স্মৃতিমোচন

Spread the love

মানুহৰ জীৱনত স্মৃতি কেতিয়াবা মধুৰ আৰু কেতিয়াবা তিক্ততাপূৰ্ণ তথা কষ্টদায়ক হয়। মধুৰ স্মৃতিয়ে জীৱনটো বেছি ধুনীয়া কৰে। কিন্তু বিপৰীতে কষ্টদায়ক স্মৃতিবোৰে মানুহক আগবাঢ়িবলৈ নিদিয়ে। কোনোবা ঠাইত মানুহজন ৰৈ যায়। জীৱনটো তেওঁৰ আগে আগে নাচি-বাগি গৈ থাকে। এই কষ্টদায়ক স্মৃতি প্ৰিয়জনৰ বিয়োগ, বিচ্ছেদ আৰু তিক্ততাপূৰ্ণ সম্পৰ্ক (toxic relationship) ৰ পৰাও হ’ব পাৰে। কেতিয়াবা সম্পৰ্কত মানুহে আনজনৰ লগত থকা বেয়া স্মৃতিসমূতকৈ ভাল স্মৃতিক আগস্থান দিয়ে। সংগীজনৰ পৰা পোৱা কষ্টসমূহ পাহৰি যায়। দহটা বেয়া গুণ পাহৰি তেওঁৰ দুটা ভাল কথাই আমনি কৰি থাকে। তেতিয়াই ব্যক্তিজন এঠাইত ৰৈ যায়। বহু প্ৰতিভাও ইয়াৰ ফলত নষ্ট হৈ যায়। কষ্টদায়ক সম্পৰ্ক পাহৰাৰ কিবা উপায় থাকেনে? বহু বছৰৰ আগতে এখন আলোচনীত এটা অনুবাদ গল্প পঢ়িছিলোঁ। নামটো সম্ভৱ ‘বেঙুণীয়া গৃহ’ এনেধৰণৰ কিবা আছিল। গল্পকাৰৰ নাম, অনুবাদকৰ নামো মনত নাই। গল্পটোৰ থীমটো মনত আছে। এহাল প্ৰেমিক-প্ৰেমিকাৰ ঘটনাক্ৰমে বিচ্ছেদ হোৱাৰ পাছত প্ৰেমকজনে এনে এটা গৃহ তৈয়াৰ কৰিলে যʼত প্ৰৱেশ কৰিলে বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত মানুহে স্মৃতি পাহৰি নতুন জীৱন পোৱাৰ দৰে হয়। গৃহটোৰ কথা চহৰখনত প্ৰচাৰ হোৱাৰ লগে লগে বহু লোক সেই গৃহলৈ যাবলৈ ল’লে স্মৃতি মোচন কৰিবলৈ। এদিন প্ৰেমিকজনে দেখিলে এগৰাকী মহিলা দুখমনেৰে অৱশ আৰু ভাগৰুৱা হৈ লাহে লাহে গৃহটোৰ ফালে গৈ আছে। তেওঁৰ মুখখন কাপোৰেৰে ঢকা আছিল। অলপ সময়ৰ পিছত মহিলাগৰাকী উৎফুল্লিত হৈ ঘৰটোৰ পৰা ওলাই আহিছে। মুখত সজীৱ হাঁহি, খোজত চঞ্চলতা। বৃদ্ধা এগৰাকী যেন হঠাতে তৰুণ হৈ পৰিল! প্ৰেমিকজনে তেতিয়া চিনি পালে এয়া এসময়ত পানীত পৰি মৃত্যু হোৱা বুলি ভবা তেওঁৰেই প্ৰেমিকা! প্ৰেমিকজন অস্থিৰ হৈ পৰিল। তেওঁ আগবাঢ়ি গৈ প্ৰেমিকাক নাম ধৰি মাতিলে, নিজৰ পৰিচয় দিলে। বিভিন্ন ধৰণেৰে তেওঁৰ স্মৃতি ঘূৰাই আনিবলৈ চেষ্টা কৰিলে। কিন্তু সফল নহ’ল। মহিলাগৰাকীয়ে তেওঁক চিনি নাপালে। পাগল নেকি বুলি ভাবি আঁতৰি গʼল। অৱশ্যে মহিলাগৰাকী প্ৰেমিকজনৰ স্মৃতি মোচনৰ বাবেই গৃহটোলৈ গৈছিল। তেৱোঁ ভাবিছিল যে প্ৰেমিকজন এই পৃথিৱীত আৰু নাই। সেয়ে পীড়াদায়ক জীৱনৰ পৰা মুক্ত হ’বলৈ তেওঁৰ লগত জড়িত স্মৃতি মোচন কৰিব খুজিছিল। নিজৰ চিনাকি দিয়াত ব্যৰ্থ হোৱাৰ পিছত উপায়হীন আৰু হতাশ হৈ প্ৰেমিকজন এইবাৰ বেঙুনীয়া গৃহটোৰ ফালে এখোজ এখোজকৈ আগবাঢ়ি যায়। এনেকৈ গল্পটো শেষ হয়। (কোনোবাই গল্পটো পঢ়িছে যদি অনুগ্ৰহ কৰি মূল গল্পটোৰ নাম আৰু গল্পকাৰৰ নাম জনায় যেন)।একেধৰণৰ থীমেৰে নিৰ্মাণ কৰা এখন ৰোমাণ্টিক ছিইন্স ফিকশ্যন চিনেমা ‘Eternal Sunshine of the spotless mind ‘ directed by Michel Gondry. চিনেমাখনত জোয়েল আৰু ক্লেমেনটাইন নামৰ প্ৰেমিক-প্ৰেমিকা এহালে দুবছৰীয়া তিক্ততাপূৰ্ণ সম্পৰ্কৰ পিছত ইজনে সিজনৰ লগত থকা স্মৃতি মোচন কৰি পেলায়। জোয়েল স্বভাৱত অন্তৰ্মুখী আৰু অধ্যয়নশীল। ক্লেমেনটাইন অতি অস্থিৰ আৰু চঞ্চল। গতিকে তেওঁলোকৰ সম্পৰ্কটোত তিক্ততা বেছি। ক্লেমেনটাইনে প্ৰথমে জোয়েলৰ লগত জড়িত সকলো স্মৃতি মোচন কৰি পেলায়। এই কথা গম পোৱাৰ পাছত জোয়েলেও এই কাম কৰিবলগীয়া হয়। স্মৃতি মোচনৰ পিছত তেওঁলোকে অচিনাকী হিচাপে পুণৰ লগ পাওঁতে আগৰ দৰেই কথাবোৰ আগবাঢ়িছে। কিন্তু চিনেমাখনত তেওঁলোকে স্মৃতি পুনৰ ঘূৰাই পায়। জোয়েলৰ চৰিত্ৰত Jim Carrey আৰু ক্লেমেনটাইনৰ চৰিত্ৰত Kate Winslet এ অভিনয় কৰিছে। দুটা থীমৰ মাজত ইমান সাদৃশ্য আছে যদিও চিনেমাখনৰ কাহিনী বিশেষ গল্পটোৰ পৰা লোৱা নাই। এই কাহিনীটো পৰিচালক মাইকেল গণ্ড্ৰী, চাৰ্লি কফ্মেন আৰু পিয়েৰে বিছমথে(Pierre Bismuth) এ লগ হৈ লিখিছে। চিত্ৰনাট্যৰ বাবে ৭৭ সংখ্যক অকাডেমি বঁটাও লাভ কৰিছে। বহু সমালোচকে ‘Eternal Sunshine of the spotless mind’ ক একৈশ শতিকাৰ শ্ৰেষ্ঠ চিনেমা বুলিও অভিহিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *