অসমীয়া চলচ্চিত্ৰ জগতত এক নতুন জোৱাৰ ‘ৰৈ ৰৈ বিনালে’

Spread the love

পূবালী ভাগৱতী

অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা সপোন আছিল – অসমীয়া চিনেমা উদ্যোগটো এনেদৰে আগবাঢ়ি যাওক যাতে অসমত অসমীয়া চিনেমাৰ হে ঢৌ চলি থাকে। অসমীয়া চিনেমাই যাতে দক্ষিণৰ চিনেমা উদ্যোগকো ফেৰ মাৰিব পাৰে।’ বহু সাংস্কৃতিক মঞ্চ, বিহু মঞ্চ আৰু সাক্ষাৎকাৰত জুবিন গাৰ্গে এই কথা প্ৰকাশ কৰিছিল। শিল্পীজনৰ এই সপোন জীৱিতকালত পূৰণ নহ’লেও মৃত্যুৰ পিছত তেওঁৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনে নব্বৈ বছৰীয়া অসমীয়া চলচ্চিত্ৰ জগতত নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হʼল। অসমৰ প্ৰতিখন চহৰৰ প্ৰায় নব্বৈটা চিনেমাহলত মুক্তিৰ দিনাৰ পৰা এমাহলৈ হাউছফুল হৈ চলিল  ‘ৰৈ ৰৈ বিনালে’।


৩১ অক্টোবৰত মুক্তি লাভ কৰা চিনেমাখনৰ প্ৰথম দিনাৰ উপাৰ্জন ২.৫ কোটি টকা। এসপ্তাহত উপাৰ্জন ১৬.৬৬ কোটি টকা। আৰু ৩০ দিনত উপাৰ্জন ৩৩ কোটি টকা। এয়া কেৱল অসমীয়া চিনেমাৰ ক্ষেত্ৰতে নহয়, ২০২৫ বৰ্ষত মুক্তি লাভ কৰা পাঁচখন ভাৰতীয় চিনেমাৰ অন্যতম অভিলেখ। জুবিন গাৰ্গ অভিনীত, ৰাজেশ ভূঞা পৰিচালিত, শ্যামন্তক গৌতম প্ৰযোজিত চিনেমাখনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। চিনেমাখনৰ প্ৰথম দিনাৰ উপাৰ্জনে শ্বাহৰুখ খান অভিনীত ‘জৱান’ ৰ উত্তৰ-পূবৰ প্ৰথম দিনাৰ উপাৰ্জনক চেৰ পেলাইছিল। ‘জৱান’ৰ উত্তৰ-পূবত প্ৰদৰ্শনৰ সংখ্যা আছিল ৪২৮ টা। আনহাতে, জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ ৰ দৰ্শনী ৬০০ অতিক্ৰম কৰিছিল। দৰ্শকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম মাহত পুৱা ৬ বজাৰ পৰা নিশা ১২ বজালৈকে চিনেমাখন প্ৰদৰ্শন কৰা হৈছিল। অসমৰ প্ৰতিটো চিত্ৰগৃহৰ লগতে অৰুণাচল, মেঘালয় আৰু মণিপুৰত মুক্তিলাভ কৰিছিল ‘ৰৈ ৰৈ বিনালে’। ইয়াৰ লগতে মুম্বাই, কলকাতা, পুনে, কেৰালা, হায়দৰাবাদকে ধৰি দেশৰ বিভিন্ন চহৰত চিনেমাখন প্ৰদৰ্শন কৰা হৈছিল। আনহাতে, ১৫ নৱেম্বৰৰ পৰা ‘ৰৈ ৰৈ বিনালে’ বিদেশতো মুক্তি দিয়া হৈছিল। বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, লণ্ডন, অষ্ট্ৰেলিয়া, ইউ এ ই, কানাডা আদিত দুটামানকৈ শ্ব’ প্ৰদৰ্শন কৰা হয়।


যোৱা বৰ্ষৰ ৩১ অক্টোবৰত ‘ৰৈ ৰৈ বিনালে’ গুৱাহাটীৰ বেলতলাস্থিত মেট্ৰিক্স চিনেমাগৃহত পুৱা ৪.২৫ বজাত প্ৰদৰ্শিত হৈ এক নতুন অভিলেখ সৃষ্টি কৰিছিল। ইয়াৰ পূৰ্বে কোনো অসমীয়া চিনেমা ইমান পুৱা প্ৰৰ্দশন হোৱা নাছিল। অৱশ্যে ভাৰতৰ চিনেমা উদ্যোগত এয়া প্ৰথম নহয়। দক্ষিণৰ অভিনেতা বিজয় অভিনীত ‘দ্য গট’ শীৰ্ষক চলচ্চিত্ৰখন হায়দৰাবাদত পুৱা ৪ বজাতে প্ৰদৰ্শিত হৈছিল। প্ৰাণৰ শিল্পীজনৰ শেষ অভিনয় ৰূপালী পৰ্দাত চাবলৈ পুৱতি নিশাৰ পৰা চিত্ৰ গৃহত দৰ্শকে ভিৰ কৰিছিল। ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ বাবে ইতিমধ্যে সাজু হৈ থকা ‘হোমৱৰ্ক’, ‘যৌৱনে আমনি কৰে ২’, ‘বীৰাংগনা সাধনী’, ‘ককাদেউতা নাতি আৰু হাতী ২’, ‘অগ্নিবান’, ‘মৰমৰ দেউতা’, ‘অগ্নিবীৰ’ কে ধৰি ১০ খন অসমীয়া চলচ্চিত্ৰৰ মুক্তি পিছুৱাই দিয়া হৈছিল।

১৮ নৱেম্বৰত জুবিন গাৰ্গৰ ওপজা দিন। ২০২৪ চনৰ ১৮ নৱেম্বৰৰ দিনাই ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ নামটো ঘোষণা কৰা হৈছিল। ২০২৫ চনৰ জানুৱাৰী মাহত চিনেমাৰ শ্বুটিং আৰম্ভ হৈ মাৰ্চৰ ভিতৰত সমাপ্ত হয়। জিল ক্ৰিয়েছন আৰু আই ক্ৰিয়েছনৰ বেনাৰত নিৰ্মাণ কৰা ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ প্ৰযোজক জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ আৰু শ্যামন্তক গৌতম। চলচ্চিত্ৰখন পৰিচালনা কৰিছে ৰাজেশ ভূঞাই। কাৰ্যবাহী প্ৰযোজক  অনুপম শৰ্মা আৰু ঋতুপ্ৰয়াগ গাৰ্গ। চিনেমাখনৰ কাহিনী জুবিন গাৰ্গৰ, চিত্ৰনাট্য আৰু সংলাপ লিখিছে ৰাহুল গৌতম শৰ্মাই। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। ‘ৰৈ ৰৈ বিনালে’ ৰ টিজাৰ, গীত আৰু মুক্তিৰ দিন মৃত্যুৰ পূৰ্বে স্থিৰ কৰিছিল জুবিন গাৰ্গে। বিভিন্ন সাক্ষাৎকাৰত জুবিনে কৈছিল-ৰৈ ৰৈ বিনালে’ চিনেমাখন সাগৰত আৰম্ভ হৈছে, সাগৰত শেষ হৈছে। সেই সাগৰখন চুবলৈ বিচাৰি ফুৰো। এইখন এখন পৃথক ছবি। মোৰ ১৯ বছৰৰ আগৰ কাহিনী। এতিয়া নিৰ্মাণ কৰিছোঁ। মই কেৱল সাঁতুৰি আছোঁ। বাকী একো নাই। মই সাঁতুৰি ভাল পাওঁ। কিমান দ সেয়া নাচাওঁ, জাঁপ মাৰি দিওঁ। চিনেমাখনত দৃশ্য এটা আছে, পাঁচটামান মানুহক মই বচাই আনিছোঁ। সেইটোৱেই মই ৰিক্ৰিয়েট কৰিছোঁ চিনেমাখনত।’ অসমীয়া চলচ্চিত্ৰ জগতত অভিলেখ গঢ়া এখন চিনেমা ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ প্ৰথম দিনাৰ পৰাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন নতুন অভিলেখ গঢ়ি গৈছে ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনে। প্ৰথম মাহত অসমৰ প্ৰতিটো চিনেমা হল এসপ্তাহলৈ বুকিং হৈ থকা দেখা গৈছিল। দৰ্শকে চিনেমাখন চাবলৈ অপেক্ষা কৰিবলগীয়া হৈছিল। এয়া অসমীয়া চলচ্চিত্ৰ উদ্যোগত এক প্ৰৱল জোকাৰণি যি জুবিন গাৰ্গে দি থৈ গ’ল। এনে জোকাৰণি বহু বছৰৰ মূৰত আহে। পুণৰ এনে এক জোকাৰণি কোনোবাই আনিব পাৰিবনে সেই প্ৰশ্নৰ উত্তৰ এতিয়াই দিব নোৱাৰি। কিন্তু কোনেও ভাবিব নোৱৰা কাম এটা জুবিন গাৰ্গে কৰি দেখুৱালে।


‘ৰৈ ৰৈ বিনালে’ অসমৰ প্ৰথমখন সংগীতধৰ্মী  ৰোমাণ্টিক চিনেমা। ৰাজেশ ভূঞা পৰিচালিত চিনেমাখন সংগীত, কাষ্টিং, অভিনয় আদি সকলো দিশৰ পৰা এখন পৰিপূৰ্ণ চিনেমা। দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমেও শব্দৰ কাম সুন্দৰকৈ কৰিছে। ‘ৰৈ ৰৈ বিনালে’ৰ সংলাপসমূহ অতি শক্তিশালী। জুবিন গাৰ্গে অভিনয় কৰা মুখ্য চৰিত্ৰ ‘ৰাউল’ ৰ সংলাপে যেন সমাজৰ বাস্তৱ স্বৰূপটো উদঙাই দিছে। ‘ৰৈ ৰৈ বিনালে’ত বহু পৰিমাণে জুবিন গাৰ্গৰ জীৱন দৰ্শন ফুটি উঠিছে। এজন অন্ধ শিল্পীৰ অভিনয় তেওঁ নিখুঁতভাবে কৰিছে। ইয়াৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰিছিল।মেথড এক্টিঙৰ গুৰুত্ব বুজি ইয়াক ৰূপায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু সফল হৈছিল। সংগীতৰ দৰে অভিনয় ক্ষেত্ৰতো পাৰদৰ্শী হ’বলৈ চেষ্টা কৰিছিল জুবিন গাৰ্গে। কাৰণ তেওঁ বুজি পাইছিল -চিনেমা এটা শক্তিশালী মাধ্যম যাৰ জৰিয়তে বহু কথা সহজে ক’ব পাৰি। অসমীয়া চলচ্চিত্ৰ উদ্যোগটো আগবঢ়াই নিয়াৰ কথা চিন্তা কৰি কাম কৰিছিল। বহু কাম কৰিবলৈ সময় নাপালে যদিও অসমীয়া চলচ্চিত্ৰ উদ্যোগটো বিশ্বত পৰিচয় কৰাই থৈ গ’ল। বিশ্বই গম পালে, জুবিন গাৰ্গ নামৰ এজন মহান শিল্পীৰ অসমত জন্ম হৈছিল। অসমবাসীৰ বুকুত শিল্পীজনে ঘৰ তৰিবলৈ সক্ষম হৈছিল। অসমবাসীৰ হিয়াৰ আমঠু, অসমীয়াৰ প্ৰাণ আছিল জুবিন গাৰ্গ। অসমবাসীৰ বাবে জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়। অতিমানৱ অথবা ঈশ্বৰপুত্ৰ! ঠিক সেইদৰে ‘ৰৈ বিনালে’ কেৱল এখন অসমীয়া চিনেমা নহয়; অসম আৰু অসমীয়াৰ আবেগ!

Leave a Reply

Your email address will not be published. Required fields are marked *