অসমৰ উদীয়মান ছাউণ্ড ডিজাইনাৰ দেৱজিৎ গায়নৰ সৈতে চমু আলাপ

Spread the love

ছাউণ্ড ডিজাইনাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰি অৰং, হান্দুক, কেলেণ্ডাৰ, নদী মাথোঁ বয় আদি কেবাখনো অসমীয়া চিনেমাত ছাউণ্ড ডিজাইনেৰে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হোৱা উদীয়মান ছাউণ্ড ডিজাইনাৰ দেৱজিৎ গায়নৰ সৈতে চমু আলাপ।

পূবালী ভাগৱতী : চিনেমা বুলি ক’লে আমি Audio-Visual মাধ্যম বুজোঁ। সেই অডিঅ’ৰ লগত ডায়’লগ, মিউজিক, বেকগ্রাউণ্ড মিউজিক আৰু লগতে থাকে ছাউণ্ড। চিনেমা এখনত ছাউণ্ডৰ ভূমিকা কেনেধৰণৰ?

দেৱজিৎ গায়ন: ছাউণ্ডৰ ভূমিকা এখন ছবিত যথেষ্টখিনি থাকে। চিনেমা এখনত যেনেদৰে পিকচাৰৰ ভূমিকা থাকে, সেইদৰে ছাউণ্ডৰ ভূমিকা যথেষ্ট। সেই কথাটো উপলব্ধি আমি তেতিয়া কৰিম যদি চিনেমা এখন mute কৰি চাওঁ। যদিও এটা সময়ত ছাইলেন্ট ফিল্ম আছিল কিন্তু ছাউণ্ড অহাৰ পৰা ছবি এখনৰ কাহিনী বা পৰিচালকে কি বুজাবলৈ গৈছে, সেয়া বুজি পোৱাত সুবিধা হয়। আমি ক’ত আছোঁ, অথবা ৰাতি-দিন, গৰম নে ঠাণ্ডা আদি কথাবিলাক শব্দৰে এটা feel দি পিকচাৰটো অর্থবহ কৰি তুলিব পাৰি।

পূবালী ভাগবতী: তাৰমানে ছাউণ্ড নোহোৱাকৈ চিনেমা এখনৰ emotion টো পাব নোৱাৰি?

দেৱজিৎ গায়ন: নোৱাৰি। এতিয়া আমি যেনেকৈ কথা পাতি আছোঁ। কাষেৰে যদি ট্রেইন এখন পাৰ হৈ যায়, দর্শকে তেতিয়া গম পাব যে ওচৰত ৰে’ল লাইন আছে। ছবিখনৰ নান্দনিক সৌন্দর্য বৃদ্ধি কৰিবৰ বাবে, ছবিখনৰ কাহিনীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত ছাউণ্ডৰ যথেষ্ট ভূমিকা আছে।

পূবালী ভাগৱতী: ছাউণ্ড ডিজাইন বুলি ক’লে সহজকৈ আপুনি কেনেকৈ বুজাই দিব?

দেৱজিৎ গায়ন: ছাউণ্ড ডিজাইন বুলি ক’লে এইটো এটা বহু ডাঙৰ বিষয়। সহজকৈ ক’বলৈ গ’লে এখন ছবি চাই থাকিলে যিবিলাক শব্দ আমি শুনি থাকোঁ, সেই গোটেইখিনি ছাউণ্ড ডিজাইনৰ ভিতৰতে পৰে। সংলাপটো থাকেই। তাৰ বাহিৰেও কিছুমান শব্দ ধৰিলওক পৰিবেশ, দিন-ৰাতি, গাঁও নে চহৰ আদি কথাবিলাক ছাউণ্ডৰ সহায়ত সুন্দৰকৈ বুজাই দিব পাৰি। যদি পাকঘৰৰ পৰিৱেশ এটা দেখুৱাব লগা হয়, ষ্ট’ভ জ্বলোৱাৰ শব্দ, পাকঘৰত যদি এটা ফ্রীজ আছে, ফ্রীজ চলি থকাৰ শব্দ, মানুহজনে যদি চাহ বনাই আছে তেন্তে পানী উতলি থকাৰ শব্দ, মানুহজনৰ খোজৰ শব্দ, তেওঁ যে এটা কোঠাৰপৰা আন এটা কোঠালৈ গৈছে, সেই দৃশ্য দেখা নাপালেও শব্দৰে বুজি ল’ব পাৰোঁ।

প্রতিখন ঠাইৰে নিজস্ব বৈশিষ্ট কিছুমান থাকে। গাঁও এখন বুলি ক’লে ডিব্রুগড়ৰৰ ভিতৰৰ বা তিনিচুকীয়াৰ ভিতৰৰ গাঁও এখনৰ যিটো এম্বিয়েন্স, ধুবুৰীৰ গাঁও এখনৰ এম্বিয়েন্সটো বেলেগ হ’ব। ছবি এখনৰ যিদবে নিজস্ব এটা character থাকে ছাউণ্ড ডিটেইলিঙৰো নিজস্ব character থাকে। আৰু প্রতিখন ছবিৰ বাবে সেই character বেলেগ হ’ব।

পূবালী ভাগবতী: পষ্ট প্রডাকশ্যনৰ সময়ত ডিজাইনাৰে ছাউণ্ড কেনেকৈ সজায়?

দেৱজিৎ গায়ন: পষ্ট প্রডাকশ্যনৰ সময়ত চিনেমাখন প্রথম এডিটিং হ’ব। শ্বুটিঙৰ সময়ত যিবোৰ ছাউণ্ড লোৱা হৈছিল সেই ছাউণ্ডবোৰ এডিটৰে প্রথমে lay কৰিব। আজিকালি যিহেতু মাল্টিপল ট্রেকত ৰেকর্ডিং হয়; তিনিটা character এ যদি কথা পাতি আছে, তিনিজনৰ কাৰণে বেলেগ বেলেগ মাইক থাকিব। ইয়াৰ পিছত ডায়’লগ এডিটিং কৰা হয়। ডায়’লগবিলাকৰ continuity মিলাব লগা হয়। ছাউণ্ড ডিজাইনৰ আৰু এটা গুৰুত্বপূর্ণ element হ’ল folly, ডায় ‘লগ ক্লিনিঙৰ সময়ত যিবোৰ ছাউণ্ড কমি যায়, যেনে ভৰিৰ খোজ, কাপটো টেবুলত থোৱাৰ শব্দ সেই ছাউণ্ডবোৰ ফলী আর্টিষ্টে আকৌ নতুনকৈ কৰিবলগীয়া হয়। ইয়াৰোপৰি কিছুমান দৃশ্য ভিজুৱেলি দেখা নাই কিন্তু ছবিখনৰ গতিটো আগবঢ়াই নিবলৈ কিছুমান শব্দ ডিজাইনিঙৰ সময়ত ব্যৱহাৰ কৰা হয়। আমাৰ ভাৰতীয় চিনেমাত বিশেষকৈ সংগীত থাকে, সেই সংগীতো ছাউণ্ড ডিজাইনৰ সময়ত সজোৱা হয়। ইয়াৰ পিছত ছাউণ্ড মিস্কিঙৰ সময়ত ফাইনেল টাচটো দিয়া হয়।

পূবালী ভাগৱতী: এইক্ষেত্ৰত পৰিচালকৰ কেনে সহযোগিতা লাগে?

দেৱজিৎ গায়ন: পৰিচালকৰ সহযোগিতা খুবেই জৰুৰী। তেওঁ যিমান সময় দিব, কাম সিমান ভাল তথা সৃষ্টিশীল হ’ব। কেতিয়াবা এনেকুৱা হয় যে বিশেষ ছাউণ্ড এটা ভাল লগা নাই বা বেলেগ ধৰণে ল’ব পাৰি, তেনেক্ষেত্রত আকৌ শ্বুটিং কৰা হয়। তেতিয়া বিশ দিনৰ ঠাইত আৰু পাঁচদিন শ্বুটিং কৰিব লগা হয়। আনহাতে, শ্বুটিঙৰ ক্ষেত্রত এমাহো লাগিব পাৰে, এবছৰো লাগিব পাৰে, তাৰ কোনো নির্দিষ্ট সময়সীমা নাথাকে। পৰিচালকে কেনেকুৱা ছবি এখন কিমান সময় লৈ কৰিব খুজিছে এই কথাৰ ওপৰত নিৰ্ভৰ কৰে।

পূবালী ভাগবতী: আপুনি ছাউণ্ড ডিজাইন কৰা প্রথম ছবি?

দেৱজিৎ গায়ন: প্রথম ছবি বুলি ক’বলৈ গ’লে সঞ্জীব সভাপণ্ডিত ডাঙৰীয়াৰ ‘জাংফাই জোনাক’ ছবিখনত কাম কৰিছিলোঁ। সেইখন ছবিত মই ছাউণ্ড ডিজাইন কৰা নাছিলোঁ, লকেশ্যন ছাউণ্ড কৰিছিলোঁ। ছাউণ্ড ডিজাইনাৰ হিচাপে উল্লেখযোগ্য সুৰয দুৱাৰাৰ ‘অৰং’, হিমজ্যোতি তালুকদাৰৰ ‘কেলেণ্ডাৰ’, জয়চেং দহোতীয়াৰ ‘হান্দুক’ অনুপম কৌশিক বৰাৰ ‘ববনদী ভটিয়াই’ আদি ছবিত কাম কৰিছোঁ।

পূবালী ভাগৱতী: ইয়াৰ ভিতৰত কোনখন ছবিত কাম কৰি নিজৰ এটা satisfation আহিছে?

দেৱজিৎ গায়ন: সেই কথাটো ক’বলৈ অলপ অসুবিধা হয়। নিজৰ কামটো চোৱাৰ পিছত এটা অসন্তুষ্টি থাকিয়ে যায়, আৰু নতুনকৈ কিবা কৰিব পাৰি নেকি, তেনেকুৱা ভাব এটা হয়। তথাপি ‘অৰং’ আৰু ‘হান্দুক’-এই ছবিদুখনত কাম কৰি কিবা এটা কৰিব পাৰিছোঁ যেন ভাব এটা হয়।

(প্ৰকাশ- জুন, ২০১৯)

Leave a Reply

Your email address will not be published. Required fields are marked *