পূবালী ভাগৱতী
জলবায়ু পৰিৱৰ্তন বিষয়টো সম্প্রতি এক বহুলচর্চিত বিষয়। গ্রীনহাউছ এফেক্টৰ ফলত বায়ুমণ্ডলত কার্বন ডাই অক্সাইড (CO₂), মিথেন (CH), নাইট্রাছ অক্সাইড (N₂O) আদি গেছৰ পৰিমাণ বৃদ্ধি পাইছে। এই গেছসমূহে সূৰ্যৰ তাপ ধৰি ৰাখে। কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত গোলকীয় উষ্ণতা, মেৰু অঞ্চলৰ বৰফ গলি সমুদ্ৰৰ স্তৰ বৃদ্ধি, বান, খৰাং, অতিবৃষ্টি আদি প্রাকৃতিক দুর্যোগসমূহ বাঢ়িছে। তদুপৰি কৃষিৰ
উৎপাদনশীলতা হ্রাস পোৱা, জৈৱ-বৈচিত্র্যৰ প্ৰতি ভাবুকিৰ লগতে মানুহৰ স্বাস্থ্যতো প্ৰভাৱ পৰা দেখা গৈছে।
জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহ প্ৰধানকৈ মানৱসৃষ্ট। বনাঞ্চল, প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ, ঔদ্যোগিকীকৰণ আদি আন বহু কাৰণৰ লগতে আন এটা ভয়াৱহ কাৰণ হৈছে সাগৰ, মহাসাগৰকে ধৰি জলপৃষ্ঠত মানুহে চলোৱা ধ্বংসকাৰ্য। এই বিষয়ে বিভিন্ন গৱেষণা, আলোচনা আদি হৈছে। আমি আলোচনা কৰিব খুজিছোঁ ব্ৰিটিছ চলচ্চিত্ৰ পৰিচালক, প্রকৃতিবিদ আলি তাব্রিজিয়ে পৰিচালনা কৰা এখন তথ্যচিত্র ‘ছিস্পাইৰেচী’ (Seaspiracy)ৰ বিষয়ে। আলি তাব্রিজিয়ে নিজে বহু গৱেষণা কৰি, বিভিন্ন ঠাইলৈ গৈ তথ্য সংগ্ৰহ কৰি, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ বিষয়ববীয়াৰ সৈতে কথা পাতি মৎস্য উদ্যোগটোক বিষয় হিচাপে লৈ এই তথ্যচিত্রখন নির্মাণ কৰিছে। এইক্ষেত্ৰত তেওঁক সহযোগ কৰিছে লুচি তাব্রিজিয়ে। প্রায় নব্বৈ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰখনত যিসমূহ তথ্য দাঙি ধৰা হৈছে সেয়া সঁচাকৈয়ে শিহৰণকাৰী। সাগৰীয় খাদ্যৰ নামত গঢ়ি উঠা উৎপাদক-ক্রেতা-বিক্রেতাৰ বৃহৎ বজাৰ আৰু ই সাগৰীয় জলপৃষ্ঠ, পৃথিৱীপৃষ্ঠত কিদৰে প্ৰভাৱ পেলাইছে, ইয়াৰ প্ৰভাৱ কিদৰে গোলকীয় উষ্ণতাত পৰিছে, এই সকলোখিনি বিষয় তথ্যসহকাৰে তাব্রিজিয়ে বিতংভাৱে আলোচনা আৰু চিত্রায়ণ কৰিছে। তথ্যচিত্ৰখন প্রযোজনা কৰিছে কিপ এণ্ডাৰছেনে। (তেওঁ ইয়াৰ পূৰ্বে জলবায়ু পৰিৱৰ্তন বিষয়ক আন এখন গুৰুত্বপূর্ণ তথ্যচিত্র ‘Cowspiracy’ৰ পৰিচালনা আৰু প্রযোজনা কৰিছিল।) ‘ছিস্পাইৰেচী’ তথ্যচিত্ৰখন ২০২১ চনত অনলাইন প্লেটফর্ম ‘নেটফ্লিক্স’ত মুক্তিলাভ কৰাৰ পাছত বহুলভাৱে চৰ্চিত হৈ আহিছে।
কৈশোৰত আলি তাব্রিজিয়ে জ্যাক কুস্তো (Jacques Cousteau), ডেভিড এটেনবাৰো (David Attenborough), ছিলভিয়া ইর্ল (Sylvia Earle) আদি পৰিৱেশবিদ তথা চিত্রনির্মাতাসকলৰ তথ্যচিত্ৰসমূহ চাই ৰোমাঞ্চিত হৈছিল। পানীৰ তলৰ ৰঙীন মাছ, উদ্ভিদ আদিয়ে তেওঁক আকর্ষণ কৰিছিল। সেয়ে তেওঁ নিজেও ডাঙৰ হৈ সমুদ্রতলি বিচৰণ কৰি তথ্যচিত্ৰ নিৰ্মাণৰ সপোন দেখিছিল। কিন্তু বাইশ বছৰ বয়সত তেওঁ যেতিয়া মহাসাগৰৰ বৈচিত্র্যময় জীৱকুলক লৈ এখন চিনেমা নির্মাণৰ কামত হাত দিলে, মহাসাগৰৰ তলিৰ ৰঙীন পৃথিবীখন সম্পর্কে পূৰ্বতে থকা তেওঁৰ ধাৰণা সম্পূর্ণ সলনি হ’ল। নেট ছার্ফ কৰি থাকোঁতে এদিন এটা বাতৰি তেওঁৰ চকুত পৰিল- প্লাষ্টিক ভক্ষণৰ ফলত ক্ৰমাৎ বৃদ্ধি পোৱা তিমিৰ মৃত্যু। ২০১৯ চনৰ ২ এপ্রিলত ‘নেশ্যনেল জিঅ’গ্রাফিক’ত প্রকাশ পাইছিল- ‘Pregnant whale died with 50 pounds of plastic in her stomach.’ ২০১৯ চনৰ ১ মে’ত ‘গ্ল’বেল চিটিজেন’ শীর্ষক ৱেবছাইটত প্রকাশ পাইছিল আন এটা বাতৰি- ‘Baby dolphin found dead with stomach full of plastic trash’.
এজন প্রকৃতিপ্রেমী হিচাপে আলি তাব্রিজিয়ে দেখিছে কিদৰে প্লাষ্টিক প্রদূষণে পৰিৱেশত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ সজাগতা হিচাপে তেওঁ নিজে সাগৰৰ পাৰত পৰি থকা প্লাষ্টিক সামগ্ৰীসমূহ চাফা কৰাৰ লগতে বিভিন্ন প্লাষ্টিক বর্জন অভিযানত সহযোগ কৰিবলৈ ল’লে। দৈনন্দিন ব্যৱহাৰ কৰা প্লাষ্টিকৰ সামগ্ৰীসমূহৰ ঠাইত আন সামগ্ৰী ব্যৱহাৰ কৰিবলৈ ল’লে। আলিয়ে ভাবিছিল যে তেওঁ গুৰুত্ব দিয়া এই সাধাৰণ সমস্যাটো এনেদৰেই এদিন সমাধান হ’ব। কিন্তু এই সমস্যাটো কল্পনাতীতভাৱে কিমান গুৰুতৰ সেই কথা বুজি পালে দ্য নিউয়র্ক টাইমছ কাকতত প্রকাশিত এটা বাতৰি চকুত পৰাৰ পাছত। বাতৰিটোৰ শীৰ্ষ আছিল- ‘Japan resumes commercial whal-ing’। আন্তঃৰাষ্ট্ৰীয় হোয়েলিং কমিছনে ১৯৮৬ চনৰ পৰা তিমি চিকাৰ অস্থায়ীভাবে নিষিদ্ধ ঘোষণা কৰিছিল। কিন্তু জাপানকে ধৰি সাতখন দেশে এই আয়োগৰ বিৰোধিতা কৰিছিল। এন্টার্কটিকা মহাসাগৰত জাপানে বৃহৎ হাৰত তিমি চিকাৰ কৰি আহিছে। আলি তাব্রিজিয়ে এই বিষয়টোক লৈ আৰু অধিক গৱেষণা কৰি জানিব পাৰিলে যে জাপানৰ দক্ষিণভাগত থকা তাইজি (Taiji)লৈ গ’লে এই বৃহৎ উদ্যোগটোৰ বিষয়ে অনুমান কৰিব পাৰিব। কিন্তু তাইজিলৈ যোৱাৰ পূৰ্বে আলিয়ে ডলফিন সংৰক্ষণৰ দিশত কাম কৰি থকা এজন সক্রিয় কর্মী ৰিক অ’বাৰীক সাক্ষাৎ কৰিলে। কিন্তু ৰিকে জনালে যে তাইজিলৈ গৈ এই বিষয়ে অনুসন্ধান কৰাটো ইমান সহজ নহয়। তাইজিলৈ যোৱা পৰ্যটকৰ ওপৰত অনবৰত চকু ৰখা হয়। তাত ইমানবোৰ আইন লগাই থোৱা হয় যে পর্যটক এজনক যিকোনো আইনৰ আওতালৈ আনি গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা থাকে। আনহাতে, হোটেলবোৰৰো টেলিফোন, টিভি আদি সকলোতে কেমেৰা সংযোগ কৰা থাকে। গতিকে পর্যটক এজন প্ৰশাসনৰ দৃষ্টিৰ পৰা সাৰি যাব নোৱাৰে। ৰিক অ’বাৰীৰ এই সতর্কতাৰ পাছতো আলিয়ে প্রত্যাহ্বান গ্রহণ কৰি লুচী তাব্রিজিক সহযোগী হিচাপে লৈ জাপানৰ তাইজি পালেগৈ। ৰিক অ’বাৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে তাইজিত উপস্থিত হৈয়ে নিৰাপত্তাৰক্ষীৰ বিভিন্ন প্রশ্নৰ সম্মুখীন হ’ল। কিন্তু নিজকে ভ্রমণকাৰী বুলি কৈ কোনোমতে তেওঁলোক ৰক্ষা পৰে। পিছদিনা পুৱা আৰক্ষীৰ চকুৰ পৰা সাৰি হোটেলৰ পিছফালৰ ৰাস্তাৰে গৈ এটা ওখ টিলাৰ পৰা পর্যবেক্ষণ আৰম্ভ কৰিলে। তেওঁলোকে দেখা পালে প্রায় ১৩-১৪খন সৰু সৰু জাহাজ পানীৰ মাজলৈ গৈ বহু সময়ৰ পাছত ডলফিন ভৰ্তি কৰি ঘূৰি আহিছে। ইয়াৰে এটা-দুটা সৰু ডলফিন ৰাখি বাকীবোৰ হত্যা কৰি পানীত পেলাই দিয়া হৈছে। এই ঘটনাটো কেইবাদিনো তেওঁলোকে পর্যবেক্ষণ কৰিলে। আলিয়ে প্রথমে বুজি পোৱা নাছিল যে এই এটা-দুটা ডলফিনৰ কাৰণে বৃহৎসংখ্যক ডলফিন কিয় হত্যা কৰা হৈছে। এই বিষয়ে তথ্যৰ সন্ধান কৰোঁতে চকুত পৰিল- ২০০০ চনৰ পৰা ২০১৫ চনলৈকে এটা ডলফিন ধৰাৰ বিপৰীতে ১২টা ডলফিন হত্যা কৰি অহা হৈছে। আলিয়ে শৈশৱত মেৰিন পার্কসমূহলৈ গৈ ডলফিনৰ খেলা চাই ভাল পাইছিল। কিন্তু কোমল বয়সত তেওঁ জনা নাছিল যে সকলোকে আমোদ দিয়া এই ডলফিন আৰু তিমিবোৰ ক’ৰ পৰা, কেনেকৈ অনা হয়। আচলতে এই পার্কবোৰ whaling industryৰ লগত জড়িত। এটা ডলফিনৰ কাৰণে আন ১২টা ডলফিন হত্যা কৰাৰ কাৰণটোও হ’ল যে একোটা ডলফিনে বহু বেছি মাছ খায়। গতিকে এই মাছৰ ব্যৱসায় চলি থাকিবৰ বাবে ডলফিনবোৰ হত্যা কৰা হয়। কিন্তু এই ডলফিন আৰু তিমিয়ে পানীত থকা ফাইট’প্লাংক্টন নামৰ উদ্ভিদক পুষ্টি যোগোৱাৰ লগতে ইয়াৰ বৃদ্ধিত সহায় কৰে। গৱেষণাৰ পৰা জনা গৈছে যে এই ফাইট প্লাংকটনে এমাজন বৰ্ষাৰণ্যৰ তুলনাত চাৰি গুণ কার্বন ডাই অক্সাইড শোষণ কৰে আৰু পৃথিৱীক ৮৫ শতাংশ অক্সিজেনৰ যোগান ধৰে। গতিকে এই ফাইট’প্লাংকটনসমূহ জীয়াই থাকিবলৈ হ’লে ডলফিন আৰু তিমি জীয়াই থাকিব লাগিব।
পৰৱৰ্তী সময়ত আলি আৰু সহযোগী লুচি তাব্রিজি তাইজিৰ স্থানীয় ফিশ্বিং প’র্ট এটালৈ যায়। তালৈ গৈ বুজি পালে যে সেইটো কোনো সাধাৰণ ফিশ্বিং প’র্ট নহয়- বিশ্বৰ সৰ্ববৃহৎ টুনা ফিশ্বিং প’র্ট, য’ত বৃহৎ হাৰত ‘ব্লুফিন টুনা’ ধৰা হয়। টকিঅ’ মাছ বজাৰত একোটা ব্লুফিন টুনাৰ দাম তিনি নিযুত ডলাৰতকৈ বেছি। ব্লুফিন টুনা মহাসাগৰৰ চিতা বাঘৰ দৰে। এই মাছবিধৰ তেজ গৰম আৰু তীব্রবেগী। কিন্তু চিন্তনীয় বিষয়, অত্যধিক চাহিদাৰ বাবে বর্তমান এইবিধ মাছৰ তিনি শতাংশতকৈ কম প্রজাতি বাকী ৰৈছেগৈ।
বৃহৎ হাৰত ডলফিন আৰু তিমিহত্যাৰ কাৰণ সন্দৰ্ভত মহাসাগৰৰ জৈৱ-বৈচিত্র্যৰ সুৰক্ষাৰ বাবে কাম কৰি অহা এটা প্রতিষ্ঠান ‘ছি শ্বেফাৰ্ড কনজাৰভেশ্যন ছʼচাইটী’ৰ কৰ্মী লাম্যা এছেমলালীয়ে মন্তব্য কৰে- The excuse of killing dolphins for the crime of eating too many fish is a lie. In reallity, what they were doing was killing dolphins as a scapegoat for the overfishing. That way, they can continue participating in the multibillion-dollar industry.
পৰৱৰ্তী সময়ত আলি আৰু লুচি তাব্রিজি জাপানত থকা বিশ্বৰ সৰ্ববৃহৎ টুনা প্রতিষ্ঠানৰ মুখ্য কার্যালয়লৈ গৈ সেই প্রতিষ্ঠানৰ বিষয়ববীয়াক বৃহৎ হাৰত মাছ ধৰাৰ কাৰণ সম্পর্কে প্রশ্ন কৰোঁতে তেওঁলোক উত্তৰ দিবলৈ অমান্তি হয়। আনহাতে, ঘূৰি আহি একেখন প’ৰ্টতে তেওঁলোকে দেখা পায় হাজাৰ হাজাৰ মৃত শ্বার্ক। শ্বার্কসমূহ হত্যা কৰা হয় ফিনৰ বাবে। এই ফিনসমূহ এছিয়া আৰু চীনলৈ ৰপ্তানি কৰা হয়। মানুহে শ্বাৰ্ক ফিনৰ চুপ অথবা পানীয় আভিজাত্যৰ প্রতীক হিচাপে সেৱন কৰে। ইয়াৰ কোনো সোৱাদ আৰু পুষ্টিকৰ গুণ নাই বুলি শ্বার্ক সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা সক্রিয় কর্মী পল ডে গেলডাৰে মন্তব্য কৰে।
শ্বাৰ্ক ফিনৰ বজাৰখনৰ বিষয়ে অধিক তথ্য সংগ্ৰহৰ বাবে আলি তাব্রিজি হংকঙলৈ ৰাওনা হয়। হংকং ‘শ্বার্ক ফিন চিটী’ হিচাপে বিখ্যাত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্বাৰ্ক ফিন ইয়াৰ বজাৰবোৰত বিক্ৰী কৰা হয়। বিভিন্ন আকৃতিৰ, বিভিন্ন ৰঙৰ শ্বাৰ্ক ফিন ইয়াৰ বজাৰবোৰত আকর্ষণীয়কৈ সজাই থোৱা হয়। আলিয়ে কলমত সংযোগী গোপন কেমেৰাৰে এই দৃশ্যসমূহ সংগ্ৰহ কৰে। কাৰণ কেমেৰা উলিয়াই ভিডিঅ’ কৰিবলৈ লওঁতে বিক্রেতাসকলে তেওঁক বাধা দিয়ে। কিন্তু চিন্তনীয় বিষয় হ’ল, ফিনৰ কাৰণে বৃহৎ হাৰত শ্বার্কসমূহ হত্যা কৰাৰ ফলত যোৱা কেইদশকত ৮০ৰ পৰা ৯৯ শতাংশ শ্বাৰ্কৰ সংখ্যা কমি গৈছে। মহাসাগৰত শ্বাৰ্কৰ সংখ্যা হ্রাস পোৱা সন্দৰ্ভত পল ডে গেলডাৰ নামৰ সংৰক্ষণকর্মীগৰাকীয়ে মন্তব্য কৰিছে- ‘People should not be afraid of having sharks in the ocean. They should be afraid of not having sharks in the ocean. The sharks keep ocean healthy. They keep the fish stocks alive. They keep the coral reefs alive.’ (Paul De Gelder, shark activist, conservationist) পল ডে গেলডাৰে আন এক মন্তব্যত এই তথ্য প্রদান কৰে যে সমগ্র বিশ্বত একোটা শ্বার্কে প্রতিবছৰে দহজন মানুহ হত্যা কৰে। কিন্তু মানুহে প্রতি ঘণ্টাত ১১,০০০ৰ পৰা ৩০,০০০লৈকে শ্বার্ক হত্যা কৰি আহিছে। এনেদৰে ৫০ নিযুত শ্বার্ক প্রতিবছৰে হত্যা কৰা হৈছে। শ্বার্কসমূহ এই হাৰত হ্রাস পাই গৈ থাকিলে মহাসাগৰীয় জৈৱ-বৈচিত্র্যত প্রভাৱ পৰিব, প্ৰৱালদ্বীপসমূহ নোহোৱা হৈ গৈ থাকিব। জলস্তৰৰ ওপৰৰ গোলকীয় উষ্ণতা বাঢ়ি যাব। ২০১৮ চনৰ ১৪ জুলাইত ‘মেট্র” শীর্ষক ৱেবছাইটত প্রকাশ পাইছিল- ‘Without Sharks the world oceans would be ruined.’ আনহাতে অধিক হাৰত মাছ ধৰাৰ ফলত সাগৰীয় চৰাইৰ সংখ্যাও দ্রুতগতিত কমি গৈ আছে। এই সাগৰীয় চৰাইসমূহ কমি অহাৰ কাৰণ হিচাপে প্ৰফেছৰ কেলাম ৰবাৰ্টছে মন্তব্য কৰিছে যে চৰাইসমূহে জলপৃষ্ঠৰ মাছ খাবলৈ আহে। যিবোৰ মাছ পানীৰ ওপৰলৈ উঠি আহে সেই মাছসমূহ চৰাইবোৰে ভক্ষণ কৰি জীয়াই থাকে। কিন্তু অত্যধিক হাৰত মাছ ধৰাৰ ফলত মাছৰ সংখ্যা কমি যোৱাৰ লগতে এই চৰাইসমূহো নোহোৱা হৈ গৈছে। মহাসাগৰৰ জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষাৰ বাবে কাম কৰি অহা প্রতিষ্ঠান ‘Sea Shepherd Conservation Society’ৰ কেইবাজনো বিষয়ববীয়াৰ লগত হোৱা আলোচনা আলি তাব্রিজিয়ে তথ্যচিত্ৰখনত সংযোগ কৰিছে। এই অনুষ্ঠানে মহাসাগৰত চলা মৎস্য অভিযান, শ্বার্ক, তিমি, ডলফিন হত্যা অভিযান আদিত দৃষ্টি ৰখাৰ লগতে অনৈতিকভাবে মাছ ধৰা জাহাজ জব্দ কৰা আৰু মহাসাগৰীয় জৈৱ-বৈচিত্র্য সুৰক্ষাৰ বাবে অভিযান চলাই আহিছে। ছি শ্বেফার্ডে এবাৰ এখন অনৈতিকভারে মাছ ধৰা জাহাজ জব্দ কৰোঁতে দেখা পাইছিল যে মাত্র আঠটা টুনা মাছ ধৰিবলৈ ৪৫টা ডলফিন হত্যা কৰা হৈছে।
আঠটা টুনা মাছ ধৰিবলৈ ৪৫টা ডলফিন হত্যা কৰাৰ তথ্য সঁচাকৈ ভয়ংকৰ। এই জাহাজবোৰ সেই প্রতিষ্ঠানৰ অধীনত চলোৱা হয়, যি প্রতিষ্ঠানে বজাৰত বিক্ৰী কৰা টুনা বৈয়ামবোৰৰ বাবে ‘Dolphin Safe’ শীর্ষক লেবেল তৈয়াৰ কৰে। ছি শ্বেফাৰ্ডৰ পৰা এই তথ্য পোৱাৰ পাছত আলি তাব্রিজি ‘আর্থ আইলেণ্ড’ নামৰ এক প্রতিষ্ঠানলৈ গৈছিল, যি প্রতিষ্ঠানে বজাৰত উপলব্ধ টুনা কেনবোৰৰ বাবে ‘Dolphin Safe’ শীর্ষক লেবেল তৈয়াৰ কৰে। ইয়াৰে এজন বিষয়ববীয়া মার্ক জে পাল্মাৰক আলিয়ে প্রশ্ন কৰিছিল যে তেওঁলোকে কি ভিত্তিত তেওঁলোকৰ লেবেল ব্যৱহাৰ কৰা কেনসমূহ ‘ডলফিন ছে’ফ’ বুলি দাবী কৰে। তেওঁলোকে প্রদান কৰা লেবেলৰ প্ৰতিটো কেনৰ বিপৰীতে এটাও ডলফিন হত্যা কৰা নাই বুলি কিবা নিশ্চয়তা আছেনে? কিন্তু মাৰ্কে উত্তৰত কয় যে সেই নিশ্চয়তা তেওঁলোকে দিব নোৱাৰে। তেওঁলোকৰ হাতত সেই প্রশ্নৰ উত্তৰ নাই। তাৰ অৰ্থ হ’ল, এই লেবেলসমূহ এক ধৰণৰ ফেব্রিকেশ্যনৰ বাহিৰে আন একো নহয়। লেবেল প্রস্তুতকাৰী এই প্রতিষ্ঠানবোৰো বিলিয়ন ডলাৰৰ এই মৎস্য উদ্যোগটোৰ সৈতে জড়িত।
আনহাতে, যি প্লাষ্টিক ভক্ষণৰ ফলত তিমি, ডলফিন মৃত্যুমুখত পৰা বুলি বাতৰি প্ৰকাশ হৈ আহিছে, সেই প্লাষ্টিক কেৱল মানুহে ব্যৱহাৰ কৰা দৈনন্দিন প্লাষ্টিক সামগ্রী নহয়। সেয়া হ’ল মাছ ধৰা জাহাজবোৰত ব্যৱহাৰ কৰা বুজন পৰিমাণৰ মাছ ধৰা নেট, ফিশ্বিং গিয়েৰ আদি। মৃত তিমিৰ পেটত এই প্লাষ্টিক দেখা গৈছে। কিন্তু প্লাষ্টিক প্রদূষণ ৰোধৰ বাবে কাম কৰা সংস্থাবোৰে এনে প্লাষ্টিকৰ কথা উল্লেখ নকৰে। তেওঁলোকে কেৱল পলিথিন, টি বেগ, ষ্ট্ৰ’ আদি মাইক্র’প্লাষ্টিকৰ কথাহে কয়।
প্লাষ্টিক প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত কাম কৰা ‘Plastic Pollution Coalition’ আন্তর্জাতিক এক সংস্থা, যি প্লাষ্টিক বৰ্জনৰ ক্ষেত্ৰত বিশ্বজুৰি সজাগতা অভিযান চলাই আহিছে। আলি তাব্রিজিয়ে সেই সংস্থাৰ দুগৰাকী বিষয়ববীয়াৰ সৈতে কথা পাতি ফিশ্বিং নেট আদি সন্দৰ্ভত তেওঁলোকৰ মন্তব্য জানিবলৈ বিচাৰিছিল। কিন্তু দুয়োগৰাকীয়ে সঠিক উত্তৰ দিয়াৰ পৰা বিৰত থাকে। পৰৱৰ্তী সময়ত সেই সংস্থাৰ ৱেবছাইটৰ পৰা এই কথা জানিব পাৰে যে ‘ডলফিন ছে’ফ’ লেবেল প্ৰস্তুত কৰা ‘আর্থ আইলেণ্ড ইনষ্টিটিউট’ আৰু ‘প্লাষ্টিক পলিউশ্যন ক’লিশ্যন’ ইটো সিটোৰ সহযোগী, যি মৎস্য উদ্যোগটোৰ সৈতে জড়িত হৈ সাগৰীয় খাদ্যৰ বিক্ৰী বঢ়োৱাৰ ক্ষেত্ৰতহে অৰিহণা যোগাই আহিছে।
তথ্যচিত্ৰখনত আগবঢ়োৱা এই তথ্যসমূহ শিহৰণকাৰী। এই তথ্যসমূহ প্রত্যক্ষদর্শী হিচাপে দৃশ্য, অভিজ্ঞ লোকৰ সাক্ষাৎকাৰ, গ্রাফিক্স আৰু কিছু এনিমেশ্যনৰ সহায়ত সুন্দৰকৈ দাঙি ধৰা হৈছে। ‘গ্ল’বেল ফিছ কেটচ’ শীর্ষক এক গ্রাফিক্স শ্লাইডত এই তথ্য দাঙি ধৰা হৈছে যে বিশ্বত প্রতিবছৰে ২.৭ ত্ৰিলিয়ন মাছ আৰু প্রতি মিনিটত পাঁচ নিযুত মাছ হত্যা কৰি থকা হৈছে। আন কোনো বাণিজ্যতে ইমান হাৰত প্রাণী হত্যা কৰা হোৱা নাই। এই হাৰত মাছ আৰু সাগৰীয় জীৱ হ্রাস পাই থাকিলে ২০৪৮ চনৰ ভিতৰত মহাসাগৰবোৰ খালী হৈ পৰিব বুলি তথ্যচিত্রখনত সকীয়নি দিয়া হৈছে।
সৰু মাছৰ পৰা আৰম্ভ কৰি টুনা, ডলফিন, তিমি, শ্বার্ক আদি সাগৰীয় প্রাণীসমূহ দ্রুত হাৰত কমি যোৱাৰ ফলত ফাইট’প্লাংকটনকে ধৰি সাগৰীয় উদ্ভিদ আক প্রৱালদ্বীপসমূহ দ্রুতগতিত হ্রাস পাই আহিছে। ‘দ্য ইণ্ডিপেণ্ডেন্ট’কে ধৰি আন কেইবাটাও ৱেবছাইটত প্রকাশ পাইছে যে গোলকীয় উষ্ণতা বাঢ়ি গৈ থাকিলে ২০৫০ চনৰ ভিতৰত ৯০ শতাংশ প্ৰৱালদ্বীপ লুপ্ত হৈ যাব। কিন্তু পৃথিৱীৰ কাৰণে আটাইতকৈ প্রয়োজনীয় হ’ল এই সাগৰীয় জীৱ তথা উদ্ভিদসমূহ। পৃথিৱীত উৎপন্ন হোৱা ৯৩ শতাংশ কার্বন ডাই অক্সাইড মহাসাগৰসমূহে শোষণ কৰি লয় বুলি তথ্যচিত্ৰখনত উল্লেখ কৰা হৈছে। প্রতি একৰ সাগৰীয় উদ্ভিদে ভূমি অঞ্চলৰ উদ্ভিদতকৈ বিশ গুণ অধিক কাৰ্বন জমা কৰি ৰাখিব পাৰে। গ্রাফিক্সৰ সহায়ত এই তথ্য দেখুওৱা হৈছে যে ভূমি অঞ্চলত প্রতিবছৰে প্রায় ২৫ মিলিয়ন একৰ বনাঞ্চল নোহোৱা হৈ আহিছে। এয়া প্রতি মিনিটত ২৭খন ফুটবল ফিল্ড বিলুপ্তিৰ সমান। আনহাতে পানীৰ তলত প্ৰতিবছৰে ৩.৯ বিলিয়ন একৰ বনাঞ্চল লুপ্ত হৈ আছে। এয়া প্রতি মিনিটত ৪,৩১৬খন ফুটবল ফিল্ড লুপ্ত হোৱাৰ সমান। গ্রীনলেণ্ড, নৰবে’, ছুইডেন, ফিনলেণ্ড, ডেনমার্ক, আমেৰিকা যুক্তৰাষ্ট্র, জার্মানী, ফ্রান্স, স্পেইন, পর্তুগাল, ইটালী, তুর্কী, ইৰান, থাইলেণ্ড আৰু জার্মানীক লগ লগালে যিমান মাটিকালি হ’ব সেই পৰিমাণত সাগৰতলিৰ উদ্ভিদ তথা বনাঞ্চল লুপ্ত পাই আহিছে। এই ধ্বংসকার্যই গোলকীয় উষ্ণতাতো প্রভাৱ পেলাব অথবা ইতিমধ্যে পেলাইছে। আনহাতে মহাসাগৰসমূহত কোনো অত্যাচাৰ নচলাই সেইসমূহ অকলশৰীয়াকৈ এৰি দিবলৈ হ’লে এটাই সমাধান আছে বুলি প্ৰফেছৰ কেলাম ৰ’বাৰ্টছে মন্তব্য কৰে- মানুহে মাছ আৰু আন সাগৰীয় খাদ্য খোৱা বন্ধ কৰিব লাগিব। তেতিয়া এই উদ্যোগসমূহ নিজে নিজে বন্ধ হৈ যাব। ফলত সমুদ্র, পৃথিৱী আৰু পৃথিৱীৰ জীৱসমূহ ৰক্ষা পৰিব। বিভিন্ন পুষ্টিকৰ গুণৰ বাবে মানুহে সাগৰীয় মাছ ভক্ষণ কৰে। কিন্তু তথ্যচিত্রখনে দাবী কৰিছে যে আমি ভাবি থকা পুষ্টিকৰ গুণসমূহ সাগৰীয় খাদ্যত নাই। ঔদ্যোগিক প্ৰদূষণৰ ফলত বৃদ্ধি হোৱা জল প্রদূষণৰ বাবে সাগৰীয় প্রাণীসমূহৰ দেহত অতিমাত্ৰাত পাৰা (mercury) আৰু আন ক্ষতিকাৰক ৰাসায়নিক দ্রব্যৰ পৰিমাণ বাঢ়ি গৈছে। সাগৰীয় খাদ্য ভক্ষণ কৰাৰ পৰা বিৰত থাকিলে মানুহৰ স্বাস্থ্যৰ কিবা ক্ষতি হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ব্ৰিটিছ চিকিৎসক,’ How not to Die’ গ্ৰন্থৰ লেখক ড° মাইকেল গ্ৰিগাৰে তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে-সাগৰীয় খাদ্য ভক্ষণৰ পৰা বিৰত থাকিলে এই বিষাক্ত ৰাসায়নিক দ্রব্যসমূহৰ পৰা শৰীৰ ৰক্ষা পৰিব।
তদুপৰি তথ্যচিত্ৰখনত ছাছ্টেইনেবল ফিশ্বিং, মৎস্যপালন আদি বিষয়সমূহত আলোকপাত কৰি এই কথা প্ৰতিপন্ন কৰা হৈছে যে মাছ ধৰাৰ নামত এই শব্দবোৰ ব্যৱহাৰ কৰি এই বৃহৎ উদ্যোগটো
চলাই থকা হৈছে। মৎস্য প্রতিপালনৰ বাবে বহুল পৰিমাণত যি খাদ্যৰ প্ৰয়োজন হয়, সেই খাদ্য মাছৰ পৰাই তৈয়াৰ কৰা হয়। তাৰ বাবেও বহু মাছ মাৰিবলগীয়া হয়। ফার্মত প্রতিপালন কৰা মাছবোৰে বিষাক্ত ৰাসায়নিক দ্রব্য ভক্ষণ কৰাৰ লগতে বিভিন্ন বেমাৰত সোনকালে আক্রান্ত হয়। মানুহৰ শৰীৰত তাৰ প্ৰভাৱ পৰে। আন এটা গুৰুত্বপূর্ণ বিষয় হ’ল এই উদ্যোগটোৰ সৈতে জড়িত হৈ থকা দাসত্ব বৃত্তি। মাছমৰীয়াসকলক বিভিন্ন অত্যাচাৰ চলোৱা হয়। এবাৰ এই বৃত্তিৰ লগত জড়িত হৈ পৰিলে তেওঁলোক আৰু ঘূৰি যোৱাৰ বাট নাথাকে। বন্দীজীৱন কটাবলগীয়া হয়। বহু মাছমৰীয়াক হত্যা কৰি পানীত পেলাই দিয়া হয়। এই বৃত্তিৰ পৰা সাৰি আহিবলৈ সক্ষম হোৱা কেইজনমান মাছমৰীয়াক আলি তাব্রিজিয়ে থাইলেণ্ডলৈ গৈ লগ কৰিছিল।
ড্রাগ যোগান আৰু মানৱ সৰবৰাহৰ দৰে মৎস্য উদ্যোগটোত এক বৃহৎ অপৰাধী চক্র জড়িত হৈ আছে। প্লাষ্টিক প্ৰদূষণৰ বিষয়ে তথ্য বিচাৰিবলৈ গৈ আলি তাব্রিজিৰ সন্মুখত ইটোৰ পাছত সিটো ভয়ংকৰ তথ্য পোহৰলৈ আহিল। শৈশৱত তেওঁ কল্পনা কৰা মহাসাগৰৰ এক হৃদয়বিদাৰক ৰূপ দেখা পালে। এই তথ্যখিনি জনাৰ পাছত সচেতনতা আনিবৰ বাবে চাৰি বছৰজোৰা প্ৰচেষ্টাৰ অন্তত আলি তাব্রিজিয়ে ‘ছিস্পাইৰেচী’ নিৰ্মাণ কৰিলে। মুক্তিৰ পাছতে তথ্যচিত্ৰখন পৰিৱেশ সংগঠন, সমুদ্রবিজ্ঞানী, বিশেষজ্ঞ আৰু আন বিভিন্ন মহলত তথা মাধ্যমত বিতর্কিত আৰু চৰ্চিত হৈ আহিছে। গোলকীয় উষ্ণতা ৰোধ আৰু প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত আন সকলো পদক্ষেপৰ লগতে এনে তথ্যচিত্ৰৰ যথেষ্ট ভূমিকা আছে। ২০২১ চনৰ ২৪ মাৰ্চত নেটফ্লিক্সত মুক্তিৰ পাছতে দহখন আগশাৰীৰ তথ্যচিত্ৰৰ তালিকাত ‘ছিস্পাইৰেচী’য়ে শীর্ষত স্থান লাভ কৰিছিল।
তথ্যসূত্র:
‘Greenhouse Effect’, National Geographic Society, 19 October, 2023
‘Protecting Whales to protect the Planet’, UNO Environment Programme, 14 October, 2019
‘Commission Votes to ban hunting of Whales, starting 1986, The New York Times, 24 July, 1982
‘Oceans are absorbing almost all of the global excess heat’, The New York Times, 12 September, 2016 Toxic pollutants found in fish across the world’s oceans’, CBS News, 1 February, 2016.
