শিল্পজগতৰ এটা দেওলগা শব্দ ‘এমেচাৰ’ আৰু এখন চিনেমা

Spread the love

পূবালী ভাগৱতী

২০২৫ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আয়োজিত  প্ৰথম এছীয় চলচ্চিত্ৰ মহোৎসৱত কেবাখনো ভাল চিনেমা চোৱাৰ সৌভাগ্য হ’ল। এই মহোৎসৱত প্ৰদৰ্শিত হোৱা আটাইকেইখন অসমীয়া চিনেমাও উচ্চ মানৰ আছিল। শ্ৰুতিস্মৃতি চাংকাকতিৰ ‘বিফʼৰ স্প্ৰিং’, অমৰদ্বীপ গগৈৰ ‘কলাজ’, খঞ্জন কিশোৰ নাথৰ ‘এটা নিৰ্জন দুপৰীয়া’ আৰু ধীৰাজ কাশ্যপৰ ‘এমেছাৰছ’। আমি আলোচনা কৰিব খুজিছোঁ ধীৰাজ কাশ্যপৰ ‘এমেছাৰছ’ চিনেমাখনৰ বিষয়ে। এমেচাৰৰ অসমীয়া ভাবাৰ্থ ‘অপেছাদাৰী’ ; শিল্প-সংস্কৃতিৰ ক্ষেত্ৰখনৰ এটা দেওলগা শব্দ। যুগ সলনি হ’ল, শিল্পৰ শৈলী সলনি হ’ল, সকলো দিশতে নানা পৰীক্ষা -নিৰীক্ষা আহিল। ডিজিটেল পৃথিৱীখনে সকলো ওচৰ চপাই আনিলে। কিন্তু সলনি নহ’ল অপেছাদাৰী শিল্পীসকলৰ দুখ-যন্ত্ৰণা, জীৱন সংগ্ৰাম। এই বিষয়টোকে পৰিচালক ধীৰাজ কাশ্যপে উপস্থাপন কৰিব খুজিছে। ইয়াৰ বাবে তেখেতে নিৰ্বাচন কৰিছে এটা মনোগ্ৰাহী বিষয়বস্তু। সচৰাচৰ নামনি অসমৰ ফালে প্ৰচলিত ঢুলীয়া ‘চং’ সংস্কৃতি। খুহুতীয়া নাটৰ দৰে ইয়াক প্ৰদৰ্শন কৰা হয়। এই শিল্পৰ লগত জড়িত জয়ৰাম তেনে এজন ঢুলীয়া। আৰ্থিক অভাৱে জুৰুলা কৰাৰ পিছতো নিজৰ শিল্পটোৰ প্ৰতি অতি নিষ্ঠাবান এজন শিল্পী।

চিনেমাখনৰ পটভূমি হৈছে আশীৰ দশকৰ অসম আন্দোলনৰ সময়ৰ। পৰিচালকৰ উদ্দেশ্য হৈছে আধুনিকতাই এটা শিল্পৰ প্ৰতি কেনেদৰে ভাবুকি আনে সেয়া উপস্থাপন কৰা। লগতে জয়ৰামৰ দৰে শিল্পীসকলৰ জীৱন সংগ্ৰাম। গতিকে অসম আন্দোলনৰ অস্থিৰ সময় চিনেমাখনত উপস্থাপন কৰা হোৱা নাই। আমি আন্দোলনৰ কিছু ইংগিতহে পাওঁ দুই-এটা দৃশ্যৰ জৰিয়তে। যিহেতু যাত্ৰা পাৰ্টীৰ সৈতে ঢুলীয়া শিল্পৰ সংঘাত দেখুওৱা হৈছে। গতিকে পৰিচালকে পটভূমি আৰু আগৰ ল’ব পাৰিলেহেঁতেন। অৱশ্যে দৰ্শক হিচাপে এই বিষয়ত মোৰ জ্ঞান কম। সেই সময়খিনি আমি দেখা নাছিলোঁ। কিন্তু মোৰ লগত একেলগে চিনেমাখন উপভোগ কৰা এগৰাকী অতি সচেতন দৰ্শক, ঔপন্যাসিক ড. নন্দিতা দেৱীয়ে এই বিষয়টো আঙুলিয়ালে। বাইদেউৰ মতে যাত্ৰা পাৰ্টী বহু আগতে অৰ্থাৎ ১৯৬০-৬২ চন মানলৈহে আছিল। তেন্তে পৰিচালকে অসম আন্দোলনৰ পটভূমি কিয় লʼলে, সেয়া স্পষ্ট নহ’ল।

অৱশ্যে আশীৰ দশকৰ পটভূমি পৰিচালকে নিখুঁতভাবে উপস্থাপন কৰিছে। চিনেমাখনত পোহৰৰ ব্যৱহাৰ আকৰ্ষণীয় হৈছে। চিনেমাটʼগ্ৰাফী কৰিছে নৱ কুমাৰ দাসে। জ‌য়ৰামৰ চৰিত্ৰত ভাস্কৰ মিশ্ৰৰো অভিনয় সন্তোষজনক। পুত্ৰ বিয়োগৰ দিনাও তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰি নাট প্ৰদৰ্শনলৈ গৈছে। কিন্তু অভিনয় বিৰতিৰ সময়ত কান্দোনত ভাঙি পৰিছে। দৰ্শকে বুজি পায় এজন পিতৃ হিচাপে বাহিৰৰ পৰা দেখাত সাহসী হ’লেও তেওঁ পুত্ৰ শোকত মৰ্মাহত। কিন্তু জীৱন আৰু জীৱিকাৰ তাড়নাত কাম কৰিবলৈ বাধ্য। পৰিচালকৰ এইটো এটা সুন্দৰ ট্ৰিটমেন্ট। যিকোনো সমস্যাৰ পিছতো জীৱনটো গৈ থকে-show must go on’ সেয়া দেখুওৱা হৈছে। সেই টকাৰে পুতেকে আগদিনা খাবলৈ ইচ্ছা কৰা বিস্কুট, মিঠাই আৰু আপেল কিনি মৰিশালিত দি পুতেকক মাতি থকাৰ দৃশ্যও মৰ্মস্পৰ্শী। শয্যাশায়ী পুত্ৰই খাবলৈ ইচ্ছা কৰা খাদ্যবস্তুকেইটাই জয়ৰামৰ দৰিদ্ৰতা অধিক স্পষ্ট কৰি তুলিছে। পৰিয়ালৰ ইচ্ছাসমূহ পূৰণ কৰিবলৈ জয়ৰাম অপাৰগ। ইফালে তেওঁৰ সহযোগী শিল্পীসকলে দৰিদ্ৰতাৰ লগত যুঁজিব নোৱাৰি জীৱিকাৰ আন পথ বাচি লৈছে। বহুতে যাত্ৰা পাৰ্টীত যোগ দিছে। জয়ৰামকো সকলোৱে বুজাইছে যে জীয়াই থাকিবলৈ হ’লে তেৱোঁ সেই শিল্প এৰি যাত্ৰা পাৰ্টীলৈ যোৱা উচিত। সময়ৰ লগত খোজ মিলোৱা প্ৰয়োজন। কিন্তু জয়ৰামে নিজৰ শিল্পটো মনে-প্ৰাণে ভালপায়। ইয়াৰ অবিহনে তেওঁ জীয়াই থকাৰ কথা চিন্তা কৰিব নোৱাৰে। তেওঁৰ সহযোগীসকলৰ কোনোবাই সৰুকৈ ব্যৱসায় আৰম্ভ কৰিছে, কোনোবাই কাঠ মিস্ত্ৰী হিচাপে কামত ধৰিছে, কোনোবাই যাত্ৰা পাৰ্টীত যোগ দিছে। কিন্তু ঢোলটো সাৱটি একে ঠাইতে ৰৈ গৈছে জয়ৰাম। লাহে লাহে যাত্ৰা পাৰ্টীৰ প্ৰসাৰতাই জয়ৰামৰ গুৰুত্ব কমাই আনিছে। জয়ৰামৰ নাটকৰ দৰ্শক কমি আহিছে। আৰ্থিক অভাৱে আৰু জুৰুলা কৰিছে। এনে জটিল পৰিস্থিতিৰ মাজতে কোনোবা দুৰ্বৃত্তই জয়ৰামৰ বাসগৃহ জ্বলাই দিয়ে। নাট প্ৰদৰ্শনৰ সকলো সামগ্ৰী জুইত জাহ যায়। ভূতৰ ওপৰত দানহ পৰাদি জয়ৰামৰ জীৱন কলীয়া ডাৱৰে ছানি ধৰে। শেষ দৃশ্যত আমি দেখা পাওঁ তেওঁৰ সহশিল্পী এজনে নিজৰ ঢোলটো জয়ৰামক দি গৈছে। জয়ৰামে আবেগ অশ্ৰুৰে সেই ঢোলটোকে আকৌ সাৱটি লৈছে। ইয়াৰ পৰা বুজা যায় যে সকলো আশা শেষ হোৱাৰ পিছতো জয়ৰামে নিজৰ শিল্পটোকে সাৱটি লৈছে। জয়ৰামৰ দৰে শিল্পীসকলৰ কষ্ট আৰু ত্যাগৰ মাজৰে একোটা শিল্প জীয়াই থাকে। শিল্পৰ কেতিয়াও মৃত্যু নহয়। চিনেমাখনে বহন কৰা এয়া শক্তিশালী বাৰ্তা যিটো পৰিচালক ধীৰাজ কাশ্যপে সুন্দৰকৈ উপস্থাপন কৰিছে।

‘এমেছাৰছ’ চিনেমাখনৰ পটভূমি যেতিয়াৰে নহওক; এনে বিষয়বস্তুৰ প্ৰাসংগিকতা সকলো সময়তে আছে। বহু ক্ষেত্ৰত আমি দেখি আহিছোঁ -শিল্পী মানেই যেন দৰিদ্ৰতা। সেয়া কেৱল ঢুলীয়া শিল্পীয়ে নহয়, সংগীত, নাট্য, চিনেমা আদি সকলো ক্ষেত্ৰতে একোজন জয়ৰাম আছে। নিজৰ, পৰিয়ালৰ কথা নাভাবি; সকলো দুখ-যন্ত্ৰণা আওকাণ কৰি একোটা শিল্পৰ লগত নিষ্ঠাৰে ব্ৰতী হৈ আছে। সততা আৰু আত্মসন্মানেৰে একোটা শিল্প জীয়াই ৰখাত অৰিহনা যোগাই আহিছে।
চিনেমাখনৰ অভিনয়, ছাউণ্ড আৰু চিনেমাটʼগ্ৰাফী ভাল হৈছে। চিত্ৰনাট্য আৰু অলপ মশ্ৰিণ কৰাৰ থল আছিল। তথাপি ধীৰাজ কাশ্যপৰ ‘এমেছাৰছ’ এ এখন ভাল চিনেমা উপভোগ কৰাৰ সন্তুষ্টি প্ৰদান কৰিলে। এই চিনেমাখন চাই থাকোঁতে মনলৈ আহিছিল এসময়ত দূৰদৰ্শনত প্ৰায় টেলিকাষ্ট হৈ থকা বুদ্ধদেৱ দাসগুপ্ত পৰিচালিত ‘বাঘ বাহাদুৰ’ চিনেমাখনৰ কথা। পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাব নোৱাৰিলে পৰম্পৰাগত শিল্প এটা জীয়াই ৰখা কিমান কঠিন সেয়া চিনেমাখনৰ মূল বাৰ্তা আছিল। যুগৰ পৰিৱৰ্তন আৰু প্ৰযুক্তিৰ প্ৰত্যাহ্বানত এনেদৰেই একো একোজন ‘বাঘ বাহাদুৰ’, ‘জয়ৰাম’ সময়ে সময়ে চেলুলয়দত জিলিকি উঠিব!

Leave a Reply

Your email address will not be published. Required fields are marked *