অসমীয়া চলচ্চিত্র উদ্যোগলৈ অপৰিসীম অৱদান আগবঢ়াই যোৱা শিল্পী

Spread the love

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ৰে আৰম্ভ হোৱা অসমীয়া চলচ্চিত্র উদ্যোগটো বর্তমান অৱস্থাত উপনীত হোৱাৰ দিশত বহু লোকৰ ত্যাগ, কষ্ট, নিষ্ঠা জড়িত হৈ আছে। কিন্তু পৰিতাপৰ কথা যে এই লোকসকল পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। নতুন প্রজন্মই তেওঁলোকৰ নামেই শুনা নাই। তেনে দুজন ব্যক্তিৰ অবদানৰ বিষয়ে চমুকৈ উল্লেখ কৰিব খুজিছোঁ।

অসমীয়া চলচ্চিত্র উদ্যোগৰ লগত জড়িত বহুতৰে অপৰিচিত এজন ব্যক্তি অজান বৰুৱা। অজান বৰুৱাক বাদ দিলে অসমীয়া চলচ্চিত্ৰৰ ইতিহাস অসম্পূৰ্ণ হৈ ৰ’ব। অজান বৰুৱা আছিল একেধাৰে চিত্ৰগ্ৰহণকাৰী, ষ্টান্টমেন, কলা নির্দেশক, কার্টুনিষ্ট, বাদ্যযন্ত্রী, কবি আৰু চিত্রশিল্পী। তেওঁৰ নামৰ আগত যিমান বিশেষণ প্রয়োগ কৰা যায়, সিমানেই কম হ’ব। প্রকৃতাৰ্থত তেওঁ আছিল এজন আজন্ম শিল্পী। অগাধ কল্পনাশক্তিৰ অধিকাৰী অজান বৰুৱা এসময়ত আকর্ষিত হৈছিল কেমেৰাৰ প্রতি। চিনেমাট’গ্ৰাফাৰ হিচাপে আত্মপ্রকাশ কৰিছিল দীনেশ গগৈ পৰিচালিত ‘সূর্য তেজৰ অন্য নাম’ চলচ্চিত্ৰৰ জৰিয়তে। পৰৱৰ্তী সময়ত হলধৰ, মহাৰথী, প্রভাতী পখীৰ গান, ৰে’লৰ আলিৰ দুবৰি বন আদি প্রায় ১৪ খন চিনেমাত দৃশ্যগ্রহণৰ কাম কৰিছিল অজান বৰুবাই। কম বয়সতে অভিনয়ৰ প্ৰতি আকর্ষিত হৈ নাটক কৰিছিল। বিদ্যালয়ত পঢ়ি থাকোঁতে সৰস্বতী, লক্ষ্মীৰ প্রতিমা নিজে গঢ়িছিল অসাধাৰণ প্রতিভাৰ ল’ৰাজনে। উল্লখেযোগ্য যে, অসমীয়া চলচ্চিত্রত প্রথমজন ষ্টান্টমেন আছিল অজান বৰুৱা। যি সময়ত অসমীয়া চিনেমাত ষ্টান্টমেনৰ কোনো ধাৰণাই নাছিল; সেই সময়ত প্রযুক্তিগত সুবিধা নোহোৱাকে ষ্টান্টমেনৰ কাম কৰিবলৈ আগবাঢ়ি আহিছিল অজান বৰুৱা। চিত্রশিল্পী, পৰিচালক পুলক গগৈৰ ‘সেন্দুৰ’ চিনেমাখনত জুইৰ মাজেৰে পাৰ হ’বলগীয়া এটা দৃশ্যত কলপাত গাত মেবিয়াই ষ্টান্টমেনৰ কাম কৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি তেওঁৰ কামৰ প্রতি থকা নিষ্ঠ। যাব বাবে তেওঁ জীৱনকো তুচ্ছ জ্ঞান কৰিছিল। তেওঁৰ বাবে কোনো কামেই আসম্ভব নাছিল। সৃষ্টিশীল মনটোৰে অসাধাৰণ যেন লগা যিকোনো কাম সম্ভৱ কৰি তুলিছিল। গোলাঘাটত শ্বুটিং হৈ থকা ‘দৃষ্টি’ চিনেমাখনৰ বাবে এটা হৰিণাৰ প্ৰয়োজন হৈছিল। অজান বৰুৱাই ছাগলী এটা ধৰি আনি গাত ৰং  কৰি হৰিণাৰ ৰূপ দিছিল।

অসমত প্ৰথম এনিমেশ্যন চিনেমাৰ ধাৰাটো আনিছিল অজান বৰুৱাই। ড. ভবেন্দ্ৰনাথ শইকীয়াৰ চাউলপুৰীয়া গল্পৰ আধাৰত প্ৰথমখন এনিমেশ্যন চিনেমা নিৰ্মাণ কৰিছিল অজান বৰুৱাই। কাৰিকৰী দক্ষতাও যথেষ্ট আছিল অজান বৰুৱাৰ। যিকোনো যন্ত্ৰপাতি নিমিষতে মেৰামতি কৰি পেলাব পাৰিছিল। সেই সময়ত দীঘলী পুখুৰীৰ পাৰত থকা গেৰেজ এটাত বহু ল’ৰাক কাৰিকৰী কাম শিকাইছিল অজান বৰুৱাই। এসময়ত টেলিভিছনত সম্প্ৰচাৰিত ‘পাপু নিকু সংবাদ’ শীৰ্ষক জনপ্ৰিয় ধাৰাবাহিকখনৰ শীৰ্ষ গীতটো ৰচনা কৰা ব্যক্তিজন আছিল অজান বৰুৱা। কলা নিৰ্দেশনাৰ কামো কৰিছিল অজান বৰুৱাই। শিৱপ্ৰসাদ ঠাকুৰৰ সোণমইনাৰ পিছতে প্ৰিয়জন, ৰংমন, ৱশ্চবিপু, পৰিৱৰ্তন আদি চিনেমাত কলা নিৰ্দেশনাৰ কাম কৰিছিল অজান বৰুৱাই। ৱাইল্ড লাইফ ফটোগ্ৰাফীৰে আৰম্ভ হৈছিল অজান বৰুৱাৰ চিত্ৰগ্ৰহণৰ প্ৰতি অনুৰাগ।  আঠ এম এম এটা কেমেৰাৰে বন্ধু পৰাণ চলিহাৰ লগত কাজিৰঙাৰ মনোমোহা দৃশ্যৰাজি সংগ্ৰহ কৰিছিল। যʼতেই অজান বৰুৱাই হাত দিছিল তাতেই সৃষ্টি হৈছিল অভিনৱ শিল্প। অসম আন্দোলনৰ সময়ত নিজ হাতেৰে ৱাকি টকী নিৰ্মাণ কৰিছিল অসাধাৰণ প্ৰতিভাৰ অজান বৰুৱাই।

আন বহু প্ৰতিভাৰ লগতে অজান বৰুৱা পৰিচিত আছিল এজন দক্ষ কাৰ্টুনিষ্ট হিচাপে। ১৯৮১ চনৰ ১ ডিচেম্বৰৰ পৰা প্ৰকাশিত প্ৰান্তিক আলোচনীত পেছাগত কাৰ্টুনিষ্ট হিচাপে যোগ দিছিল। ১৯৮২ চনৰ এপ্ৰিল মাহত যেতিয়া ডিফুত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল, তেতিয়া প্ৰান্তিকে পাঁচমাহ সম্পূৰ্ণ কৰাৰ বাবে সাহিত্যসভাত এখন ষ্ট’ল দিয়া হৈছিল। সেই ষ্টলখন সজাই তোলাৰ লগতে থিতাতে বিশিষ্ট অতিথি সকলৰ কাৰ্টুন আঁকি মানুহৰ মনোযোগ আকৰ্ষণ কৰিছিল। পৰৱৰ্তী সময়ত অজান বৰুৱাৰ দৰে দক্ষ কাৰ্টুনিষ্ট নোপোৱাৰ বাবে প্ৰান্তিকে কাৰ্টুনৰ শিতানটোকে বাদ দিবলগীয়া হৈছিল। উল্লেখযোগ্য যে, চিত্ৰশিল্পী, প্ৰৱন্ধ লেখক মানৱেন্দ্ৰ কুমাৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা অসমৰ প্ৰথমখন কমিকছ আলোচনী ‘লুইত’ ত ঘিটিল নামৰ এটা চৰিত্ৰ সৃষ্টি কৰাৰ ওপৰি বিভিন্ন বিষয় লৈ চিত্ৰ আঁকিছিল অজান বৰুৱাই। অজান বৰুৱাই পাহাৰীয়া ঠাই ভ্ৰমণ কৰি আৰু জনজাতীয় লোকসকলৰ মাজত থাকি খুব ভাল পাইছিল। জাৰৰ দিনত তেওঁৰ কান্ধত সদায় এখন নগা চাল লৈ ফুৰিছিল। জনজাতীয় লোকসকলৰ লগত থাকি আহৰণ কৰা অভিজ্ঞতাৰে সেই লোকসকলৰ কাহিনী, উপ-কাহিনী, কিংবদন্তি আদি ‘লুইত’ কমিকছত অংকন কৰিছিল।

বহুমুখী প্ৰতিভাসম্পন্ন অজান বৰুৱা স্বভাৱতে মুকলিমূৰীয়া আছিল। একে ঠাইতে বেছিদিন থাকিব নোৱাৰিছিল। এটা কাম কৰি আমনি লাগিলে আন এটা কামত হাত দিছিল। প্ৰতিভা থকাৰ কাৰণে তেওঁ যিকোনো কামত দক্ষতা দেখুৱাব পাৰিছিল। চাৰ্কাছতো এবছৰ কাম কৰিছিল অজান বৰুৱাই। নাহৰকটীয়াৰ ‘ষ্টাৰ চাৰ্কাছ’ পাৰ্টিত যোগদান কৰি জীপ জাম্প আৰু মটৰ বাইক জাম্প প্ৰদৰ্শন কৰি দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিছিল।

অজান বৰুৱাৰ উদ্যোগত তথা য়ুথ আৰ্টিষ্ট গ্ৰুপৰ সহযোগত ৰাজ্যিক কলা বিথীকাত নতুন প্ৰজন্মৰ চিত্ৰশিল্পীৰ প্ৰথমখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। ড. ভবেন্দ্ৰনাথ শইকীয়াই অজান বৰুৱাৰ বিষয়ে মন্তব্য কৰিছিল – কিছুমান মানুহ আছে, তেওঁলোকৰ সুকুমাৰ শিল্পকলাৰ পৰা আৰম্ভ কৰি যান্ত্ৰিক কলা-কৌশললৈকে বিস্তীৰ্ণ অঞ্চলৰ বিষয়বস্তুৰ লগত ঘনিষ্ঠ পৰিচয় থাকে। অজান বৰুৱা তেনে এজন ডেকা।’ ক্ষণজন্মা এইজন ব্যক্তিয়ে কম সময়ত যিখিনি কাম কৰি থৈ গ’ল, সাধাৰণ এজন ব্যক্তিৰ বাবে গোটেই জীৱনত কৰা সম্ভৱ নহয়। অসাধাৰণ সৃষ্টি আৰু কৰ্মৰ দ্বাৰা অজান বৰুৱা অমৰ হৈ থাকিব অসমৰ কলাজগতৰ প্ৰতিখন ক্ষেত্ৰতে।

Leave a Reply

Your email address will not be published. Required fields are marked *