পূবালী ভাগৱতী
ৰীমা বৰাৰ ‘বকুল’ চলচ্চিত্ৰখন আগতে চাইছোঁ। তেতিয়া আন ব্যস্ততাৰ বাবে চিনেমাৰ আলোচনাৰ লগত সক্ৰিয়ভাৱে জড়িত নাছিলোঁ। কিছুদিনৰ আগতে নন্দিতা বাইদেউৰ লগত ৰীমা বৰাৰ চিনেমাৰ কথা পাতিছিলোঁ। বাইদেউক ‘বকুল’ চাবলৈ কৈছিলোঁ। বাইদেউৰ লগত আলোচনা কৰিবলৈ হ’লে নিজে যথেষ্ট prepare হ’ব লাগে! সেইকাৰণে আকৌ দুবাৰমান চালোঁ। চিনেমাখন আকৌ নতুনকৈ চোৱাৰ দৰে লাগিল। বাইদেৱে চিনেমাখন চোৱাৰ পিছত এটা মেচেজ দি থৈছিল – seen the movie Bokul. It seems to be a text for cinema students.’ আহ্। ময়ো এইকেইদিন এই কথাটোৱে ভাবি আছিলোঁ। চিনেমাখন যেন নতুনকৈ আৱিষ্কাৰ কৰিছোঁ আৰু আগ্ৰহেৰে বাট চাই আছিলোঁ -বাইদেউৰ ফʼনটো কেতিয়া আহিব! তাৰপাছত আমি চিনেমাখনৰ কথা আলোচনা কৰিলোঁ।
বাইদেউৰ প্ৰথম প্ৰশ্ন ‘চিনেমাখনে কোনো এৱাৰ্ড নাপালে নেকি? কিয় নাপালে?’ উত্তৰ মোৰ ওচৰতো নাছিল। তেতিয়া যথেষ্ট কৰ্মব্যস্ততাৰ বাবে চিনেমাখন হলত চাবলৈ নোপোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰিলে! জনাসকলে জানে যে ড. নন্দিতা দেৱী সাহিত্যক পৰিচয়ৰ লগতে চিনেমাৰ জ্ঞান থকা এগৰাকী অতি ছিৰিয়াছ দৰ্শক তথা আলোচক।
‘বকুল’ ৰ বিষয়ে সম্পূৰ্ণ আলোচনা ইতিমধ্যে ননিদা, প্ৰশান্ত কুমাৰ দাস আদি দুজনমানে কৰি থৈছে। তাৰপাছত আৰু একো কʼবলগীয়া নাথাকে। তথাপি কিছুমান বিষয় মাজে মাজে আলোচনা কৰা প্ৰয়োজন। ‘বকুল’ ফুলো যিহেতু এবাৰেই নুফুলে। বছৰ বছৰ ধৰি একেজোপা গছতে ফুলি থাকে। তফজ্জুল আলিয়ে ৰচনা কৰা আৰু বীৰেন্দ্ৰ নাথ দত্ত ছাৰে কণ্ঠদান কৰা ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’ গীতটো শুনি থাকি যিদৰে আমনি নালাগে; ঠিক সেইদৰে ৰীমা বৰাৰ ‘বকুল’ চিনেমাখন মাজে মাজে চাই একেখিনি কথাকে পাতি থাকিও আমনি নালাগে। কিন্তু নন্দিতা বাইদেৱে কোৱাৰ দৰে আক্ষেপ হয়- ইমান উচ্চ পৰ্যায়ৰ চিনেমা এখন কিয় underrated হৈ থাকি গʼল! পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ ৰ দৰে ৰীমা বৰাৰ ‘বকুল’ আন চিনেমাৰ ভৰত হেৰাই যাব নেকি!
সঁচাকৈয়ে ‘বকুল’ ৰ চিনেমেটিক ক্ৰাফট অতি উচ্চ পৰ্যায়ৰ। ‘বকুল’ চালে বুজিব পাৰি চিনেমাৰ ক্ৰাফট আয়ত্বত থকা এগৰাকী পৰিচালক ৰীমা বৰা। ‘বকুল’ৰ চিত্ৰনাট্য, চিনেমাটʼগ্ৰাফী, অভিনয় আদি আটাইকেইটা দিশেই শক্তিশালী। ইমান সূক্ষ্মভাৱে পৰিচালকে চিত্ৰনাট্য লিখিছে যে কʼতো এটা অতিৰিক্ত শ্বট দেখা নাযায়। যেনেকৈ গল্প এটা নিৰ্মেদ বুলি কওঁ; ঠিক সেইদৰে কাহিনীৰ প্ৰয়োজনত প্ৰতিটো শ্বট লোৱা হৈছে। কেইটামান দৃশ্যত খুব সূক্ষ্মভাৱে চিনেমেটিক ভাষা প্ৰয়োগ কৰিছে। ৰেডিঅ’ত উগ্ৰপন্থীৰ বাতৰিটো বাজি থাকোঁতে মাছমৰীয়া বকুলে চৰিয়াটোত মাছ কেইটা মেলি দিছে। বহল নদীৰ পৰা আবদ্ধ চৰিয়াটোত পৰি মাছকেইটাই ধৰফৰাইছে। আন এটা দৃশ্যত বকুলৰ জীয়েকে দেউতাকলৈ লিখা চিঠিখন এটা বটলত ভৰাই নদীত উটোৱাই দিয়াৰ পিছত গছৰ ক্ষীণ ডাল এটাত মাত্ৰ এখিলা পাত ওলমি থকা দেখা পাওঁ। এই দৃশ্যই অʼ হেনৰীৰ ‘The last leaf’ গল্পটোলৈ মনত পেলাই দিয়ে। সেই চিঠিখন যেন ছোৱালীজনীৰ শেষ আশা, শেষ ভাৰসা! এনে বহু অৰ্থপূৰ্ণ দৃশ্য চিনেমাখনত ব্যৱহাৰ কৰা হৈছে।
আৰু এটা গুৰুত্বপূৰ্ণ দিশ হ’ল আমাৰ লোক সংস্কৃতিসমূহৰ সঠিক উপস্থাপন। হুঁচৰি, সত্ৰীয়া নৃত্য, ঝুমুৰ, জ্যোতি সংগীত, বিয়া নাম আদি কাহিনীৰ লগত সংগতি ৰাখি ব্যৱহাৰ কৰা হৈছে। ইমান স্বত:স্ফূৰ্ত আৰু স্বাভাৱিকভাৱে বিহু নাম গাইছে যেন চিনেমা নহয়! পৰিচালকে স্বাভাৱিক শ্বট এটা কʼৰবাত আগতীয়াকৈ লৈ থৈছিল।
‘বকুল’ ৰ স্ক্ৰিপ্টৰ লগতে সংলাপ অতি শক্তিশালী। কিছুমান সংলাপ বৰ্তমান সময়ত বেছি প্ৰাসংগিক যেন লাগে। সময়ৰ লগে লগে এই প্ৰাসংগিকতা নি:সন্দেহে বাঢ়ি গৈ থাকিব।
অভিনয়ৰ ক্ষেত্ৰত উৰ্মিলা মহন্ত আৰু উদয়ন দুৱৰাক (অভিনেতা, পৰিচালক অনুপম কৌশিক বৰাই কিছু সময়ৰ বাবে ভুমুকি মাৰিছে) বাদ দি আন সকলো নʼন এক্টৰ। তেওঁলোকৰ পৰা সজীৱ অভিনয় আদায় কৰিছে পৰিচালকে।
‘বকুল’ৰ কাহিনী গঠন multidimensional. সমান্তৰালভাৱে তিনিটা কাহিনী আগবাঢ়ি গৈছে। এই ট্ৰিটমেন্ট চিনেমাত ইমান সহজ নহয়। সাহিত্য ক্ষেত্ৰত মামনি ৰয়ছম গোস্বামী, পূৰবী বৰমুদৈ, অৰূপা পটংগীয়া কলিতা আদি সাহিত্যিকৰ উপন্যাসত এই গঠন দেখা যায়।
একেবাৰে সৰু দুই-এটা ত্ৰুটিক বাদ দি ‘বকুল’ সকলো সময়ৰ বাবে প্ৰাসংগিকতা থকা উচ্চ পৰ্যায়ৰ এখন চিনেমা। ড. নন্দিতা দেৱীয়ে কোৱাৰ দৰে চিনেমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পৰা এখন চিনেমা।
ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ‘অনুনাদ’ চিনেমাখনৰ বাবে ৰীমা বৰাই খুব সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ এটা সামাজিক বিষয় বাছনি কৰিছিল। কিন্তু ‘অনুনাদ’ ৰ ক্ষেত্ৰত তেওঁ multilayr story লৈ স্ক্ৰিপ্ট শক্তিশালী কৰি ৰাখিব নোৱাৰিলে। পৰিচালকৰ মনোযোগ কʼৰবাত শিথিল হোৱাৰ দৰে হ’ল। এই বিষয়টো সহমৰ্মিতাৰ দৃষ্টিৰে চালে বুজিব পাৰি -সৃষ্টিশীল ব্যক্তি এজনৰ প্ৰতিটো সৃষ্টি একে পৰ্যায়ৰ অথবা উৎকৃষ্ট নহ’ব পাৰে। হোমেন বৰগোহাঞিদেৱে এইক্ষেত্ৰত এষাৰ গুৰুত্বপূৰ্ণ কথা কৈছিল যে টেপ এটাৰে নিৰন্তৰ পানী ওলাই থাকিলে মাজতে লেতেৰা পানীও ওলাব। সৃষ্টি প্ৰক্ৰিয়াটো তেনেকুৱাই।’ সেয়ে সমালোচকসকলে গছত উঠাই গুৰি কটা কাম কৰা উচিত নহয়।
আমাৰ বিশ্বাস ৰীমা বৰাই ‘বকুল’ৰ দৰে অথবা ইয়াতকৈ উৎকৃষ্ট চিনেমা পৰৱৰ্তী সময়ত আমাক উপহাৰ দিব!
