২০০৪ চনত মুক্তিলাভ কৰা বাংলা চিনেমা ‘লালন’। বাংলাদেশৰ পৰিচালক তনভীৰ মোকাম্মেলে পৰিচালনা কৰা মিউজিকেল ড্ৰামা চিনেমাখনে শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ শিতানত ২৯ তম বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ১৪০ মিনিট দৈৰ্ঘৰ চিনেমাখন লালন ফকীৰৰ জীৱন আধাৰিত । লালন ফকীৰৰ লগতে বাউল গীতে প্ৰাধান্য লাভ কৰিছে চিনেমাখনত।বাউল গীতৰ প্ৰচাৰক লালন ফকীৰ দাৰ্শনিক, সমাজ সংস্কাৰক হিচাপে এতিয়াও পূজ্য। তেওঁৰ বহু শিষ্য দেশৰ আন ঠাইৰ লগতে বাংলাদেশ আৰু পশ্চিমবংগত আছে। তেওঁ লিখা গানসমূহৰ কোনো পাণ্ডুলিপি নাই। মুখে মুখে প্ৰচাৰিত। লালন ফকীৰক ‘বাউল সম্ৰাট’ বা ‘বাউল গুৰু’ হিচাপে আখ্যা দিয়া হৈছিল। লালন ফকীৰৰ প্ৰকৃত জন্ম ইতিহাস লৈ বিতৰ্ক আছে যদিও চিনেমাখনত উপস্থাপন কৰা অনুসৰি কুষ্টিয়া জিলাৰ ভাড়াৰা গাঁৱত হিন্দু কায়স্থ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। বসন্ত ৰোগত (small pox) আক্ৰান্ত হোৱা বাবে সংগীসকলে তেওঁক ভূৰত তুলি কালীগংগা নদীত উটুৱাই দিছিল। তেওঁৰ সংজ্ঞাহীন দেহ নদীত উটি আহি থকা দেখা পাই এটা মুছলমান পৰিয়ালে তেওঁক উদ্ধাৰ কৰি শুশ্ৰূষা কৰে। সুস্থ হৈ তেওঁ ঘৰলৈ উভতি যাওঁতে মুছলমান গৃহত পানী গ্ৰহণ কৰাৰ বাবে সমাজে বহিষ্কাৰ কৰে। এই দুখত তেওঁ চিৰদিনৰ বাবে গৃহত্যাগ কৰি মুছলমান লোকসকলৰ লগতে থাকিবলৈ লয়। এই ঘটনাই সমাজ-সংসাৰ, জাতি-ধৰ্মৰ প্ৰতি তেওঁৰ মনত বিৰাগভাৱ আনে। সেই গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে তেওঁক আশ্ৰয় দি থকাৰ ব্যৱস্থা কৰি দিয়ে। কুষ্টিয়াৰ ছেউৰিয়া গাঁৱত আশ্ৰমত পাতি বাউল গুৰুৰ ওচৰত দীক্ষা লৈ লালন ফকীৰে বাউল দৰ্শন প্ৰচাৰ কৰে। ‘যা আছে ভাণ্ডে, তাই আছে ব্ৰহ্মাণ্ডে’-এয়া আছিল লালন ফকীৰৰ দৰ্শন। তেওঁ বিশ্বাস কৰিছিল সকলো মানুহৰ মাজত বাস কৰে ‘মনেৰ মানুষ’ অৰ্থাৎ মনৰ মানুহ। আৰু সেই মনৰ মানুহৰ সন্ধান পোৱা যায় আত্মসাধনাৰ মাধ্যমেৰে। সেই সময়ত বঙালী সমাজত ধৰ্ম, জাত-পাত লৈ বিভেদৰ সৃষ্টি হৈছিল। লালন ফকীৰ এই জাত-পাতৰ বিৰুদ্ধে থিয় হৈছিল। জাতি-ধৰ্ম-বৰ্ণহীন মানৱতাৰ এখন সমাজ গঢ়িবলৈ তেওঁ চেষ্টা কৰিছিল। হিন্দু আৰু মুছলমান এই দুই ধৰ্মৰ বিষয়ে অধ্যয়ন কৰি তেওঁৰ গীতসমূহত মৈত্ৰীৰ বাণী ৰচিছিল। হিন্দু-মুছলমান উভয়ে তেওঁৰ ওচৰত দীক্ষা গ্ৰহণ কৰিছিল। জমিদাৰী শোষণৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ লগত তেওঁৰ ভাল সম্পৰ্ক গঢ়ি উঠিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাতৃ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰে লালন ফকীৰৰ এক প্ৰতিচ্ছবি অংকন কৰিছিল যিখন ইণ্ডিয়ান মিউজিয়ামত সংগ্ৰহ কৰি থোৱা আছে।
তনভীৰ মোকাম্মেলে তেওঁৰ চিনেমাখনত লালন ফকীৰৰ দৰ্শন সুন্দৰকৈ উপস্থাপন কৰিছে। চিনেমাখনত বাউল গীতে বিশেষ ভূমিকা লৈছে। পৰিৱেশৰ লগত খাপ খোৱাকৈ পৰিচালকে সুন্দৰভাৱে গীতসমূহ নিৰ্বাচন কৰিছে। লালন ফকীৰৰ ভূমিকাত ৰেইছুল ইছলাম আছাদে সাৱলীল অভিনয় কৰিছে। লালন ফকীৰৰ জীৱন পৰিক্ৰমাৰ মাধ্যমেৰে হিন্দু-মুছলমানৰ মৈত্ৰীৰ এখন ছবি চিনেমাখনত দেখা যায়। হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰি তেওঁ জীৱনৰ প্ৰায়খিনি সময় অতিবাহিত কৰাৰ লগতে মৃত্যু হৈছে মুছলমান সমাজত। এগৰাকী মুছলমান কিশোৰীক তেওঁ নিজৰ সন্তান হিচাপে আঁকোৱালি ডাঙৰ কৰে। তেওঁৰ আশ্ৰমত হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকৰে সমাগম ঘটে। হিন্দু-মুছলমানৰ মৈত্ৰী আৰু ভাতৃত্বৰ নিদৰ্শন চিনেমাখনত সুন্দৰকৈ ফুটি উঠিছে। সেই দিশৰ পৰাও চিনেমাখনত এক সুন্দৰ বাৰ্তা আছে। কলা নিৰ্দেশনা আকৰ্ষণীয়। আশ্ৰমৰ পৰিৱেশ, পদ্মা, কালীগংগা নদীৰ সুন্দৰ উপস্থাপনে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চিনেমাখনৰ শেষৰফালে পদ্মা নদীৰ তীৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাতৃয়ে লালন ফকীৰৰ এক প্ৰতিচ্ছবি অংকন কৰি থকা দেখা যায়। এই দৃশ্য আকৰ্ষণীয়। বাউল গীতৰ নিৰ্বাচন আৰু পৰিৱেশন মনোগ্ৰাহী হৈছে। চিনেমাখনৰ মুঠ দৈৰ্ঘৰ প্ৰায় ৮০ শতাংশ বাউল গীতে প্ৰাধান্য পাইছে যদিও দৰ্শকক এই কথাই আমনি কৰা নাই। এই ক্ষেত্ৰত পৰিচালক সফল হৈছে বুলি ক’ব পাৰি। চিনেমাট’গ্ৰাফীও শলাগিবলগীয়া। মুঠৰ ওপৰত ক’ব পাৰি তনভীৰ মোকাম্মেলৰ ‘লালন’ এখন সফল বায়’পিক চিনেমা।
