এক নিভাঁজ প্ৰেম কাহিনী-Baran

Spread the love

পূবালী ভাগৱতী

ৰোমান্টিক চিনেমা বুলি কʼলে আমাৰ মনলৈ সাধাৰণতে আহে ৰোমান্টিক গীতৰ সমাহাৰ, গোলাপ, চকলেট আদি বিভিন্ন উপহাৰ। আৰু এতিয়াৰ চিনেমাবোৰত যৌনতা নোহোৱাকৈ ৰোমাঞ্চ সম্ভৱেই নহয়। ভেলেন্টাইন ডে’, চকলেট ডে’, কিছ্ ডে’ আৰু কত কি। কিন্তু এইবোৰ একো নোহোৱাকৈ, প্ৰেমিক-প্ৰেমিকাৰ মাজত এষাৰি বাক্যৰো বিনিময় নোহোৱাকৈ দৰ্শকৰ হৃদয় চুব পৰা এখন অসাধাৰণ ৰোমাণ্টিক চিনেমা Baran. মাজিদ মাজিদিৰ এই চিনেমাৰ কাহিনীটো ‘প্লেট’নিক লাভ ষ্টʼৰী’ৰ দৰে। কলেজীয়া দিনত এই বিষয়টো আমাৰ মাজত চৰ্চা হৈছিল -প্লেট’নিক প্ৰেম। য’ত দেহৰ প্ৰয়োজনীয়তা নাথাকে। নাথাকে আশা প্ৰতিদানৰ, জৈৱিক মিলনৰ। কাৰোবাৰ চকুত চকু ৰাখি হৃদয়ৰ সমস্ত হাবিয়াস পূৰ্ণ হ’ব পৰা প্লেটʼনিক প্ৰেমৰ বিষয়ে আলোচনা হৈছিল আৰু সেই আলোচনাবোৰৰ আঁত ধৰি প্লেট’নিক প্ৰেমক লৈ নিৱন্ধ এটা লিখিছিলোঁ-বিষয় প্ৰেম, কিছু বিক্ষিপ্ত চিন্তা’ শীৰ্ষক। আৰু তেতিয়া এই আলোচনাবোৰৰ পৰা এই মীমাংসাত উপনীত হৈছিলোঁ-যʼত প্ৰেম থাকে, তাতেই থাকে প্ৰত্যাশা। প্ৰেমিক-প্ৰেমিকাই বিচাৰে পৰস্পৰৰ সান্নিধ্য, স্পৰ্শ। সেয়ে হয়তো প্ৰেম শৰীৰ বিবৰ্জিত হ’ব নোৱাৰে। তাৰপাছত ‘প্লেট’নিক লাভ’ টাৰ্মটোৱে পাহৰি গৈছিলোঁ। সেই আলোচনাবোৰলৈ আৰু প্লেট’নিক প্ৰেমৰ বিষয়টোলৈ মনত পেলাই দিলে মাজিদ মাজিদিৰ কবিতাৰ দৰে লগা ‘Baran’ চিনেমাখনে। পাৰ্চী ভাষাত baran মানে-বৰষুণ।

তেহৰাণ চহৰখনলৈ লাহে লাহে শীত নামি আহিছে। চহৰৰ নিৰ্মাণথলী এটাত কাম কৰে বহুসংখ্যক আফগান শৰণাৰ্থীয়ে। ১৯৭৯ চনত ছোভিয়েট আগ্ৰাসনৰ ফলস্বৰূপে আফগানিস্তানৰ বহু নাগৰিক কাষৰীয়া ইৰাণ আৰু পাকিস্তানলৈ সুৰক্ষাৰ বাবে গুছি গৈছিল। কিন্তু সেই দেশবোৰত তেওঁলোক আছিল পৰিচয় পত্ৰবিহীন শৰণাৰ্থী। তেওঁলোকক কামত নিয়োগ কৰাৰ ক্ষেত্ৰতো চৰকাৰী নিষেধাজ্ঞা আছিল। তথাপি তেহৰাণৰ কাষৰীয়া সেই নিৰ্মাণথলীবোৰত স্থানীয় ইৰাণী লোকৰ লগতে আফগান শৰণাৰ্থীসকলেও কাম কৰিছিল। তেনে এটা নিৰ্মাণথলীৰ মেনেজাৰ হিচাপে আছিল মেমাৰ(Memar) নামৰ এজন লোক।‌ মেমাৰ খঙাল হ’লেও ভাল অন্তৰৰ আৰু শ্ৰমিকসকলৰ প্ৰতি সহানুভূতিশীল। সেই নিৰ্মাণথলীত কাম কৰে ১৭ বছৰীয়া লটিফ নামৰ স্থানীয় ল’ৰা এজনে। লটিফে টান কাম কৰাৰ সলনি চাহ বনোৱা আৰু বজাৰ-সমাৰ কৰে। বেপেৰুৱা স্বভাৱৰ বাবে লটিফৰ শ্ৰমিক দুজনমানৰ লগত প্ৰায় খকা-খুন্দা লাগি থাকে। মেমাৰে লটিফক মাহেকীয়া পাৰিশ্ৰমিক দিয়াৰ সলনি হাত খৰছ মাজে মাজে দিয়ে।

নিৰ্মাণথলীলৈ এদিন আহিল ৰহমত (Rahmat) নামৰ ১৪ বছৰীয়া কিশোৰ এজন। এদিন কাম কৰি থাকোঁতে দুই মহলাৰ পৰা পৰি ৰহমতৰ দেউতাক নাজাফ আঘাতপ্ৰাপ্ত হৈছিল। তেওঁ নিজে কাম কৰিব নোৱৰা হোৱা বাবে ৰহমতক কামলৈ পঠিয়াইছিল। কিন্তু ৰহমত দেখাত দুৰ্বল আৰু বয়সত সৰু। সেয়ে চিমেণ্টৰ বস্তা আদি উঠোৱা টান কামবোৰ কৰোঁতে অসুবিধা পোৱাৰ বাবে মেনেজাৰে ৰহমতক ৰান্ধনী ঘৰ চম্ভালিবলৈ দি লটিফক আন কামত লগাই দিয়ে। ৰহমতৰ কাৰণেই সহজ কামটো হাতৰ পৰা যোৱাত ৰহমতৰ ওপৰত লটিফ অসন্তুষ্ট হৈছিল। সুবিধা বুজি ৰহমতক দিগদাৰি দিবলৈ চাইছিল। কিন্তু এদিন লটিফে ৰান্ধনী ঘৰৰ পৰ্দাৰ ফাঁকেৰে যি দৃশ্য দেখিলে, সেই দৃশ্যই লটিফৰ জীৱন সলনি কৰি পেলালে। লটিফৰ মন আৰু হৃদয়ত অদ্ভূত পৰিৱৰ্তন ঘটিল। বতাহত উৰি থকা পৰ্দাৰ ফাঁকেৰে লটিফৰ চকুত পৰে একোচা দীঘল চুলি। ফনি এখনে চুলি কোচাত ভাজ তুলি আছে। আইনাখনৰ ইটো পাৰে এজনী ছোৱালী! লটিফে বুজি পালে যে ৰহমতৰ বেশত সেয়া এজনী ছোৱালী! ৰহমতৰ ওপৰত থকা লটিফৰ খং, অভিযোগ নিমিষতে নোহোৱা হৈ গ’ল। ইমানবোৰ পুৰুষৰ মাজত কাম কৰিবলগীয়া হোৱা ৰহমতৰূপী ছোৱালীজনীৰ প্ৰতি লটিফৰ সহানুভূতি উপজিল। ৰহমতক সকলো সময়তে লটিফে লক্ষ্য কৰি থাকিবলৈ ল’লে। শ্ৰমিকসকলৰ পৰা তাই অসুবিধা পোৱা যেন দেখিলে লটিফে তাইক সুৰক্ষা দিবলৈ যায়। লটিফৰ বাদে আন কোনেও জনা নাছিল যে ৰহমত এজনী ছোৱালী। লটিফৰ সহানুভূতি লাহে লাহে গাঢ় প্ৰেমলৈ ৰূপান্তৰ হʼল (Sympathy turns into Empathy, which then turns into Love) সকলো সময়তে লটিফ তাইৰ ভাৱনাতে বিভোৰ হৈ থাকিবলৈ ল’লে। এই সহমৰ্মিতা ৰহমতেও বুজি পাইছিল। কিন্তু দুয়োৰে মাজত কথাৰ বিনিময় হোৱা নাছিল। ৰহমতে কাৰোঁ লগত কথা নপতাকৈ নীৰৱে মাত্ৰ নিজৰ কাম কৰি গৈছিল। আন শ্ৰমিকসকল আৰু মেমাৰেও এই কথাটোত গুৰুত্ব দিয়া নাছিল। বয়সত সৰু আৰু শৰণাৰ্থী হোৱাৰ বাবে ৰহমতে কথা পাতিবলৈ ভয় কৰে বুলি হয়তো সকলোৱে ভাবিছিল। 

এদিন নিৰ্মাণথলী পৰ্যবেক্ষণৰ বাবে চৰকাৰী বিষয়া আহোঁতে ৰহমতক ৰাস্তাতে দেখা পাই গম পালে যে সেই নিৰ্মাণথলীত আফগান শৰণাৰ্থীয়ে কাম কৰে। ফলত আফগান শ্ৰমিকসকল তাৰ পৰা যাবলৈ বাধ্য হয়। ৰহমতৰ অনুপস্থিতিত লটিফ অকলশৰীয়া হৈ পৰিল। দীঘল চুলিখিনিৰ স্মৃতিয়ে লটিফৰ মনোজগত তোলপাৰ লগাবলৈ ধৰিলে। এদিন লটিফে ভনীয়েকৰ বেমাৰ হোৱা বুলি কামৰ পৰা চুটি লৈ ৰহমতক বিচাৰি গ’ল। নিৰ্মাণথলীত কাম কৰা চুলতানৰ পৰা ৰহমতৰ ঘৰৰ সন্ধান পালে। লটিফে দেখিলে যে প্ৰচণ্ড শীতত ৰহমতে পানীৰ পৰা পাথৰ কঢ়িওৱাৰ দৰে অমানুষিক পৰিশ্ৰম কৰিবলগীয়া হৈছে। তাইৰ মাতৃৰ বিয়োগ হৈছে আৰু চাৰিটা ভাতৃ-ভগ্নীৰ দায়িত্ব তাইৰ ওপৰত। দেউতাকৰ ভৰি ভঙাৰ বাবে কাম কৰিব নোৱৰা হ’ল। লটিফ ঘূৰি আহি মেমাৰক তাৰ পাবলগীয়া টকাখিনি দিবলৈ কয়। মেমাৰে প্ৰথমে আপত্তি কৰিলেও ভনীয়েকৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বুলি কোৱাত তাৰ পাওনা টকাখিনি দিয়ে। ৰহমতৰ আচল নাম বৰাণ। লটিফে বৰাণৰ কষ্ট দেখি তাইক সহায় কৰিবলৈ নিজৰ পাওনা টকাখিনি, টেমাত সাঁচতীয়া খুচুৰা পইচাখিনি আৰু বৰাণহঁত আফগানিস্তানলৈ যোৱাৰ পূৰ্বে নিজৰ পৰিচয় পত্ৰখন বিক্ৰী কৰি দিয়ে। সেই টকা নি বৰাণৰ দেউতাক নাজাফৰ হাতত মেমাৰে দি পঠিওৱা বুলি কৈ তুলি দিয়ে। কেৱল দৃষ্টিৰ বিনিময়েৰে জাগি উঠা এই প্ৰেমত নিজৰ পৰিচয়লৈকে সকলোখিনি উজাৰি দিয়াৰ পিছত লটিফে প্ৰেমৰ বিনিময় হিচাপে বৰাণৰ পৰা পালে যোৱাৰ আগে আগে এপলক চাৱনি আৰু বৰাণৰ জোতাৰ চাপ এটা। গাড়ীত উঠাৰ পূৰ্বে বৰাণৰ জোতা এপাত বোকাত লাগি খোল খাই গৈছিল। লটিফে জোতাপাত তুলি আলফুলে বৰাণৰ ভৰিত পিন্ধাই দিয়ে। ৰৈ গ’ল জোতাপাতৰ চাপটো। বৰাণ চিৰদিনৰ বাবে গুচি যোৱাৰ পাছত লটিফে বৰষুণৰ পাণী ভৰি অহা জোতাৰ চাপটো চাই থাকিল। সেই চাপটোকে প্ৰেমৰ চিন হিচাপে যেন হৃদয়ত খোদিত কৰি ল’লে।

কোনো অতিৰঞ্জন, মচলা নথকা নিভাঁজ প্ৰেমৰ এই কাহিনীয়ে দৰ্শকৰ চকু সেমেকাই তোলে।

চিনেমাখনৰ দৃশ্যসমূহত কাব্যিকতা আছে। আইনাখনৰ সিপাৰে বৰাণে চুলিকোচা আঁচুৰি থকা আৰু শেষত তাইৰ জোতাৰ চাপটোত বৰষুণ পৰি থকা দৃশ্য দুটা একোটা কবিতাৰ দৰে।

মাজিদিয়ে সমাজৰ খাতিখোৱা শ্ৰেণীটোক লৈ আৰু সৰ্বসাধাৰণ কাহিনী লৈ অসাধাৰণ শৈলীৰে চিনেমা নিৰ্মাণ কৰে। এই স্বকীয়তা ‘Baran'(২০২১) চিনেমাখনতো ফুটি উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *