকথনৰ লিখিত ৰূপ।)

পূবালী ভাগৱতীঃ চিনেমা বুলি ক’লে এক কথাত কি ক’ব?

অপূর্ব শর্মাঃ চলচ্চিত্র যিহেতু এটা কলা। মানৱ জীৱনৰ বিভিন্ন কলাৰ এক অন্যতম কলা বুলি ভাবোঁ আৰু ই আটাইতকৈ জটিল, কাৰিকৰী প্রযুক্তিসম্বলিত অথচ একে সময়তে মানৱ অনুভূতি প্রকাশ কৰা এক কলা। যিহেতু সকলো কলাৰ উদ্দেশ্যই হ’ল সমাজ আৰু মানুহৰ উত্তৰণৰ প্ৰয়াস। গতিকে চলচ্চিত্রও সামাজিক-বাস্তৱিক ভিত্তিত এটা প্রতিষ্ঠিত কলা।

পূবালী ভাগবতীঃ অসমীয়া চলচ্চিত্র উদ্যোগত সমালোচনাৰ দিশটো কিমানখিনি আগবঢ়া বুলি আপুনি ভাবে?

অপূর্ব শর্মাঃ এইটো খুবেই পৰিতাপৰ বিষয় যে অসমীয়া চলচ্চিত্র যিদৰে খুব লেহেমীয়া গতিত আগবাঢ়িছে একেদৰে তাৰ সমসাময়িক চলচ্চিত্র সমালোচনাও খুব এটা পৰিণত ৰূপ পোৱা নাই। যিহেতু অসমীয়া চলচ্চিত্র কলাই সবল ৰূপত সময় অনুসৰি গঢ় লৈ উঠিব নোৱাৰিলে গতিকে স্বাভাৱিক কাৰণতে তাৰ সমালোচনাধর্মী চৰিত্র বা সমালোচনা কৰাৰ যিবোৰ সা-সুবিধা আমি পাব লাগিছিল সেইবোৰ আমি নাপালোঁ। চলচ্চিত্র সম্পর্কে পঢ়া-শুনা বা চলচ্চিত্র অধ্যয়ন, চলচ্চিত্ৰ চৰ্চা এইবোৰ আমাৰ হৈ নুঠিল। যিহেতু চলচ্চিত্র কলাটোৱেই সবল ৰূপত অসমত গঢ় লৈ নুঠিল। অৱশ্যে আজি কিছুদিনৰ পৰা চলচ্চিত্র সম্পর্কে সজাগতা বাঢ়িছে। বিভিন্ন সাহিত্যিক বা চলচ্চিত্র সমালোচক আনকি নতুনচাম চলচ্চিত্র নির্মাতাসকলো সমালোচনাৰ প্রতি অলপ আগ্রহী হৈছে। সেইকাৰণে ক্রমে এটা সজাগতা দেখা গৈছে। কিন্তু ই এতিয়াও পৰিণত ৰূপ পোৱা নাই।

পূবালী ভাগৱতীঃ গঠনমূলক সমালোচনা আমাৰ ইয়াত এতিয়াও হোৱা নাই নেকি?

অপূৰ্ব শৰ্মাঃ নাই হোৱা। কাৰণ তাৰ আৰম্ভণিটোৱেই সুস্থ ৰূপত হোৱা নাছিল। আমি জ্যোতিপ্ৰসাদৰ সময়লৈ যদি যাওঁ, জয়মতী যেতিয়া মুক্তি পালে তেতিয়া তাত দুই ধৰণৰ সমালোচনা হৈছিল। একাংশই খুব প্রশংসা কৰিলে। লক্ষ্মীনাথ বেজবৰুৱা, গোপীনাথ বৰদলৈ আদিয়ে ছবিখন খুব প্রশংসা কৰিলে। কিন্তু এচামে তাক সমালোচনা কৰিলে আৰু কঠোৰভাবে সমালোচনা কৰিলে। কিছুমান সমালোচনা যুক্তিপূর্ণ আছিল যদিও সেই কঠোৰতাটো চলচ্চিত্ৰখনৰ বাবে সহায়ক নাছিল। চলচ্চিত্র অভিনয়ক জ্যোতিপ্রসাদে যি সুস্থ ৰূপত বুজিছিল তাৰ বিপৰীতে সমালোচকে জয়মতীৰ অভিনয়ক কঠোৰভাৱে সমালোচনা কৰিছিল। সেইটো এটা ভুল সমালোচনা আছিল। আনহাতে, তাৰ পিছত যিহেতু অসমীয়া চলচ্চিত্রই খুব এটা সুস্থ আৰু সবল গতিত আগ নাবাঢ়িলে। সমালোচনাও সেইধৰণেৰে আগ নাবাঢ়িলে। কেৱল বাতৰিকাকতৰ পৰিচয়মূলক আলোচনাতেই আমাৰ সমালোচনা সীমিত হৈ থাকিল।

পূবালী ভাগৱতীঃ বাতৰি কাকত, আলোচনী আদিতো সমালোচনাৰ দিশটো গুৰুত্ব দিয়া নহয় নেকি? এজন সম্পাদক হিচাপে এইক্ষেত্রত আপোনাৰ অভিজ্ঞতা কেনেধৰণৰ।

অপূর্ব শর্মাঃ গুৰুত্ব দিয়া নহয়। চলচ্চিত্র এখন মুক্তি পালে কোনোবা এজনক পঠিয়াই দিয়া হয় চলচ্চিত্রখন চাই সমালোচনা কৰিবলৈ। মই নিজে সম্পাদক হৈ থাকোঁতে ময়ো পঠিয়াই দিছিলোঁ। যিহেতু চলচ্চিত্র সমালোচনা কৰিব পৰা মানুহ ষ্টাফত নাই। মই কোনোবা এজনক পঠিয়াই দিছিলোঁ এইবুলি যে তুমি ছবিখন চাই আহিবা আৰু কিবা এটা লিখিবা। চলচ্চিত্র সমালোচনা কৰিব পৰা মানুহ প্ৰকৃততে সেইজন হয় নে নহয়। এই ধৰণৰ বিচাৰবোৰ কৰা নহয়। তেওঁ চাই আহি প্রতিবেদন এটা দিয়ে। সাংবাদিক হিচাপে তেওঁ এটা প্রতিবেদন দিয়ে। সেইটো চলচ্চিত্ৰখনৰ সমালোচনা নহয়। এনেকৈয়ে আমাৰ বাতৰি কাকত তথা আলোচনীত খুব কেজুৱেল ধৰণে চলচ্চিত্র সমালোচনা হৈছে। তাৰবাবে যিধৰণৰ অধ্যয়ন লাগে, যিধৰণে সাংঘাতিক অভিজ্ঞ নহ’লেও সহযোগী বিষয়বোৰত প্রাথমিক ধাৰণা থাকিব লাগে, সমাজ, ইতিহাস, সংস্কৃতি আদি বিষয়ত প্রাথমিক ধাৰণা এটা থাকিব লাগিব। তাৰ ভিত্তিত ছবিখন সমালোচনা কৰিব পাৰিব। আমাৰ সমালোচকসকল তেনে ধৰণে প্রস্তুত নহয়।

পূবালী ভাগবতীঃ আপোনাৰ দৃষ্টিত ভাল চিনেমা এখনৰ Element কি হ’ব পাৰে?

অপূর্ব শর্মাঃ প্রাথমিক কথা হ’ল-What is it about? ছবিখন কি বিষয়ৰ? A Film is not shot, it is built, ছবিখন মাত্র শ্বট লোৱাই নহয়, ইয়াক নির্মাণ কৰা হয়। So, If you have to build a film, you have to have a foundation. তোমাৰ এটা ভেটি লাগিব। তোমাৰ যদি ভেটিটোৱে শক্তিশালী নহয়, যদি চিনেমাখনত বিষয়বস্তুগত দুর্বলতা থাকে, সেইখন চিনেমা থিয় কৰাবলৈ দিগদাৰি হ’ব। গতিকে বিষয়বস্তুগত ভেটি এটা চলচ্চিত্ৰখনত লাগিব। দ্বিতীয়তে, জ্যোতিপ্ৰসাদে যিবোৰ ব্যৱহাৰ কৰিছিল যেনে তাৰ ভিজুৱেল কুৱালিটি থাকিব লাগিব, তাৰ লেংগুবেজ থাকিব লাগিব। চলচ্চিত্ৰৰ ভাষাটোৰ ওপৰত চলচ্চিত্ৰ পৰিচালকজনৰ দখল আছে নে নাই, তেওঁ চলচ্চিত্রখন এটা কলাত্মক ৰূপত আগবঢ়াই নিব পাৰিছেনে নাই। তাৰবাবে তেওঁ চলচ্চিত্ৰৰ ভাষা আৰু ব্যাকৰণ জানিব লাগিব। ব্যাকৰণগত দোষো বহুত থাকে। যেনে পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ত তেওঁ ব্যবহাৰ কৰা এটা শ্বটত বাসন্তী এঠাইৰ পৰা ঘূৰি আহিছে। ছিকুৱেন্সটো সেইখিনিতে শেষ হৈছে। পৰৱর্তী ছিকুৱেন্সত তেওঁ অন্য এটা চৰিত্ৰ দি শ্বটটো ল’ব লাগিছিল। কিন্তু তেওঁ বাসন্তীৰ সৈতে আৰম্ভ কৰিলে। ইয়াৰ ফলত ছিকুৱেন্স ডিভিজনটো ধৰিব পৰা নগ’ল। এইবোৰ ব্যাকৰণগত দোষ আছে। গতিকে চলচ্চিত্র নির্মাতাজনৰ যদি সেইবোৰ জ্ঞান নাথাকে, তেন্তে চলচ্চিত্রখন সম্পূর্ণ নহ’ব। এইবোৰ Element চলচ্চিত্র এখনৰবাবে গুৰুত্বপূর্ণ। সাহিত্যত যেনেকৈ গল্প বা উপন্যাস এখন লিখিবলৈ তাৰ ফৰ্মটো সম্পর্কে এটা প্ৰাথমিক ধাৰণা থাকিব লাগিব। চলচ্চিত্ৰৰ বেচিক ফিল্ম ছেন্স যদি নাথাকে, তেন্তে ছবিখন কেতিয়াও সফল নহ’ব।

পূবালী ভাগৱতীঃ অসমীয়া চিনেমা উদ্যোগটো সম্পর্কে আপুনি কি ক’ব খুজে?

অপূৰ্ব শৰ্মাঃ বৰ দুৰ্ভাগ্যজনক কথা দুয়োফালৰ পৰা আমি ক্ষতিগ্রস্ত হৈছোঁ। এহাতে কলাধর্মী বা সফল চলচ্চিত্ৰৰ দিশত আমি আগবাঢ়িব পৰা নাই। আনহাতে, চলচ্চিত্র এটা উদ্যোগ হিচাপে তাৰ বানিজ্যিক দিশটোতো আমি বিশেষ সফল হ’ব পৰা নাই। তাৰ বহুতো সামাজিক বা বাস্তৱিক কাৰণ আছে। যেনে আমাৰ চলচ্চিত্ৰ বজাৰখন সীমিত। তাতে জনজাতিগত বিভাজনে অসমীয়া চলচ্চিত্র বজাৰখন আৰু সংকুচিত কৰি পেলালে। এইবোৰ কাৰণতে বানিজ্যিক আৰু কলাগত এই দুই ধৰণৰ সফলতাৰ পৰাই আমি প্রতিবন্ধকতাৰ সন্মুখীন হৈছোঁ।

পূবালী ভাগবতীঃ এতিয়া কিছু ভাল দিন আহিছে বুলি ক’ব পাৰি নেকি?

অপূর্ব শর্মাঃ সাম্প্রতিকভাৱে দেখিছোঁ যে এচাম ডেকা-গাভৰু তথা নতুন পৰিচালকে ক্রাফ্ট সম্পর্কে কিছু জ্ঞান আয়ত্ব কৰি লোৱাৰ পিছতহে ছবি কৰিবলৈ আগবাঢ়ি আহিছে। এইটো এটা ভাল লক্ষণ। গতিকে তুমি ছবিখন চাই অন্ততঃ এই সম্পর্কে সন্তুষ্ট হ’ব পাৰা যে তেওঁ ছবিখনৰ কলা-কৌশলগত দিশটো জানে। কেমেৰাটো ক’ত থ’ব লাগে, কোনটো কোণৰ পৰা শ্বটটো ল’ব লাগে, শ্বট ডিভিজনটো তেওঁৰ শুদ্ধ হৈছেনে নাই, লং শ্বট, ক্ল’জ শ্বট, মিড শ্বট আদি সু-সমন্বিতভাৱে ব্যৱহাৰ আদিৰ ক্ষেত্ৰত নতুন পৰিচালকসকল কিছু সজাগ হৈছে। কিন্তু aesthetic দিশটোত একেধৰণে গুৰুত্ব দিব পাৰিব লাগিব। ফিল্ম এখন কৰিবলৈ যাওঁতে নির্মাতাজনৰ আর্টিষ্টিক চেন্সটো, তাৰ ভিজুৱেল চেন্সটো যদি শক্তিশালী নহয়, ছবিখন কলাগত দিশত আগবঢ়াই নিয়াত অসুবিধা হ’ব আৰু দর্শকে সেইখিনি ধৰিব পাৰিব। এতিয়া আমি কিছু আশাৰ ৰেঙণি দেখিছোঁ। কিছু ভাল ছবি নির্মিত হৈছে। উদাহৰণস্বৰূপে, ৰীমা বৰাৰ ‘বকুল’খন চাই অনুভৱ হৈছিল যে লেংগুৱেজটোৰ ওপৰত তেওঁৰ এটা দখল আছে। How to make a film She knows. ৰীমা দাসৰ ‘ভিলেজ ৰ’কষ্টাৰ’খন যথেষ্ট ভাল ছবি। তাৰ দৃষ্টিধর্মী গুণটো সাংঘাতিকভাৱে ভাল। চিনেমাখনৰ বিষয়বস্তু অত্যন্ত সাধাৰণ আৰু লগতে কলা-কৌশলগত দিশটো ট্রুফ’ৱে কৈ গৈছে। তেওঁ কৈছে যে প্রথমে চলচ্চিত্ৰকাৰজনে সমালোচকজনক যথেষ্ট গুৰুত্ব দিয়ে। কাৰণ তেওঁৰ ছবিৰ বিষয়ে লিখিব লাগিব। কিন্তু তেওঁ যেতিয়া চলচ্চিত্ৰকাৰ হিচাপে প্রতিষ্ঠা লাভ কৰে, তেওঁ সমালোচকজন নাই বুলি ধৰি লয়। এনে উদাহৰণ ঢেৰ আছে। আনকি সত্যজিৎ ৰায়ে সমালোচনা গ্রহণ নকৰিছিল। বাৰ্গমেনেও ৰেষ্টোঁৰাত সমালোচকক চৰ লগাই দিছিল। এইবোৰ উদাহৰণ আছে। মুঠতে স্রষ্টাই সমালোচনা গ্রহণ কৰিবলৈ অলপ টান পায়। কিন্তু গ্রহণ কৰিব পাৰিলে তেওঁৰ কামত আহে। সমালোচকজনৰ এনে উদ্দেশ্য নাথাকে যে তেওঁক মই ধ্বংস কৰি দিম। এই ক্ষেত্ৰত মোৰ অভিজ্ঞতা কওঁ-ভবেন্দ্র নাথ শইকীয়া ছাৰ মোৰ গুৰুতুল্য। যেতিয়া ছাৰৰ সন্ধ্যাৰাগখন ওলাল, সকলোৱে কাকতত প্রশংসাৰে ওপচাই পেলালে। কিন্তু মই ছবিখন চাই মন কৰিলোঁ যে তাত গণ্ডগোল কিছু আছে এই গণ্ডগোলবোৰ যদি কোনেও উল্লেখ কৰি নিদিয়ে, ছাৰে ভাবিব যে এইখনেই ভাল চিনেমা হৈছে আৰু মানুহেও তেনেকৈ ভাবিব। মই তেতিয়া তাৰ গণ্ডগোলখিনি দেখুৱালোঁ যে ইয়াত চলচ্চিত্ৰৰ ভাষা ব্যৱহাৰ হোৱা নাই। তেখেতে গল্পটোক ফটোগ্রাফত তুলি দিছে। ছাৰে মোৰ সমালোচনাটো নিশ্চয় পঢ়িছিলে কাৰণ অনির্বাণ মুক্তি পোৱাৰ আগতে এক প্রেছ বার্তাত তেখেতে কৈছিল-এইখন চিনেমা ওলোৱাৰ পিছত মই বুজি পাম যে মই চলচ্চিত্ৰৰ ভাষা আৰু ব্যাকৰণ আয়ত্ব কৰিব পাৰিছোঁনে নাই।’ মই লিখিছিলোঁ যে তেখেতে চলচ্চিত্ৰৰ ভাষা আৰু ব্যাকৰণ আয়ত্ব কৰিব পৰা নাই। গতিকে বুজা যায় যে তেখেতে মোৰ লেখাটো পঢ়িছে আৰু সেই সম্পর্কে সজাগ হৈছে। তাৰপাছত অনির্বাণখনত তেখেতে সেইধৰণৰ কাম কৰিছে। দীঘল দীঘল সংলাপ ইত্যাদি বাদ দিছে। আনহাতে, তেখেতৰ ‘কোলাহল’ এখন ভাল চিনেমা। মই মাত্র আপত্তি কৰিছিলোঁ-গল্পটোত যি এটা মর্মান্তিক বাস্তৱ সত্য আছিল, সেইটো তেখেতে চলচ্চিত্রগতভাৱে প্রকাশ কৰিব নোৱাৰিলে। এইটো অবশ্যে ইমান সহজ কথা নহয়। মই এইটো উদাহৰণ প্রায়ে দিওঁ-নষ্ট নীড়’ অসম্ভৱ ধৰণে ট্রেজিক গল্প এটা। ক্লাছিক ট্রেজেডী। সেইটো চলচ্চিত্রত প্রকাশ কৰাটো সম্ভব নহয়। কিন্তু সত্যজিৎ ৰায়ে  চলচ্চিত্রত যিটো শ্বটেৰে এই শেষৰ ট্রেজিক মমেন্টটো ক্রিয়েট কৰিছে, তাতকৈ বেলেগে কৰিবলৈ আৰু উপায় নাই। আমি গল্পটো পঢ়োতে চকুপানী ওলাই যায়। কিন্তু চিনেমাখনৰ সেই দৃশ্যটোত চকুপানী নোলাবও পাৰে। চিনেমাৰ ভাষা সেইটোৱে।

পূবালী ভাগৱতী: বৰ্তমান সকলো মানুহে ছʼছিয়েল মিডিয়া ব্যৱহাৰ কৰে। এইক্ষেত্ৰত এটা কথা মন কৰিছোঁ যে চিনেমাৰ ক্ষেত্ৰতো অসমীয়া মানুহৰ আবেগে প্ৰাধান্য পায়। এই কথাই ক্ষতি কৰিব পাৰে নেকি?

অপূৰ্ব শৰ্মা: ধৰি লোৱা এখন ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে। মই ৰীমা দাসৰ উদাহৰণটোৱে দিব বিচাৰিছোঁ। ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে, কেবাটাও পুৰস্কাৰ পালে। অস্কাৰলৈকে গুছি গ’ল। অসমীয়া মানুহ খুব আবেগিক হৈ গ’ল। অসমীয়া ছবি এখনে পুৰস্কাৰ পাইছে, সেইকথাত সকলোৰে আনন্দ লাগিব। কিন্তু আবেগৰ ঢৌত গৈ ছবিখনৰ যদি প্ৰকৃত সমালোচনা কৰিব নোৱাৰে তেতিয়া পৰিচালকজনৰ বাবে ক্ষতিকাৰক হ’ব।

পূবালী ভাগৱতীঃ অসমীয়া চলচ্চিত্র উদ্যোগটো যেনেকৈ পিছপৰি আছে, সমালোচনাৰ ক্ষেত্ৰখনো আগবঢ়া নাই। এজন সমালোচক হ’বলৈ নিজক কেনেদৰে প্ৰস্তুত কৰিব লাগিব?

অপূৰ্ব শৰ্মাঃ এইটো খুবেই দৰকাৰী কথা। প্রথম কথা অধ্যয়নৰ গুৰুত্ব। নতুন যিসকল চলচ্চিত্ৰৰসিক আগবাঢ়ি আহিছে, তেওঁলোকৰ ক্ষেত্ৰত মই অধ্যয়নৰ সীমাবদ্ধতা দেখা পাওঁ। মোৰ নিজৰে এটা সীমাবদ্ধতা আছে যে মই ছবি কম চাইছোঁ। যিমান ছবি মই চাব লাগিছিল ব্যক্তিগত অসুবিধাৰ কাৰণে মই পৰা নাই। সেইটো খুব দৰকাৰী কথা। ছবি চাব লাগিব। প্ৰচুৰ পৰিমানে আৰু বিশেষকৈ যিবোৰ ছবি সময়ৰ পৰীক্ষাত উত্তীর্ণ হৈ গৈছে। সমসাময়িকভাবে পঢ়িব লাগিব। মই এটা কথা মন কৰিছোঁ চলচ্চিত্ৰৰ তত্ত্বগত দিশটো খুব কম পঢ়ে আমাৰ ল’ৰা-ছোৱালীয়ে। চলচ্চিত্র ইতিহাস পঢ়িছে, মই দেখিছোঁ। আৰু কালজয়ী ছবিসমূহ চাই কি কি কাৰণে সেইসমূহে সেই পর্যায় পাইছে, এইবোৰ পর্যালোচনা কৰিব লাগিব। এইখিনি নকৰিলে চলচ্চিত্র সমালোচনা সম্পূর্ণ নহ’ব। যিসকল চলচ্চিত্র আগ্রহী ডেকা-গাভৰু আছে, তেওঁলোকে এতিয়াৰে পৰা পঢ়া-শুনা কৰা, চলচ্চিত্র চোৱা আৰু সমালোচনা কৰা দৰকাৰ। এনেদৰে চলচ্চিত্র নির্মাতাসকলকো শুদ্ধ পথেৰে এক উৎসাহ দিব পাৰিব লাগিব।

(ডিচেম্বৰ, ২০১৯)

Leave a Reply

Your email address will not be published. Required fields are marked *