মৃত্যুৰ পৰিক্ৰমাত জীৱন

Spread the love

পূবালী ভাগৱতী

অমৰ, যাৰ কেতিয়াও মৰণ নাই। একমাত্র বৃদ্ধা মাকৰে সৈতে সহজ জীৱনটোক লৈ সুখী তেওঁ। এটা সৰু প্ৰতিষ্ঠানৰ কৰ্মচাৰী। গতানুগতিকভাৱে জীৱনটো গৈ থাকোঁতে তেওঁ তলপেটত মাজে মাজে অলপ বিষ অনুভৱ কৰিবলৈ ধৰিলে। বিষটো সহনীয় হৈ থকালৈকে তেওঁ ইয়াক এক সাধাৰণ পেটৰ বিষ বুলিয়ে ধৰি লৈছিল। কিন্তু সহ্যৰ সীমা পাৰ হৈ যোৱাত তেওঁ চিকিৎসকৰ পৰা গম পালে যে তেওঁৰ জীৱনৰ আৰু তিনিটা মাহ মাত্র বাকী আছে। অর্থাৎ তেওঁ আৰু মাত্র তিনি মাহ জীয়াই থাকিব! তেওঁৰ পাকস্থলী ইতিমধ্যে খাই শেষ কৰি পেলোৱা দুৰাৰোগ্য ৰোগটোৰ কোনো চিকিৎসা নাই। মৃত্যুলৈ অপেক্ষা কৰাৰ বাহিৰে তেওঁৰ আৰু উপায় নাই। ডাক্তৰৰ কথাকেইষাৰ শুনি অমৰৰ অৱস্থা কেনে হৈছিল? তেওঁৰ চকুৰ আগৰ পৃথিৱীখন অন্ধকাৰে আৱৰি ধৰিছিল। এজন সাধাৰণ মানুহৰ দৰে মৃত্যু ভয়ে তেওঁক গ্রাস কৰি পেলাইছিল। কিন্তু লাহে লাহে যেতিয়া তেওঁৰ মনটো অলপ শান্ত হ’ল, তেওঁৰ ভিতৰৰ এক অদম্য ইচ্ছাশক্তিয়ে কৈ উঠিল-তিনি মাহ যথেষ্ট সময়, এই তিনি মাহত তুমি জীৱনটো সম্পূর্ণৰূপে জী লোৱা, প্রতিটো দিন এনেদৰে উপভোগ কৰা যিটো তুমি আগতে কেতিয়াও কৰা নাছিলা।

অন্তৰৰ আহ্বান শুনি তেওঁ যেন এক নতুন শক্তি পালে আৰু লগে লগে তেওঁৰ জীৱনত কৰিবলৈ বাকী থকা কামবোৰৰ এখন তালিকা প্রস্তুত কৰিলে।সেই তালিকামতে প্রথমতে তেওঁ এখন গাড়ী কিনিলে। অফিচৰ বদ-মেজাজী boss জনক এটা শিক্ষা দিলে। এসময়ৰ তেওঁৰ প্ৰেয়সী যাক তেওঁ মনৰ কথা খুলি ক’ব পৰা নাছিল, তাইৰ ওচৰলৈ গৈ তাইৰ প্ৰতি থকা গভীৰ অনুৰাগৰ কথা ব্যক্ত কৰিলে, গীটাৰ শিকিলে, বিদেশ ভ্রমণ কৰিলে, বিদেশত থকা তেওঁৰ অন্তৰংগ বাল্যবন্ধুক লগ কৰিলে, বিদেশী নাৰী এগৰাকীৰ প্ৰেমত পৰিল (তেওঁলোকে ইজনে-সিজনৰ ভাষা বুজি নাপাইছিল যদিও আকাৰ-ইংগিতেৰে বুজি লৈছিল), ঘৰৰ পৰা আঁতৰি যোৱা ভায়েকক বুজাই-বঢ়াই ঘৰলৈ আনিলে। অমৰৰ শেষ ইচ্ছাটো আছিল পেপাৰত ফ্রন্ট পেজৰ ফটোত ওলোৱা, এই ইচ্ছা পূৰণ হ’বৰ বাবে তেওঁ নিজেই এখন স্থানীয় কাকতত উলিয়াবৰ বাবে শ্রদ্ধার্ঘ্য লিখি থৈছিল। মৃত্যুৰ পিছত তেওঁৰ সেই ইচ্ছাও পূর্ণ হ’ল। অর্থাৎ অমৰৰ জীৱনত বাকী থকা মাত্র তিনিটা মাহ কেৱল মৃত্যুলৈ অপেক্ষা কৰি দুঃচিন্তাত নকটাই তেওঁৰ জীৱনৰ ইচ্ছাবোৰ পূৰণ কৰি জীৱনটো সম্পূৰ্ণৰূপে জী ল’লে।এই কাহিনীটো আছিল শশান্ত শ্বাহে পৰিচালনা কৰা বলীউডৰ জনপ্রিয় চিনেমা ‘দশভিদানিয়া’ (Dasvidaniya)ৰ কাহিনী।

এজন যুৱকে নিশ্চিত মৃত্যুৰ কথা গম পোৱাৰ পিছতো কেনেদৰে সাহসেৰে মৃত্যুৰ সৈতে মুখামুখি হয়, সেই বিষয়ে এক মর্মস্পর্শী কাহিনী। তেনে এটা মর্মস্পর্শী অথচ সঁচা কাহিনী বর্ণিত হৈছে মিটচ এলবমৰ ‘Tuesday with Morrie’ নামৰ কিতাপখনত।মাচাচুচেটছৰ এখন বিশ্ববিদ্যালয়ব সামাজিক মনস্তত্ব বিষয়ৰ প্ৰফেচৰ মৰি শ্বোৱাৰ্টজ। নাচ-গান, সাঁতোৰ, নৃত্য ভালপোৱা মৰি শ্বোৱাৰ্টজ এদিন এমিঅʼট্রপিক লেটাৰেল স্ক্রেৰ’ছিছ (এক দুৰাৰোগ্য স্নায়বিক ব্যাধি)ত আক্রান্ত হয়। স্পাইনেল কৰ্ডৰ মটৰ নিউৰণ, অর্থাৎ যিবিলাক নিউৰণে আমাৰ অংগ-প্রত্যংগসমূহৰ কাৰ্যদক্ষতা বৰ্তাই ৰাখে, সেই নিউৰণৰ কাৰ্যকুশলতা হ্রাস কৰা এই ৰোগত ক্ৰমশঃ ভৰিৰ ফালৰ পৰা লাহে লাহে দেহৰ ঊর্ধ্বাংশ অসাৰ হৈ আহে। শেষত গৈ এদিন হাওঁফাওঁৰ কার্যক্ষমতা নাইকিয়া হৈ ৰোগী মৃত্যুমুখত পৰে। তেওঁ যে দুৰাৰোগ্য ৰোগত আক্রান্ত আৰু ফল অৱধাৰিত মৃত্যু সেই কথা চিকিৎসকৰ মুখত শুনাৰ পিছত হতাশাগ্রস্ত হৈ মৰি বাহিৰলৈ ওলাই আহে। কিন্তু চৌপাশৰ যান্ত্রিক ধাৰাবাহিকতা দেখি মৰি স্তম্ভিত হৈ পৰিছিল। মৰিৰ বিপৰ্যয়ৰ কথা শুনি পৃথিৱীখন স্তব্ধ হৈ পৰিব লাগিছিল। কিন্তু নহয়। পৃথিৱীখন চলি থাকিল তাৰ গতানুগতিকতাত। লাহে লাহে মৰিয়ে গাড়ী চলাবলৈ, খোজ কাঢ়িবলৈ অসুবিধা পোৱা হ’ল। এটা এটাকৈ তেওঁৰ প্রিয় বস্তুবোৰ যেনে নাচ-গান, সাঁতোৰ আদি ৰোগটোৱে লৈ গৈ থাকিল। এদিন শ্রেণীকোঠাত ছাত্র-ছাত্রীক উদ্দেশ্যি তেওঁ ক’ব লগা হ’ল যে তেওঁ এক দুৰাৰোগ্য ৰোগত ভুগি আছে-I may not live to finish the semester।’ কোনোবাই যদি ইচ্ছা কৰে ছ’চিয়েল চাইক’লজি বিষয়টো এতিয়াও এৰি দিব পাৰে।

ছাত্র-ছাত্রীসকলৰ ভৱিষ্যৎ চিন্তা কৰিয়ে তেওঁ এনেদৰে কৈছিল। মৰিয়ে কিন্তু পৰাজয় স্বীকাৰ নকৰিলে। এক অদম্য ইচ্ছাশক্তিৰে তেওঁ ঠিক কৰিলে যে তেওঁ জীৱনৰ বাকী থকা দিনকেইটাৰ উপযুক্ত ব্যৱহাৰ কৰিব। জীৱন আৰু মৃত্যুৰ মাজৰ সাঁকোডালেৰে মৰিৰ এই যাত্ৰাটো মানুহৰ বাবে শিক্ষাৰ এক সমল হওক আৰু এই যাত্ৰাত ঘটনাক্রমে তেওঁৰ সহযোগী হ’বলৈ আগবাঢ়িল মিটচ এলবম (Mitchel David ‘Mitch’ Albom)। মৰিৰ একালৰ প্ৰিয় ছাত্র, আমেৰিকাৰ এক নম্বৰ ক্রীড়াবিদ মিটচ্চ এলবম। কলেজীয়া শিক্ষা সমাপ্তিৰ পিছত মিটচে মৰিক প্রতিশ্রুতি দিছিল যে তেওঁ যোগাযোগ ৰক্ষা কৰিব। অশ্রুসিক্ত নয়নেৰে মৰিয়ে বিদায় দিছিল তেওঁৰ প্রিয় ছাত্রজনক। কিন্তু মিটচে যোগাযোগ ৰখা নাছিল। উচ্চাকাংক্ষা, প্রতিযোগিতাৰ দৌৰত সেয়া সম্ভৱ হৈ উঠা নাছিল। এনেকৈয়ে সকলো চলি আছিল। হঠাৎ এদিন ৰাতি টিভি খুলি তেওঁ দেখিবলৈ পালে- এটা জনপ্রিয় শ্ব’ত মৰি শ্বোৱাৰ্টজ। তেওঁৰ একালৰ প্রিয় শিক্ষক। ‘এজন প্ৰফেছৰৰ শেষ ক’ৰ্ছঃ তেওঁৰ নিজৰ মৃত্যু।’ টিভিত ভাঁহি আহিল ষোল্ল বছৰৰ আগতে এৰি অহা তেওঁৰ প্রিয় অধ্যাপকগৰাকীৰ কণ্ঠস্বৰ- ‘যেতিয়া এইবিলাক হ’ল, মই নিজকে প্রশ্ন কৰিলোঁ যে মই সকলোৰে পৰা নিজকে বিচ্ছিন্ন কৰিম, যিটো এনে অৱস্থাত সকলোৱে কৰে নে মই জীয়াই থাকিম। মই ঠিক কৰিলোঁ যে মই শেষলৈকে জীৱনটো জীম, জীৱলৈ চেষ্টা কৰিম। মর্যাদাৰে, সাহসেৰে, প্রশান্তিৰে।’ লাহে লাহে তেওঁ নিজে চলা-ফিৰা কৰিব নোৱৰা হ’ল, আনৰ সহায় লৈহে দৈনন্দিন কার্য সম্পাদন কৰিবলগীয়া হ’ল। তথাপি তেওঁ হাৰ নামানিলে। বন্ধু-বান্ধৱৰ লগত আগৰ দৰেই সম্পর্ক ৰক্ষা কৰি চলিলে। বন্ধুবর্গক ক’লে- যদিহে সঁচাই তেওঁলোকে মৰিক সহায় কৰিব খুজিছে, তেনেহ’লে তেওঁক সহানুভূতিৰ পৰিৱৰ্তে দেখা কৰক, ফোন কৰক, তেওঁলোকৰ সমস্যাৰ বিষয়ে তেওঁৰ লগত আগতে যেনেদৰে কৰিছিল, তেনেদৰে আলোচনা কৰক। এনে কৰিলেই তেওঁ ভাল পাব।

ষোল্ল বছৰৰ পিছত মিটচ এলবম তেওঁৰ প্রিয় শিক্ষকগৰাকীৰ কাষলৈ ঘূৰি আহিল। মৰি তেতিয়া হুইল চেয়াৰত। ‘মিটচ, তুমি জানা মই মৰিব ধৰিছোঁ। এই অভিজ্ঞতা কেনেকুৱা তোমাক কওঁ।’ আৰু অধ্যাপকগৰাকীৰ জীৱনৰ শেষ ক্লাছটো আৰম্ভ হ’ল। প্রতি মঙলবাৰে মিটচ এলবম মৰিৰ সৈতে শেষ ক্লাছত বহিল। বিষয়-জীৱনৰ অর্থ। কিতাপ-পত্ৰৰ দৰকাৰ নাই। উৎস- জীৱনৰ অভিজ্ঞতা।মৰি শ্বোৱাৰ্টজৰ সৈতে মিটচ এলবমৰ চৈধ্যটা মঙলবাৰে হোৱা কথা-বার্তাৰে মিটচ এলবমে লিখি উলিয়ালে- Tuesday with Morrie (an old man, a young man and lifes greatest lasson) কিতাপখনৰ প্ৰত্যেকটো পৃষ্ঠাতে লুকাই আছে কিছুমান অন্তর্ভেদী উপলব্ধি। ‘কত মানুহেই আজিৰ পৃথিৱীত অর্থহীন জীৱনেৰে ঘূৰি ফুৰিছে। গুৰুত্বপূর্ণ বুলি ভাবি কৰা কামবোৰো তেওঁলোকে যেন আধা নিদ্রিত অৱস্থাতহে কৰি গৈছে। তেওঁলোকে ভুল কথা খেদি ফুৰিছে। জীৱনক এটা অর্থ দিবলৈ হ’লে আনক ভালপাবলৈ নিজকে সমর্পিত কৰিব লাগিব। তোমাৰ চৌপাশৰ সমাজখনৰ প্ৰতি নিজকে উৎসৰ্গা কৰা, যিয়ে তোমাৰ জীৱনক এটা উদ্দেশ্য আৰু অর্থ দিব।’ মৰিয়ে মিটচ্চক কৈছে- যি সংস্কৃতিত তুমি সহজ অনুভৱ নকৰা, সেইটো তুমি গ্রহণ নকৰোঁ বুলি ক’বলৈ প্রচণ্ডভাৱে শক্তিশালী হ’ব লাগিব। নিজৰ সংস্কৃতি নিজে গঢ়ি লোৱা। তাৰমানে এইটো নহয় যে তুমি তোমাৰ সমাজখনৰ প্ৰত্যেকটো নিয়মকে অশ্রদ্ধা কৰিবা। উদাহৰণস্বৰূপে নাঙঠ হৈ ঘূৰি নুফুৰিবা। ৰঙা লাইট পাৰ হৈ গুচি নাযাবা। সৰু কথাবোৰ মই মানি চলিব পাৰোঁ। কিন্তু ডাঙৰ কথাবোৰ কেনেকৈ আমি চিন্তা কৰিম, কি কথাক আমি গুৰুত্ব দিম, এইবিলাক তুমি নিজেই বাছি ল’ব লাগিব। তুমি কোনো লোকক বা সমাজক এইবোৰ তোমাৰ বাবে নির্ধাৰিত কৰিবলৈ দিব নোৱাৰা। মৃত্যু এক অস্বস্তিকৰ কথা নহয়। জীৱনৰ এক পৰম সত্য।’ মৰিয়ে তেওঁৰ জীৱনকালতেই ক’ত তেওঁক সমাধিস্থ কৰা হ’ব, সেয়া ঠিক কৰি থৈ যায়।কিতাপখনত চৈধ্যটা মঙলবাৰৰ আলোচনাৰ কথাৰ লগতে মিটচ্চ এবমৰ ব্যক্তিগত জীৱনৰ কথাও বর্ণিত হৈছে। মৰিৰ সান্নিধ্যই মিটচৰ জীৱনলৈও পৰিৱৰ্তন আনিছে। চৈধ্য নম্বৰ মঙলবাৰত মৰিয়ে মিটচক চিৰবিদায় জনাইছে আৰু তাৰ পিছৰ শনিবাৰটোত ঢুকাইছে।প্রথম মঙলবাৰে মৰিয়ে মিটচক কৈছিল- ‘এই ৰোগটোরে মোক কি শিকাইছে জানানে? জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল আনক কেনেকৈ প্রেম-ভালপোৱা দিব পাৰি আৰু নিজেও আনৰ প্রেম-ভালপোৱাৰ পাত্ৰ হ’ব পাৰি। ভালপোৱাটোৱেই হ’ল জীৱনৰ যুক্তিসংগত কার্য। মোৰ জীৱনত মই য’লৈকে গৈছোঁ, দেখিছোঁ মানুহে সদায় নতুন কিবা এটা হস্তগত কৰিব খোজে। এখন নতুন গাড়ী, নতুন এটা সম্পত্তি, অত্যাধুনিক খেলনা এটা। আৰু সিহঁতে তোমাক ক’ব খোজে চোৱা চোৱা, মই কি পালোঁ। কিন্তু মানুহক শেষত কি লাগে? ক্রমশঃ মৃত্যুৰ ফালে ধাবিত মোৰ এই অৱস্থাটোত ধন-সম্পত্তি বা ক্ষমতাই মোক বিচৰা অনুভূতিটো দিব নোৱাৰে। লাগিলে এইবোৰ যিমানেই তোমাৰ নাথাকক। টকা-পইচা, সম্পদ নিশ্চয়কৈ মানুহক লাগে। কিন্তু সমস্যাটো হ’ল আমি কি বিচাৰোঁ আৰু কি পাবলৈ হাবিয়াস কৰোঁ তাৰ মাজত। এই সমস্যাৰ সমাধান হিচাপে মৰিয়ে মিটচ্চক কৈছে- ‘মানৱ সমাজখনত বিনিয়োগ কৰা। মানুহত তোমাৰ সম্পদ ব্যয় কৰা। যিবিলাকে তোমাক ভাল পায় আৰু যাক তুমি ভালপোৱা তেওঁলোকক লৈ এটা সৰু সম্প্রদায়ৰ সৃষ্টি কৰা।’এনে বহুতো কথা কৈ গৈছে মৃত্যুমুখী মৰি শ্বোৱাৰ্টজে। সত্য এই কথাবোৰ মৰি শ্বোৱাৰ্টজে তেওঁৰ বাস্তৱ উপলব্ধিবোৰ আমালৈ দি গৈছে। মৃত্যুৰ পৰিক্ৰমাটোৱে এক অনন্য জীৱনৰ ৰূপ লৈছে। ‘মোৰ ধীৰ আৰু ধৈর্যশীল প্রস্থানটোক অধ্যয়ন কৰা। মোৰ সৈতে শিকা। মৃত্যুৰ সৈতে সহাৱস্থান কৰি কেনেদৰে জীয়াই থাকিব লাগে শিকা।’…

(এমিঅʼট্রফিক লেটাৰেল স্কেৰছিছৰ আন এটা নাম Lou Gehrig’s disease। অতি সম্প্রতি এই ৰোগত চিকিৎসাধীন বিখ্যাত ব্যক্তিসকলৰ মাজত আছে পদার্থবিদ ষ্টিফেন হকিং, বুৰঞ্জীবিদ টনি জুট, সংগীতজ্ঞ জোছন বেকাৰ আদি। ৰোগীয়া দেহাৰেই জনপ্রিয় বিজ্ঞানৰ কিতাপ লিখাৰ উপৰি গৱেষণাত জড়িত হৈ অহা হকিং ইতিমধ্যে মৃত্যুঞ্জয়ীৰূপে সমাদৃত হৈছে। -সম্পাদনা কক্ষ)লেখিকাৰ ঠিকনা: ইউ বি ফটোজ ফিচার্চ এজেন্সী, ইউ. বি .ফটোজ, গুৱাহাটী -৭

(এপ্ৰিল, ২০১০)

Leave a Reply

Your email address will not be published. Required fields are marked *