মুম্বাইৰ মায়া এৰি কাঁইটৰ বাট কটা আগশাৰীৰ শব্দযন্ত্ৰী  ‘পীযুষ কান্তি ৰয়’

Spread the love

অসমীয়া চলচ্চিত্ৰ উদ্যোগটো বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে আজি যি পৰ্যায় পাইছেহি, এই যাত্ৰাত ৰূপকোঁৱৰৰ পৰা আৰম্ভ কৰি বহু লোকৰ ত্যাগ, কষ্ট, অৰিহণা আছে। তেনে এজন ব্যক্তিৰ নাম পীযুষ কান্তি ৰয়। বোম্বে তথা এতিয়াৰ মুম্বাইৰ চিনেমা জগতখনত প্ৰতিষ্ঠা লাভ কৰিও, সেই বিলাসী সপোন ত্যাগ কৰি মাতৃভূমিত কাম কৰাৰ ইচ্ছাৰে অসমলৈ গুছি আহিছিল পীয়ুষ কান্তি ৰয়। নতুনকৈ স্থাপন হোৱা জ্যোতি চিত্ৰবনৰ ষ্টুডিঅ’ত পীযুষ কান্তি ৰয়ৰ হাতৰ স্পৰ্শত মুখৰিত হৈ উঠিছিল বহু অসমীয়া চলচ্চিত্ৰ, তথ্যচিত্ৰ আৰু চিৰসেউজ গীত।

গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰা পীযুষ কান্তি ৰয়ে শ্বিলঙৰ ছেইণ্ট এডমাণ্ড কলেজৰ পৰা পি ইউ পাছ কৰি ১৯৬৫ চনত পুনাৰ ফিল্ম এণ্ড টেলিভিছন ইন্সটিটিউটত ছাউণ্ড ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায়। তাৰপৰা স্নাতক ডিগ্ৰী লাভ কৰি বম্বেৰ চিনেমা জগতত ভৰি দিয়ে। ৰাজ কাপুৰৰ আৰ কে ষ্টুডিঅ’ৰ আগশাৰীৰ শব্দযন্ত্রী আলাউদ্দিনৰ লগত সহযোগী হিচাপে কাম আৰম্ভ কৰিছিল । পাছত তেওঁ স্বাধীনভাৱে কাম কৰিছিল  শর্মিলা তেগৰ, ৰাজেশ খান্নাই অভিনয় কৰা বাসু ভট্টাচার্য পৰিচালিত ‘আৱিষ্কাৰ’ চলচ্চিত্ৰখনত। এইখন চলচ্চিত্ৰত শব্দ গ্ৰহনৰ বাবে বিভিন্ন সন্মান লাভ কৰিছিল । তাৰ পাছত তেওঁ ‘আধে অধুৰে’, ‘সালিয়া’ ‘ৰেশম কী ড’ড়ি’ ইত্যাদি বহু কেইখন বলীউডৰ চিনেমাত শব্দ গ্ৰহনৰ কাম কৰিছিল।

তেনে সময়তে ১৯৭৩ চনত গুৱাহাটীত স্থাপন কৰা হৈছিল জ্যোতি চিত্ৰবন ষ্টুডিঅ’। মুম্বাইত ইতিমধ্যে এটা চিনাকি নাম হৈ পৰাৰ পিছতো সেই কেৰিয়াৰ ত্যাগ কৰি মাতৃভূমিত কাম কৰাৰ তাড়নাত অসমলৈ গুছি আহিছিল পীযুষ কান্তি ৰয়। একেবাৰে সীমিত সা-সুবিধাৰে জ্যোতি চিত্ৰবনত কাম কৰিবলগীয়া হৈছিল। তথাপি প্ৰচুৰ মানসিক উদ্যমেৰে ইখনৰ পিছত সিখন অসমীয়া চলচ্চিত্ৰ, তথ্যচিত্ৰ, কেচেটৰ গীত বাণীবদ্ধণৰ কাম কৰি গৈছিল। ড. ভৱেন্দ্ৰ নাথ শইকীয়াৰ অগ্নিস্নান, অনিৰ্বাণ, সন্ধ্যাৰাগৰ লগতে বহুকেইখন অসমীয়া চিনেমাত শব্দৰ কাম কৰিছিল পীযুষ কান্তি ৰয়ে। জ্যোতি চিত্ৰবনত তেওঁৰ লগত সহযোগী হিচাপে আছিল সতীশ চৌহান আৰু যতীন শর্মাই। পৰৱৰ্তী সময়ত ‘ফিল্ম ক্ৰাফট’কে ধৰি গুৱাহাটীত ব্যক্তিগত খণ্ডত ‘ফ্ৰেণ্ডছ’ আৰু ‘অডিটেক’ নামৰ তিনিটাকৈ শব্দ গ্ৰহণৰ ষ্টুডিঅ’ স্থাপিত হ’ল। তথাপি জ্যোতি চিত্ৰবনত পীয়ুষ কান্তি ৰয়ৰ কামৰ দায়িত্ব বাঢ়ি গৈ থাকিল। অত্যধিক কামৰ দায়িত্ব আৰু খোৱা-শোৱাৰ অনিয়মৰ বাবে তেখেত অসুস্থ হৈ পৰিছিল।

অসমৰ চলচ্চিত্ৰ জগতখনৰ উন্নতিৰ বাবে দেহে-কেহে খাটিছিল পীযুষ কান্তি ৰয়ে। নতুন নতুন সপোন দেখিছিল। তেখেতে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’টো  উচ্চ প্রযুক্তিসম্পন্ন, শীত-তাপ নিয়ন্ত্রিত বোম্বাইৰ উচ্চমানৰ ষ্টুডিঅ’ৰ সমকক্ষ কৰি তোলাৰ সপোন দেখিছিল। ১৯৭৬ চনত সেই সময়ৰ জনপ্ৰিয় ফিল্ম এডিটৰ বিজয় চৌধুৰীৰ লগত যুটীয়াভাৱে পৰিচালনা কৰিছিল ‘কাঁচঘৰ’ চলচ্চিত্ৰখন। বাণিজ্যিকভাৱে সফল নহ’লেও চলচ্চিত্ৰখন সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত হৈছিল। ১৯৯০ চনৰ ৯ ছেপ্টেম্বৰৰ দিনা গুৱাহাটীৰ আকাশ মেঘৰ গাজনিৰে কʼলা হৈ আহিছিল। অত্যধিক কামৰ চাপ আৰু খোৱা-শোৱাৰ অনিয়মৰ লগতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰা পীযুষ কান্তি ৰয়ে মাত্ৰ ৪২ বছৰ বয়সতে বহু সপোন, বহু আশা আৰু জীয়াই থকাৰ প্ৰৱল হাবিয়াস বুকুত লৈ এই পৃথিৱীৰ পৰা বিদায় লয়। তেওঁৰ মৃত্যুত যেন আকাশেও কান্দিছিল, মেঘে গৰ্জন কৰিছিল। বহু কষ্ট আৰু ত্যাগৰ মাজেৰে এই ব্যক্তিসকলে অতি কম সময়তে  অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ ভৱিষ্যতৰ বাট মুকলি কৰি থৈ যায় যি বাটেৰে এতিয়াৰ প্ৰজন্ম সুচলভাৱে আগুৱাই যাবলৈ সক্ষম হৈছে। পীযুষ কান্তি ৰয়ৰ দৰে ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ গাঁথা অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত স্মৰণীয় হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *