সকলো বস্তু-বিষয়ৰে একোটা মূল থাকে-যাক আমি শিপা বুলিও কওঁ।শিপা যিমানেই শক্তিশালী তথা গভীৰ হয়, বিষয় এটা ভাবগধুৰ হৈ উঠে, এজোপা গছো তেনেকৈ ঠন ধৰি উঠে। কিন্তু শিপা উচ্ছেদিত হ’লেই গছজোপা মৰি যায়। লাগিলে বটবৃক্ষই হওক। মানুহৰ ক্ষেত্ৰতো একে কথা। শিপাৰ পৰা আঁতৰি গ’লে মানুহৰ স্থিতি নোহোৱা হৈ যায়। নিজৰ শিপা পাহৰি যোৱা মানুহবোৰে গোটেই জীৱন শিপাৰ সন্ধান কৰি থাকোঁতেই পাৰ হৈ যায়।বৰ্তমান সময়ৰ আমি মানুহবোৰে যি কৰি আছোঁ…সেয়া শিপাৰ সন্ধান!
ছাৰা এগৰাকী অভিনেত্ৰী। পৰিয়ালৰ সন্মতি নোহোৱাকৈ অভিনয় কৰাৰ সপোন লৈ পেৰিছলৈ গুছি গৈছিল আৰু অভিনেত্ৰী হিচাপে সুপ্ৰতিষ্ঠিত হৈছিল।চিনেমাত কৰা কিছু আপত্তিজনক অভিনয়ৰ বাবে জন্মভূমি ইৰাণলৈ যাবলৈ তেওঁক অনুমতি দিয়া হোৱা নাছিল।বিশ বছৰৰো অধিককাল পেৰিছত থকাৰ পাছত তেওঁলৈ এখন চিঠি আহে-যিখন পঢ়ি তেওঁ ইৰাণলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লয়। ইয়াৰবাবে তেওঁ সহায় লয় তুৰ্কীৰ বন্ধু ইলমাজৰ।ইলমাজ, তেওঁৰ ভাতৃ আৰু স্থানীয় কেইজনমান লোকৰ সহায়ত দক্ষিণ-পূব তুৰ্কীৰ সীমাৰে গোপনে তেওঁলোকে ইৰাণত প্ৰৱেশ কৰে। ঘৰ গৈ পোৱাৰ পিছত ছাৰাই ইতিমধ্যে গম পাই যে তেওঁৰ পিতৃ স্বৰ্গগামী হৈছে। এগৰাকী আত্মীয়ৰ বাহিৰে ঘৰখন জনশূণ্য।দেউতাকে দি যোৱা বেগটো ছাৰালৈ আগবঢ়াই দি আত্মীয় মহিলা গৰাকীয়ে তাচ্ছিল্যৰ সুৰত কয়-তোমাৰ দেউতাই তোমাক কেতিয়াও ক্ষমা নকৰে।’ অসহায় ছাৰা দৌৰি গৈ দেউতাকৰ কবৰটো সাবটি ধৰে।তাইৰ অন্তৰৰ যন্ত্ৰণাখিনি, হাহাকাৰখিনি তেতিয়াও উপহাস কৰি আত্মীয় গৰাকীয়ে কয়-তোমাৰ অভিনয় শেষ হোৱা নাইনে? এইবোৰ সকলো তোমাৰ অভিনয়।’ ছাৰাৰ মনত পৰে দেউতাকে সৰুতে কোৱা সাধুটোৰ কথা-পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ যোৱা চৰাইটোৰ শেষ পৰিণতি…যি পৰিণতিৰ পৰা তায়ো নিষ্ঠাৰ নাপালে।
চিনেমাখন এটা সুমধুৰ সংগীতৰ দৰে আগবাঢ়ি যায়। দুৰ্গম যাত্ৰাপথৰ বৰফেৰে ঢকা শাৰী শাৰী পৰ্বতমালা…আকৰ্ষণীয় দৃশ্যবোত চকু থৰ হৈ যায়।এজন দৰ্শক হিচাপে সেই ঠাইখনত নিজকে থিয় হৈ থকা যেন মাজে মাজে অনুভব হয়। Very Fresh and Lively. এই দৃশ্যসমূহে চিনেমাট’গ্ৰাফীক সহযোগ কৰিছে।চিনেমাখনৰ শেষাংশ অতি আকৰ্ষণীয়। প্ৰটাগনিষ্ট সুউচ্চ পৰ্বতৰ ওপৰত ৰৈ থাকে। তলেদি এটা নিজৰা বৈ গৈছে। কেমেৰা প্ৰটাগনিষ্টৰ পৰা পেন হৈ শাৰী শাৰী বৰফৰ পৰ্বতমালাৰ ফালে গৈ থাকে। বেকগ্ৰাউণ্ডৰ পৰা ভাহি আহে দেউতাকে সৰুতে ছাৰাক কোৱা সাধুটো।
চিনেমেটিক ক্ৰাফটৰ লগতে চিনেমাখনত এটা সুন্দৰ মেছেজ আছে।পৰিচালক কাহিনীটোৰ ডিটেইলত যাব পৰাৰ সুবিধা আছিল। দৰ্শকক ছাৰাৰ প্ৰতি আৰু বেছি সহানুভূতিশীল কৰি তুলিব পৰা সুবিধা আছিল।ছাৰা আৰু ইলমাজৰ সম্পৰ্কটো কিছু অন্তৰংগ কৰি দেখুওৱাৰ সুবিধা আছিল।কিন্তু পৰিচালকে সেইবোৰ একোকে নকৰি ক্ৰাফটোকহে বেছি গুৰুত্ব দিলে-Which signify it as a real art work.
-পূবালী ভাগৱতী
