‘Children of Heaven’, ‘Colour of Paradise’ ৰ নিৰ্মাতা মাজিদ মাজিদিৰ চিনেমাত শিশু চৰিত্ৰৰ প্ৰাধান্য দেখা যায়। ইয়াত আলোচনা কৰিব খোজা মাজিদ মাজিদিৰ ‘The Song of Sparrows’ চিনেমাখনতো শিশু চৰিত্ৰৰ প্ৰাধান্য আছে। মাজিদিয়ে সাধাৰণ যেন লগা কাহিনী কিছুমান লৈ চিনেমা নিৰ্মাণ কৰে। এইখন চিনেমাৰ নামটোৱে এই কথা প্ৰতিপন্ন কৰে। স্পেৰ’ অসমীয়াত ঘৰচিৰিকা -সাধাৰণতে দেখি থকা এবিধ চৰাই। কিন্তু চিনেমাখন চাই থাকোঁতে এনে লাগে চিনেমাখনৰ নাম ‘Dance of Ostrich’ কিয় নিদিলে! উট পক্ষীৰ চকু জোৰোৱা নান্দনিক নৃত্যই দৰ্শকক অভিভূত কৰে। চিনেমাখনৰ আৰম্ভণিত আমি দেখোঁ ফাৰ্ম এখনৰ ভিতৰত কেবাটাও উট পক্ষীৰ বিচৰণ। চিনেমাৰ নায়ক কৰিমে এই ফাৰ্মখনত উট পক্ষী চোৱা-চিতা কৰে। কৰিমৰ পত্নী নাৰ্জিছ আৰু তিনিটা ল’ৰা-ছোৱালীৰে এখন সংসাৰ। এজন দায়িত্বশীল পিতৃ হিচাপে কৰিমক দেখা যায়। এদিন ফাৰ্মত কাম কৰি থাকোঁতে কৰিমক ঘৰলৈ মাতি পঠিওৱা হয়। ল’ৰা-ছোৱালীবোৰে প্ৰায় শুকাই যোৱা কুঁৱা এটাত খেলি থাকোঁতে ডাঙৰ জীয়ৰী হেনিয়াৰ হিয়েৰিং এইডটো হেৰাই যায়। কৰিমৰ মাজু পুত্ৰ হুছেইন আৰু বন্ধুসকলে কয় যে সিহঁতে কুঁৱাটো চাফা কৰি তাত গল্ড ফিছ্ (ইৰাণত নতুন বছৰত গল্ড ফিছ্ ক্ৰয় কৰাৰ প্ৰথা আছে)পুহিব আৰু সেয়া বিক্ৰী কৰি মিলিয়নাৰ হ’ব। শিশু কেইজনৰ এই সপোনটোৱে চিনেমাখনৰ থীম অথবা গান-যাৰ নাম মাজিদিয়ে দিছে ‘The song of sparrows’. সেই দিশৰ পৰা চিনেমাখনৰ নায়ক শিশুকেইজন বুলিও ক’ব পাৰি। কৰিমে তেওঁলোকৰ সপোনটো মানি ল’ব নোখোজে। কৰিমে ভাবে পৰিয়ালটোৰ তেৱেঁই পালনকৰ্তা। আন কোনেও একো কৰাৰ প্ৰয়োজন নাই। আৰু কৰিমে সেই কাম অতি আন্তৰিকতাৰে, দায়িত্বসহকাৰে আৰু নিষ্ঠাৰে কৰে। ফাৰ্মখনৰ পৰা এটা উট পক্ষী ওলাই যোৱাৰ কাৰণে মালিকে কৰিমক কামৰ পৰা নিলম্বন কৰে।
সেইদিনা কৰিম ঘৰলৈ ঘূৰি যাওঁতে সহকৰ্মী ৰামেজান(Ramezan)এ দিয়া উট পক্ষীৰ কণীটো আৰু তিনিটা ল’ৰা-ছোৱালীৰ বাবে বজাৰৰ পৰা কিবাকিবি লৈ যায়। নাৰ্জিছে যেতিয়া অলপ সন্দেহ কৰি কৰিমক সোঁধে-ফাৰ্মত পিন্ধা পোচাকবোৰ লগত কিয় লৈ আহিল। কৰিমে মনৰ কষ্ট অলপো প্ৰকাশ নকৰাকৈ সাধাৰণভাৱে কয়- সেই কামটো ভাল নাছিল। পইচা কমকৈ দিয়ে।’ কিন্তু কৰিমে জানে পৰিয়ালটো পোহপাল দিবলৈ কামটোৰ কিমান প্ৰয়োজন। ৰামেজানে যেতিয়া কৰিমক কামৰ পৰা উলিয়াই দিছে বুলি কয়, কৰিমৰ চকু-মুখত সেই দুঃচিন্তা ফুটি উঠিছিল। ইতিমধ্যে পানীত পৰি হেনিয়াৰ হিয়েৰিং এইডটো বেয়া হৈছে। নতুন এটা কিনিবলৈ পইচাৰ প্ৰয়োজন। কিন্তু সেই যন্ত্ৰণা কেৱল কৰিমৰহে। ইয়াৰ অলপো আভাস পৰিয়ালটোক দিয়া নাই। ইয়াৰ পৰা বুজা যায় কৰিম পিতৃ আৰু স্বামী হিচাপে দায়িত্বশীল।
উট পক্ষীৰ কণীটো নাৰ্জিছক অমলেট বনাবলৈ দি কৰিমেও নাৰ্জিছক সহায় কৰে। ঘৰৰ কামবোৰ কৰিমসহ আটাইকেইজনে একেলগে কৰে। ইয়াৰদ্বাৰা তেওঁলোকৰ মাজত এক মৰমৰ বান্ধোন দেখা যায়। সেই অমলেট অকলে নাখাই চুবুৰীয়াকো বিতৰণ কৰিছে। সংস্থাপনহীন হৈ পৰা কৰিমে কিন্তু দুখ আৰু মনৰ ক্ষোভ পৰিয়ালটোৰ ওপৰত উজাৰি দিয়াৰ পৰিৱৰ্তে সেই দিনটো উদযাপন কৰে। ভিতৰত ধুমুহা এজাক বলি থকাৰ পিছতো যেন একোৱে হোৱা নাই। কাম এটাহে হেৰুৱাইছে। কৰিম এজন মৰমিয়াল পিতৃ যদিও প্ৰয়োজনত ল’ৰা-ছোৱালীকেইটাক কঠোৰ শাসনো কৰে।
চিনেমাখনৰ প্ৰথম অংশত তিনিটা বস্তু হেৰোৱা আমি দেখোঁ -হিয়েৰিং এইডটো, উট পক্ষীটো আৰু কৰিমৰ চাকৰিটো। আমি দেখা পাওঁ এখন সাধাৰণ পৃথিৱী (simple world) আৰু কৰিমৰ সততা(honesty).
সততাৰ পৰা লোভলৈ পৰিৱৰ্তন

হিয়েৰিং এইডটো ভাল কৰিবলৈ কৰিম তেহৰাণ চহৰলৈ যায়। তাত এজনে ভুলতে কৰিমক বাইক চালক (আমাৰ ইয়াত যেনেকৈ ৰেপিডʼ চালক) বুলি ভাবি তেওঁৰ লগত যাত্ৰা কৰে। কি ঘটিছে একো ধৰিব নোৱৰোঁতেই কৰিমক যাত্ৰাৰ বাবে উচিত মূল্য দিয়ে। সেইদিনা কৰিমে তিনিজন যাত্ৰীৰ ভাৰা মাৰে আৰু আশা কৰাতকৈ অধিক উপাৰ্জন কৰে। (দৈৱক্ৰমে)কৰিমে নতুন কামৰ সন্ধান পায়। ইয়াৰ লগতে আমি দেখা পাওঁ প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ গাঁৱৰ সুন্দৰ পৰিৱেশৰ পৰা চহৰৰ কোলাহল, ব্যস্ততা, যান্ত্ৰিকতা, জীৱনৰ একমাত্ৰ সম্বল ম’বাইলটো আৰু অনেক মিথ্যাৰ সমাহাৰ। কৰিমে বাইকত লৈ যোৱা যাত্ৰীসকলে দৈনিক নানান মিছা কথা কোৱা কৰিমে শুনে আৰু অভ্যস্ত হৈ পৰে। এজন যাত্ৰীক গন্তব্যস্থলত থʼবলৈ যাওঁতে কৰিমে construction site এটা দেখে য’ত লোহা-লংকৰ আদি অপ্ৰয়োজনীয় বহু সামগ্ৰী দʼমাই থোৱা থাকে। এজন কৰ্মচাৰীৰ অনুমতি লৈ কৰিমে এন্টেনা এডাল ঘৰলৈ নিয়ে। ল’ৰা-ছোৱালীকেইটাই টি. ভি. চাবৰ বাবে ভাল এন্টেনা এডালৰ প্ৰয়োজন হৈছিল। লাহে লাহে উপাৰ্জনৰ লগতে এই অপ্ৰয়োজনীয় সামগ্ৰী সমূহৰ প্ৰতিও কৰিমৰ লোভ বাঢ়ি যায়। প্ৰতিদিনে একোটা সামগ্ৰী লৈ ঘৰত গোটাবলৈ ল’লে। কৰিমৰ উপাৰ্জনো ভাল হ’ল। চহৰৰ যান্ত্ৰিকতাই কৰিমক দিনে দিনে লোভীয়া কৰিলে।
Honesty ৰ পৰা Greed লৈ এক পৰিৱৰ্তন বেছি স্পষ্টকৈ দেখা পাওঁ যিদিনা কৰিমে কোনো কামত নহা দৰ্জাখন চুবুৰীয়া শ্ৰীমতী কব্ৰাৰ ঘৰৰ পৰা লৈ আহে। পত্নী নাৰ্জিছে নীলা ৰঙৰ দৰ্জা এখন ঘৰত এনেই পৰি থকাৰ বাবে চুবুৰীয়া ভতিজাকক দি দিছিল। কিন্তু এই কথা গম পাই কৰিমে তেওঁলোকৰ পৰা দৰ্জাখন ঘূৰাই লৈ আহে। কৰিমৰ লোভ এই দৃশ্যত স্পষ্ট হৈ পৰিছে। এটা লং শ্বটত দেখা যায় দৰ্জাখন পিঠিত লৈ কৰিম ফোপাই-জোপাই বাটকুৰি বাই গৈ থাকে। এই দৃশ্য এক মেটাফৰ হিচাপে লৈ পৰিচালকে বুজাব খুজিছে যে মানুহে এনে কিছুমান বস্তুৰ ভাৰ বহন কৰি থাকে যাৰ প্ৰয়োজন জীৱনত কেতিয়াও নহয়। আন এটা দৃশ্যত দেখা যায় কৰিমে দোকান এখনৰ পৰা ৰেফ্ৰিজৰেটৰ এটা এঠাইত দিবলৈ নিওঁতে বাইকখন ৰাস্তাত বেয়া হয় আৰু কৰিম সহকৰ্মী সকলৰপৰা বহুদূৰ পিছপৰি ৰয়। ফ্ৰিজটো ঘৰলৈ লৈ গৈ পিছদিনা যথাস্থানত দিয়াৰ পৰিৱৰ্তে কʼলা বজাৰত বিক্ৰী কৰাৰ কথা কৰিমে ভাবে। এই উদ্দেশ্যেৰে বজাৰলৈ গৈ থাকোঁতে হঠাৎ উট পক্ষীৰে ভৰ্তি ট্ৰাক এখন কৰিমৰ চকুত পৰে। উট পক্ষীকেইটা দেখি কৰিমৰ মনলৈ আহে আগতে ফাৰ্মখনত কিমান সততা আৰু নিষ্ঠাৰে তেওঁ কাম কৰিছিল। কৰিমৰ মনলৈ এক পৰিৱৰ্তন আহে আৰু ফ্ৰীজটো বিক্ৰী নকৰি যথাস্থানত দি আহে।(দৈৱক্ৰমে) উট পক্ষীৰ দৰ্শনে কৰিমক নৈতিক স্খলনৰ পৰা ৰক্ষা কৰে য’ত এবাৰ পিছল খালে উভতনিৰ আৰু পথ নাথাকে।
‘লোভেই পাপ, পাপেই মৃত্যু’- এই প্ৰবচনশাৰীৰ উদাহৰণ চিনেমাখনত দেখা যায়। চহৰৰ পৰা পেলনীয়া সামগ্ৰীসমূহ নি কৰিমে ঘৰৰ চোতালত দʼম কৰে। নাৰ্জিছে বেয়া পালেও এই সামগ্ৰীসমূহ কেতিয়াবা প্ৰয়োজন হ’ব বুলি কয়। এদিন এই দʼমটোত কিবা বিচাৰি থাকোঁতে কৰিম হঠাৎ তলত পৰি যায় আৰু বস্তুবোৰ কৰিমৰ গাৰ ওপৰতে পৰে। একপ্ৰকাৰ নিজ কৰ্মৰ ফল ভুগে। (দৈৱক্ৰমে)কৰিম ৰক্ষা পৰে যদিও ভৰিত বেয়াকৈ দুখ পায়। ইয়াৰ পিছত বহুদিন শয্যাগত হৈ থাকিবলগীয়া হয়।
নৈতিক স্খলনৰ পৰা শুধৰণিৰ যাত্ৰা

এই শয্যাত থকা সময়চোৱা কৰিমৰ নৈতিক স্খলনৰ পৰা শুধৰণিৰ এক যাত্ৰা বুলি ক’ব পাৰি। কৰিমেই পৰিয়ালটোৰ একমাত্ৰ কৰ্তা বুলি যি ধাৰণা কৰিছিল সেয়া ভুল প্ৰমাণিত হয়। নাৰ্জিছৰ লগতে পৰিয়ালৰ আটাইকেইজন সদস্যই বিভিন্ন কামেৰে ঘৰখনৰ দায়িত্ব লয়। কৰিমৰ শুশ্ৰূষা কৰে। চুবুৰীয়া লোকসকল আহি কৰিমৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে আৰু উপাৰ্জনৰ ক্ষেত্ৰত নাৰ্জিছক সহায় কৰে। এদিন নাৰ্জিছে চোতালত থকা অলাগতীয়াল বস্তুবোৰ বাহিৰলৈ উলিয়াই দিয়াৰ দৃশ্য কৰিমে মাত্ৰ অসহায় হৈ চাই থাকে। হুছেইন আৰু লগৰকেইজনে সোণালী মাছ প্ৰতিপালন কৰিব খোজা কথাটোত নাৰ্জিছে সন্মতি জনাইছিল আৰু মাছ কিনিবলৈ পইছাও দিছিল। হুছেইনে নিজেও বিভিন্ন কামেৰে উপাৰ্জন কৰি মাছ কিনিবলৈ টকা সাঁচিছিল। সিহঁতে লগ লাগি কুঁৱাটো মাছ প্ৰতিপালনৰ উপযুক্ত হোৱাকৈ চাফা কৰি পেলাইছিল। কামৰ পৰা এদিন ঘূৰি আহোঁতে কৰিমে দেখি আচৰিত হৈছিল যে কুঁৱাটো পৰিষ্কাৰ পানীৰে চপচপিয়া হৈ আছে। পানীৰে ভৰি থকা কুঁৱাটোৰ এটা কোণত এহাল ঘৰচিৰিকা চৰায়ে বাহ সাজিছে। ইয়াৰ পৰাই শুনা যায় ঘৰচিৰিকা চৰাইৰ কিচিৰ-মিচিৰ শব্দ -song of sparrows. এই সোণালী মাছৰ সপোনটোৱে ঘৰচিৰিকা চৰাইৰ গীত হৈ গুণগুণাবলৈ ধৰে। এই গীতে কৰিমক বস্তুবাদী জগতখনৰ পৰা প্ৰকৃতিৰ সংস্পৰ্শলৈ ঘূৰি অহাৰ ক্ষেত্ৰত সহায় কৰে। অৱশ্যে হুছেইনহঁতৰ সোণালী মাছ প্ৰতিপালনৰ সপোনটো সফল নহ’ল। চহৰৰ পৰা গাড়ীত মাছ লৈ আনোতে পাত্ৰটো ফুটা হৈ পানী ওলাই যায়। মাছকেইটা জীয়াই ৰাখিবলৈ কাষৰ নলাত মাছখিনি এৰি দিবলগীয়া হয়। এই কথাই শিশুকেইটাৰ উদাৰতা প্ৰকাশ কৰিছে। মাজিদিৰ চিনেমাত যেনেকৈ শিশু চৰিত্ৰৰ প্ৰাধান্য থাকে, তেনেকৈ থাকে শিশুমনত প্ৰকৃতিৰ প্ৰতি উদাৰ মনোভাৱ। ‘Colour of Paradise’ তো শিশুৰ সৰল মন আৰু সেই সৰল মনত প্ৰকৃতিৰ প্ৰতি থকা উদাৰতা দেখা যায়। দৃষ্টিহীন মোহম্মদে চৰাই পোৱালি এটা উদ্ধাৰ কৰাৰ স্পৰ্শকাতৰ দৃশ্য ‘Colour of paradise’ ত দেখা যায়। প্ৰকৃতি, পশু-পক্ষীৰ সমাহাৰ থকা মাজিদ মাজিদিৰ চিনেমাসমূহ সঁচাকৈয়ে colourful. ‘Song of Sparrows’ ত দেখা যায় বিস্তৃত সেউজীয়া খেতিপথাৰ, ঝাওবন, উট পক্ষী, ঘৰচিৰিকা চৰাই, সোণালী মাছ আদি। এই প্ৰকৃতি মানুহৰ ভাগ্য নিয়ন্তা হিচাপেও দেখা যায়। কৰিম শয্যাত থাকোঁতে ৰামেজানে খবৰ দি যায় যে হেৰুৱা উট পক্ষীটো ফাৰ্মলৈ ঘূৰি আহিছে। কৰিম আকৌ কামলৈ যাব পাৰিব।
আমি দেখা পাওঁ ঘৰখনৰ কামবোৰ আটাইকেইজন সদস্যই মিলি একেলগে কৰে। আগতে উল্লেখ কৰাৰ দৰে অমলেট বনোৱা কামটো সকলোৱে মিলি কৰিছে, মটৰ চাইকেলখন ধুইছে, টি ভিৰ এন্টেনা লগাইছে, নাৰ্জিছৰ চিলাই মেচিনটো কৰিমে ঠিক কৰি দিছে, দৈনিক উপাৰ্জন ৰাতি নাৰ্জিছৰ হাতত তুলি দিছে। এইদৰে সকলোৱে জীৱনৰ সৰু সৰু সুখবোৰ উদযাপন কৰিছে। যন্ত্ৰণাৰ সময়ত কৰিমে গীত গাই সেই যন্ত্ৰণা লাঘৱ কৰিবলৈ চেষ্টা কৰিছে। সোণালী মাছকেইটা পেলাই দিয়াৰ পিছত লʼৰাকেইটাৰ যন্ত্ৰণাকাতৰ মুখবোৰ দেখি কৰিমে গীত গাই সিহঁতক হহুৱাবলৈ চেষ্টা কৰিছে। সপোন ভাঙি যোৱাৰ দুখেৰে ভাৰাক্ৰান্ত ল’ৰাকেইটাৰ কৰুণ মুখবোৰ কেমেৰাই খুব সুন্দৰকৈ দেখুৱাইছে। শেষৰ দৃশ্যত পৰিচালকে বাস্তৱ আৰু কল্পনাৰ সংমিশ্ৰণ ঘটাইছে- এজাক উট পক্ষী কৰিমৰ ফালে আগবাঢ়ি আহিছে আৰু হেৰুৱা উট পক্ষীটোৱে বিভিন্ন ভংগীমাৰে উদ্দাম নৃত্য কৰিছে। এই দৃশ্যই দৰ্শকক অভিভূত কৰি তুলে।
মাজিদিয়ে সাধাৰণ যেন লগা কাহিনী কিছুমান লৈ চিনেমা নিৰ্মাণ কৰে। কিন্তু এই সাধাৰণ কথাবোৰত জীৱনৰ মহত্ব সোমাই থাকে। ‘The Song of Sparrows’ ত Simplicity, Greed, Purification আৰু destiny ৰ কথা আছে। আমি যাক destiny বুলি কওঁ সেই ভাগ্য অথবা দৈৱৰ ক্ৰিয়া বিভিন্ন সময়ত কৰিমৰ জীৱনত ঘটা দেখা যায়। দৈৱক্ৰমে কৰিমে নতুন কামৰ সন্ধান পায়, উট পক্ষীটো ফাৰ্মলৈ ঘূৰি আহে আৰু দৈৱক্ৰমে নৈতিক স্খলনৰ পৰা কৰিম ৰক্ষা পৰে।
চিনেমাখনত লং শ্বটত লোৱা কেবাটাও নান্দনিক দৃশ্য আছে। উট পক্ষীটো বিচাৰি কৰিমে উট পক্ষীৰ বেশত পাহাৰৰ ফালে গৈ থকা দৃশ্য, নীলা দৰ্জাখন পিঠিত লৈ পথাৰৰ মাজেৰে খোজকাঢ়ি যোৱাৰ দৃশ্য আৰু শেষত হেৰুৱা উট পক্ষীটোৱে বিভিন্ন ভংগীমাৰে কৰা উদ্দাম নৃত্য আদি।
‘The Song of Sparrows’ ত মানৱ জীৱনৰ মহত্ব ফুটি উঠিছে। সাধাৰণ কাহিনীৰে জীৱনৰ দৰ্শন ডাঙি ধৰা মাজিদিৰ স্বকীয়শৈলী ইয়াত ফুটি উঠিছে।
মাজিদ মাজিদিৰ ‘দ্য ছং অৱ স্পেৰʼছ চিনেমাখনৰ অভিনয়ৰ বিষয়ে উল্লেখ নকৰিলে আলোচনাটো আধৰুৱা হ’ব। কৰিমৰ চৰিত্ৰত অভিনয় কৰা Reza Naji ক বাদ দি আন সকলো নন-এক্টৰ (অপেছাদাৰী অভিনেতা)। ৰেজা নাজিয়ে মাজিদিৰ ‘Children of Heaven'(১৯৯৭)ৰ জৰিয়তে প্ৰথম চিনেমাত অভিনয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ থিয়েটাৰত অভিনয় কৰিছিল। কৰিম চৰিত্ৰটোত শক্তিশালী অভিনয়ৰ বাবে ৰেজা নাজিয়ে বহু চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে। কেৱল ৰেজা নাজি নহয় চিনেমাখনত সকলো অভিনেতা-অভিনেত্ৰীয়ে সৱল অভিনয় কৰিছে। হুছেইনকে ধৰি আটাইকেইটা শিশু চৰিত্ৰই শক্তিশালী অভিনয় কৰিছে। সোণালী মাছখিনি পেলাই দিয়াৰ পিছত সেই যন্ত্ৰণা খুব সাৱলীলভাৱে ফুটাই তুলিব পাৰিছে।
দ্বিতীয় মন কৰিবলগীয়া কথাটো হ’ল চিনেমাখনৰ ক্ৰেডিট টাইটল। ইংৰাজী নাম অথবা ছাবটাইটল ব্যৱহাৰ কৰা হৈছে সকলোৱে বুজি পাবৰ বাবে। কিন্তু চিনেমাখনৰ মূল ভাষা-পাৰ্চিয়ান। সেয়ে আৰম্ভণিৰ পৰা শেষলৈকে সেই ভাষাই দেখা যায়। নিজৰ ভাষাটোৰ ক্ষেত্ৰত মাজিদিৰ দৰে চলচ্চিত্ৰ নিৰ্মাতাসকল অতি সচেতন। চিনেমা এখনৰ নাম আৰু ক্ৰেডিট টাইটল মাতৃভাষাত দিয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে চলচ্চিত্ৰ সমালোচক ননিৰ ‘চিনেমা ভাৱনা-চিন্তা’ গ্ৰন্থখনৰ এই অংশটো তুলি দিছোঁ -মোৰ চকুত পৰা এটি বিসংগতি অথবা চাই থাকোঁতে দৃষ্টিকটু লগা কথাটো হ’ল চলচ্চিত্ৰবোৰত ক্ৰেডিট টাইটলসমূহ দিওঁতে ইংৰাজীৰ আধিপত্য। তেখেতসকলক মাথোঁ great master সকলৰ চলচ্চিত্ৰ চাবলৈ অনুৰোধ জনালোঁ, কাৰণ তেওঁলোকে নিজৰ চলচ্চিত্ৰত নিজা মাতৃভাষা সন্মানৰ সৈতে ক্ৰেডিট টাইটলত ব্যৱহাৰ কৰে। মই ভাবোঁ ইংৰাজীত কাৰ্যকুশলীৰ নাম নিদিলেও হয়। বহি:বিশ্বৰ দৰ্শকৰ বাবে যিহেতু ছাবটাইটল থাকিবই। আৰু ইয়াত সেই জাতীয়তাবোধ বা নিজৰ ভাষাটোৰ প্ৰতি মমত্ববোধ আৰু দায়িত্বও আছে।’
