চীনা বিপ্লৱ, সাম্যবাদী চিন্তা আৰু চলচ্চিত্র

Spread the love

পূবালী ভাগৱতী

চিনেমাই সদায় সমাজৰ কথা, সমাজ ব্যৱস্থা, সামাজিক স্থিতাৱস্থা আৰু ইয়াত বসবাস কৰা মানুহৰ কথা কয়। বাস্তৱক সঠিক ৰূপত দৃশ্যায়ন কৰা চিনেমাসমূহেই শ্রেষ্ঠ চিনেমা। বিশ্বৰ চলচ্চিত্র উদ্যোগত চীনা চলচ্চিত্র (Chinese Film)ৰ উল্লেখযোগ্য ভূমিকা তথা অৱদান আছে। চীনৰ ৰাজনৈতিক, সামাজিক প্রেক্ষাপটৰ ক্ষেত্রতো এই চিনেমাসমূহৰ গুৰুত্বপূৰ্ণ অবদান আছে। চীনা বিপ্লৱৰ আদর্শই চীনা চলচ্চিত্রৰ জগতখনক গভীৰভাৱে প্রভাৱিত কৰি আহিছে। চিনেমাৰ যোগেদি জনসাধাৰণৰ মনবোৰক কিদৰে বামপন্থী চিন্তাৰ লগত খাপ খোৱাকৈ এক পৰিৱর্তনৰ সৈতে পৰিচিত কৰাই দিব পৰা যায়, তাৰ চেষ্টা চীনা ৰাষ্ট্র শক্তিয়ে কৰি আহিছে।

চীনত চিনেমা শিল্পটো গা কৰি উঠিছিল ১৮৯৬ চনত আৰু প্ৰথমখন চীনা চলচ্চিত্র ‘দিংজং মাউন্টেইন’ (Dingjun Mountain) নির্মাণ কৰা হৈছিল ১৯০৫ চনত। প্রথমখন সবাক হবি ‘ছিং ছা গাৰ্ল ৰেড পিঅনি’ (Sing Song Girl Red Peony) নির্মিত হৈছিল ১৯৩১ চনত। ত্রিশৰ দশকটো চীনা চলচ্চিত্রৰ ‘সোণালী সময়’ হিচাপে বিবেচনা কৰা হয়। এইখিনি সময়ত নিৰ্মত চিনেমাসমূহত বাঁওপন্থী চলচ্চিত্র জাগৰণ (Leftist Cinematic movement) ৰ সুফলসমূহৰ লগতে নেশ্যনেলিষ্ট আৰু কমিউনিষ্টসকলৰ মাজৰ সংঘাত দৃশ্যায়ন কৰা হৈছিল। ১৯৪৯ চনত বাঁওপন্থী আন্দোলন (Communist Revolution)ৰ পৰৱর্তী সময়ত ১৯৫১ চনত কিছুমান বিদেশী চিনেমা সম্পূর্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছিল। স্প্রিং ছিল্কৱৰ্মছ (Spring Silkworms, 1933), দ্য গডেছ (The Goddess), দ্য বিগ ৰʼদ (The big road 1935)। এই চিনেমাসমূহ শ্রেণীগত বৈষম্যৰ লগতে সমাজৰ সাধাৰণ শ্রেণীটোক (Common People) গুৰুত্ব দি নির্মাণ কৰা হৈছিল। জনবিস্ফাৰিত দেশ এখনত সাধাৰণ শ্রেণীটোৰ সংগ্রামক লৈ নির্মাণ কৰা ছবিসমূহে জনপ্রিয়তা লাভ কৰাৰ লগতে এই সময়খিনিক চীনা চলচ্চিত্রৰ ‘সোণালী সময়’ (The Golden Period) হিচাপে অভিহিত কৰা হৈছিল।

এই সময়খিনিতে ‘হু দে’ (Hu Die), ৰোৱান লিংঙ্গো (Ruan Lingu), লি লিলি (Li Lii), চীন য়ানয়ান (Chen Yanyan), ঝুঁ ছোৱান (Zhou Xuan), জিন য়ান (Jin Yan) আদি কেইবাজনো জনপ্রিয় অভিনেতাই তেওঁলোকৰ অভিনয় জীৱনৰ পাতনি মেলিছিল। এই সময়খিনিত নির্মিত আন কেইখনমান উল্লেখযোগ্য চিনেমা ‘লাভ এণ্ড ডিউটি’ (Love and Duty, 1931), লিটʼল টয়জ (Little Toys, 1933), নিউ উইমেন (New Women 1934), ছং অব দ্য ফিছাৰমেন (Song of the Fishermen 1934), ক্রছ মাডছ (Cross mads 1937), ষ্ট্ৰীট এঞ্জেল (Street Angel 1937) আদি। ত্ৰিশৰ দশকত চিনেমা উদ্যোগটোক নিয়ন্ত্রণ তথা ক্ষমতালৈ অনাৰ বাবে কমিউনিষ্টসকলে সংগ্রাম কৰিছিল। সমাজৰ নিম্ন শ্রেণী, বনুৱা, সংগ্রামীসকলক লৈ ছবি নির্মাণত তেওঁলোকে গুৰুত্ব আৰোপ কৰাৰ কথা কৈছিল। ব্রীজ (Bridge, 1949), দা হুৱাইট হেয়ার্ড গাৰ্ল (The White Haired Girl) আদি এনে কিছুমান চীনা ভাষাৰ ছবি। ১৯৪৯ চনৰপৰা ১৯৫৯ চনলৈ প্ৰায় ৪৭ খন ছবি নির্মিত হৈছিল। লগতে বাঁওপন্থী শাসক দলে ভ্রাম্যমান ছবিগৃহ নির্মাণ কৰি ছবিগৃহৰ সমস্যা সমাধান কৰিছিল । এই ভ্রাম্যমান ছবিগৃহসমূহৰদ্বাৰা  চীনৰ ভিতৰুৱা অঞ্চলতো দর্শকে চিনেমা চোৱাৰ সুযোগ লাভ কৰিছিল। ১৯৬৫ চনালৈকে এনে ধৰণৰ ২০,৩৯৩টা ভ্রাম্যমাণ ছবিগৃহ নির্মিত হোৱাৰ লগতে বিপুল হাৰত দর্শকৰ সংখ্যা বৃদ্ধি পাইছিল। পিপলছ ৰিপাব্লিক অৱ চাইনা (Peoples Republic Of China) আৰু সাংস্কৃতিক জাগৰণ (Cultural Revolution)ৰ ১৭ বছৰৰ ভিতৰত প্রায় ৬০৩ খন পূর্ণ দৈর্ঘ্যৰ ছবি আৰু ৮,৩৪২ খন ডকুমেন্টৰী (তথ্যচিত্র) নির্মিত হৈছিল। এই ছবিসমূহত বিশেষকৈ বাওঁপন্থী ভাৱধাৰা প্রতিফলিত হৈছিল। ছোভিয়েট ছ’চিয়েলিষ্ট ৰিয়েলিজম (Soviet Socialist realism) অধ্যয়নৰ বাবে চিত্র নির্মাতাসকলক মস্কোলৈ পঠিওৱা হৈছিল।

এই সময়ৰ আন এখন উল্লেখযোগ্য চিনেমা দিজ লাইফ অব মাইন (This Life of Mine 1950)এ বিশ্বজুৰি সমাদৰ লাভ কৰিছিল। ১৯৫৬ চনত বেইজিং ফিল্ম একাডেমী (Beijing film Academy) স্থাপন কৰা হৈছিল। বেইজিং আৰু ছাংহাই মূল প্রযোজনাস্থলীৰ লগতে চৰকাৰে জাতীয় ভাৱধাৰা উপস্থাপনৰ বাবে অনুপ্রেৰণা যোগাবলৈ বিভিন্ন ঠাইত আঞ্চলিক ছবি নির্মাণ কেন্দ্র স্থাপন কৰিছিল। ফাইভ গল্ডেন ফ্লাৱাৰ্ছ (Five Golden Flowers, 1954), থাৰ্ড ছিছাৰ লিও (Third Siser Liu), অশ্বিমা (Ashima, 1964) আদি এই সময়তে নির্মিত ছবি।

আশীৰ দশকৰ পিছৰপৰা চলচ্চিত্ৰই বস্ক অফিচত অভূতপূৰ্ব সফলতা লাভ কৰাত লগতে পৃথিৱীজুৰি জনপ্রিয়তা লাভ কৰিছে। মর্চিয়েল আর্ট (Martial Art) ছবিসমূহেও বিশেষ জনপ্রিয়তা লাভ কৰিছিল। ২০০০ চনত নির্মিত হিডেন ড্রেগন (Hidden Dragon)এ বিদেশী ভাষাৰ চিনেমাৰ শিতানত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল। ফেয়াৰ ৱেল মাই কনকুৱাইন (Farewell My Concu- bine), দা ৰ’দ হ’ম ( The Road home), হাউছ অব ফ্লাইং ডেগাৰ্ছ (House of Flying Daggers) আদি ছবিসমূহেও বিশ্ববিখ্যাত সমালোচকৰ সমাদৰ লাভ কৰিছিল।

২০১০ চনত প্ৰতিবছৰে নিৰ্মিত হোৱা চলচ্চিত্ৰৰ সংখ্যাৰ ফালৰ পৰা চীনা চলচ্চিত্র উদ্যোগক তৃতীয় স্থানত ধৰা হয়। ২০১৩ চনৰ জানুৱাৰীত ‘লষ্ট ইন থাইলেণ্ড’ (Lost in Thailand) ছবিখনে বিশ্বৰ ভিতৰতে সর্বাধিক উপার্জন কৰা চীনা ভাষাৰ ছবি হিচাপে পৰিগণিত হয়। পৰবর্তী ২০১৫ চনত মনষ্টাৰ হান্ট (Monster Hunt), ২০১৬ চনত দ্য মাৰ্মেইড (The Mermaid) ২০১৭ত ওল্ফ ৱাৰিয়ৰ (Wolf Warrior) আদি ছবিয়ে বক্স অফিচত সর্বাধিক উপার্জনেৰে চীনা চলচ্চিত্র উদ্যোগক এক শক্তিশালী গতি প্রদান কৰে। এইদৰে কমিউনিষ্ট পার্টি গঠনৰ পূর্ব আৰু পৰৱর্তী সময়ছোৱাত চীনা চলচ্চিত্র উদ্যোগ বিভিন্ন উত্থান-সংঘাতৰ মাজেৰে আহি বর্তমান বিশ্বৰ এক বৃহৎ চলচ্চিত্র উদ্যোগ হিচাপে পৰিগণিত হৈছে।

(নৱেম্বৰ, ২০১৯)

Leave a Reply

Your email address will not be published. Required fields are marked *