মাছান- সময়ৰ খোজত ৰৈ যোৱা এখন বাস্তৱধৰ্মী চলচ্চিত্ৰ

Spread the love

পূবালী ভাগৱতী 

বলীউডৰ গতানুগতিক মছলাধৰ্মী, পেনপেনিয়া প্ৰেম কাহিনীৰ চিনেমাৰ পৰা আঁতৰি কেইজনমান পৰিচালকে নতুন চিন্তাৰে দৰ্শকক কিছু নতুন, ব্যতিক্ৰম সোৱাদ দিয়াৰ চেষ্টাৰে আগবঢ়ি আহিছে। তেওঁলোকৰ ভিতৰত  নাম ল’ব পাৰি নীৰজ ঘেৱানৰ (Neeraj Ghaywan)। অনুৰাগ কাশ্যপৰ ‘গেংগছ অৱ ৱাছিপুৰ’ চিনেমাত সহ পৰিচালক হিচাপে কাম কৰা নীৰজ ঘেৱানৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা মাছান। ২০১৫ চনত মুক্তি পোৱা চিনেমাখন কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ কেবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সমালোচকৰ দ্বাৰা উচ্চ  প্ৰসংশিত হৈছিল। বক্স অফিচ হিট নহ’লেও ৰুচিশীল দৰ্শকৰ মাজত আজিও মাছান জনপ্ৰিয়।

বাৰাণসীৰ কথিত ভাষাৰ মাছান শব্দটোৰ অৰ্থ শ্মশান। বাৰাণসী চহৰৰ গংগাৰ পাৰৰ এটা শ্মশান ঘাট। দিন-ৰাতি জ্বলি থাকে শ শ চিতা। কাষেৰে বৈ থাকে শান্ত, নিৰবধি গংগা। এই শ্মশান ঘাটটো এক মেটাফৰ হিচাপে লৈ পৰিচালকে কাহিনী আগবঢ়াই লৈ গৈছে। গংগা নদীখনে জীৱনৰ গতিশীলতা সূচায়।অগা-পিছাকৈ গতি কৰিছে দুটা কাহিনী। দেৱী পাঠক নামৰ যুৱতীগৰাকী প্ৰেমিকৰ সৈতে এখন হোটেলৰ কোঠা এটাত দৈহিক সম্পৰ্কত লিপ্ত হয়। তেনে অৱস্থাতে পুলিচে তেওঁলোকক ধৰা পেলাই ম’বাইলত ভিডিঅ’কৰে। ঘৰৰ মানুহক সকলো কথা জনাব বুলি পুলিচে ভাবুকি দিয়াত দেৱীৰ প্ৰেমিক পিয়ুস আতংকিত হৈ  তাতে আত্মহত্যা কৰে। এনেতে ঘটনাই নতুন মোৰ লয়। পিয়ুসৰ মৃত্যুৰ বাবে পুলিচে দেৱীক জগৰীয়া কৰি কৰ্ট-কাছাৰী, মিডিয়াৰ ভাবুকি দিয়ে। সমাজৰ পৰা কথাবোৰ লুকুৱাই ৰাখিবলৈ হʼলে দেৱীৰ পিতৃৰ পৰা তিনি লাখ টকা ডিমাণ্ড কৰে। গংগাৰ ঘাটত পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকান এখন দি জীৱিকা নিৰ্বাহ কৰা  সহজ-সৰল দেৱীৰ পিতৃৰ বাবে তিনি লাখ টকা এটা মোটা অংক। তথাপি জীয়েকৰ লগতে নিজৰ সন্মানৰ কথা ভাবি যিকোনো প্ৰকাৰে টকা গোটাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। দেৱীৰ অভিব্যক্তিত কিন্তু কোনো অনুতাপ দেখা নাযায়। প্ৰেমিকৰ অবাঞ্চিত মৃত্যুৱে কষ্ট দিলেও হোটেলত কৰা কাৰ্য অনৈতিক বুলি দেবীয়ে নাভাবে। এই ঘটনাৰ বাবে দেৱীক জগৰীয়া বুলি ভাবিবলৈ দৰ্শককো দেৱীয়ে সুবিধা নিদিয়ে। ভাৱলেশহীনভাৱেই দেৱীয়ে দৈনন্দিন জীৱনৰ লগত নিজকে খাপ খুৱাই গৈ থাকে।

আনফালে গংগাৰ ঘাটত চিতাদাহ কাৰ্যত সহায় কৰা দীপক দলিত সম্প্ৰদায়ৰ লʼৰা। ঘাটৰ কাষতে থাকে। দীপকে পলিটেকনিকত ইঞ্জিনিয়াৰিং কৰাৰ পাছত এটা ভাল চাকৰি বিচাৰি চহৰখনৰ পৰা ওলাই যাব বিচাৰে। দীপকৰ পৰিয়ালেও বিচাৰে পুৰুষানুক্ৰমে কৰি অহা দাহ কাৰ্য নকৰি দীপকে এটা উন্নত জীৱনৰ সন্ধান কৰক। এনেতে দীপকৰ জীৱনলৈ আগমন ঘটে শ্বালু নামৰ যুৱতীগৰাকীৰ।এদিন লগ পাই ফেচবুকৰ জৰিয়তে চিনাকি হৈ দুয়ো প্ৰেমত পৰে । সাহিত্য আৰু শ্বায়েৰীত ৰাপ থকা শ্বালু  উচ্চ জাতৰ। দুয়োৰে মাজত প্ৰেম গাঢ় হৈ পৰাৰ পিছতহে দীপকৰ জাতিগত পৰিচয় সম্পৰ্কে শ্বালুৱে  জানিব পাৰে দীপকৰ মুখেৰেই। দীপকৰ বন্ধুৱে যেতিয়া শ্বালু উচ্চজাতৰ বুলি দীপকক সতৰ্ক কৰে, দীপকেও নিজৰ পৰিচয় শ্বালুৰ আগত ডাঙি ধৰিবলৈ সংকোচ কৰে। কিন্তু এদিন শ্বালুৱে বাৰে বাৰে দীপকৰ থকা ঠাইৰ বিষয়ে সুধি থাকোঁতে ক্ষোভত দীপকে নিজৰ জাতিগত পৰিচয়, সি যে ঘাটত শৱ দাহ কাৰ্য কৰে নিজ মুখে স্বীকাৰ কৰে। শ্বালুৱে সকলো কথা জনাৰ পিছত সিহঁতৰ প্ৰেম কাহিনীৰ যতি পৰিব বুলি দীপকে ভাবিছিল। কিন্তু দীপকক আচৰিত কৰি শ্বালুৱে এদিন আশ্বাস দিয়ে যে দীপকে ভাল চাকৰি এটা পালে প্ৰয়োজনত শ্বালু পলাই যাব। শ্বালু আঁতৰি যাব বুলি হতাশাত ভোগা দীপকে আকৌ সপোন দেখিবলৈ লয়। চাকৰিৰ ইন্টাৰভিউৰ বাবে পঢ়াত মন দিয়ে। কিন্তু এদিন গংগাৰ ঘাটত মৃতদেহ দাহ কৰি থাকোঁতে এটা মৃতদেহৰ কাপোৰ ডাঙি দেখে সেয়া শ্বালুৰ নথৰ দেহ। তীৰ্থ ভ্ৰমণলৈ যাওঁতে বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বালুৰ মৃত্যু হয়। দীপকে দেখিবলৈ আৰম্ভ কৰা সপোনটো মুহূৰ্ততে  ৰঙহীন, ছাৰখাৰ হৈ পৰে। হঠাতে যেন সকলো শেষ হৈ যায়। 

দুয়োটা কাহিনী অৱশেষত পৰিচালকে এটা ঠাইত সমাপ্তি কৰিছে। যৌৱনৰ জিজ্ঞাসা পূৰণ কৰিবলৈ যাওঁতে প্ৰেমিকক হেৰুৱাবলগীয়া হোৱা দেৱী আৰু প্ৰেমৰ বীজ অংকুৰিত হওঁতেই আকস্মিকভাৱে প্ৰেমিকাক হেৰুৱাবলগীয়া হোৱা দীপকৰ জীৱনৰ পথ যেন এটাই। দুয়ো ভিন্ন হৈয়ো অভিন্ন। শেষ দৃশ্যত গংগাৰ পাৰত দুয়োকে দেখা যায়। ভগ্ন হৃদয়ৰ যুৱক-যুৱতীহালৰ দুখৰ ৰং যেন একেই। দেবী আৰু দীপকৰ মাজত হয়তো সম্পৰ্ক গঢ় লৈ উঠিব-পশ্চিম আকাশত অস্তমিত সূৰ্য পূবত পুনৰ উদয় হোৱাৰ দৰে দৰ্শকৰ মন শেষ দৃশ্যত সূৰ্যমুখী হৈ পৰে।

লেখক বৰুণ গ্ৰভাৰে খুব সুন্দৰকৈ, মশৃণভাৱে দুটা কাহিনী আগবঢ়াই নিছে। এফালে সমাজৰ ৰক্ষণশীলতা, জাতিভেদৰ প্ৰাচীৰ আৰু আনফালে প্ৰেমৰ আৱেগ । প্ৰেম, আকাংক্ষা, স্বপ্ন ভংগ।  সবল চিত্ৰনাট্যই আৰম্ভণিৰ পৰা শেষলৈ এটা কবিতাৰ দৰে দৰ্শকক মুগ্ধ কৰি ৰাখে। বৰুণ গ্ৰভাৰে তিনিটা গীতৰ অৰ্থপূৰ্ণ কথাংশৰ লগতে মীৰ্জা গালিব, অকবৰ ইলাহবাদী, ব্ৰীজ নাৰায়ণ, উদয় প্ৰকাশ, দুষ্যন্ত কুমাৰ আদি মহান কবিসকলৰ কাব্যকৃতিৰে চিত্ৰনাট্য সমৃদ্ধিশালী কৰিছে।

দীপকৰ চৰিত্ৰত অভিনয় কৰা বিকি কৌশলে প্ৰথম চিনেমা মাছানৰ জৰিয়তে নিজৰ অভিনয় প্ৰতিভা ডাঙি ধৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি দেৱী পাঠকৰ চৰিত্ৰত অভিনয় কৰা ৰিচা চড্ডা, শ্বালুৰ চৰিত্ৰত অভিনয় কৰা স্বেতা ত্ৰিপাঠীৰ অভিনয় অতি স্বাভাৱিক, স্বত:স্ফূৰ্ত। প্ৰেম প্ৰকাশ কৰোঁতে শ্বালু আৰু দীপক কুমাৰৰ মুখত ফুটি উঠা দ্বিধাবোধ, লাজ, লাজ ভাৱে দৰ্শকক প্ৰথম প্ৰেমৰ অনুভৱ দিয়ে। দীপকে শ্বালুক প্ৰথমবাৰ চুম্বন কৰাৰ পিছত মুখত ফুটি উঠা ভয়, লাজৰ প্ৰকাশ স্বতঃস্ফূৰ্ত। দুয়োৰে মুখমণ্ডলত এটা innocent ভাৱ আছে। শ্বালুৰ আকস্মিক মৃত্যুৰ পাছত দীপকে ‘চালা য়ে দুখ কাহে খতম নহী হতা ব্যে’ বুলি হুকহুকাই কন্দাৰ দৃশ্যই দৰ্শককো আৱেগিক কৰি তোলে। শ্বালুৰ আঙুঠিতো নদীলৈ দলিয়াই আকৌ বিচাৰি নদীত জাপ দিওঁতে দীপকৰ মনোকষ্টৰ লগত দৰ্শক একাত্ম হৈ পৰে। দেৱীৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা সঞ্জয় মিশ্ৰাৰো অভিনয় অতি স্বাভাৱিক।

মাছান এখন সামাজিক চিনেমা। সমাজৰ ভেদ-বিভেদ, সংকীৰ্ণতা, জাতিভেদ আদি বিষয়সমূহ উত্থাপিত হৈছে। চিনেমাৰ সৰহ দৃশ্যগ্ৰহণ বাৰাণসী চহৰৰ গংগাৰ পাৰৰ হৰিশচন্দ্ৰ ঘাটত কৰা হৈছে। শ্মশান ঘাট এটাও যে চিনেমাৰ লকেশ্যন হ’ব পাৰে সেয়া নীৰজ ঘেৱানে প্ৰমাণ কৰিলে। কাহিনীটোত তিনিটাকৈ মৃত্যুৰ সংবাদ আমি পাওঁ। আৰম্ভণিতে দেৱীৰ প্ৰেমিকৰ, শ্বালুৰ আৰু পিতৃৰ সৈতে কথোপকথনত দেৱীয়ে মাকৰ মৃত্যুৰ বাবে পিতৃক জগৰীয়া কৰিছে। এই মৃত্যুৰ অণুৰণন জ্বলি থকা চিতাবোৰত ভাহি আছে। মানৱ জীৱন ক্ষণস্থায়ী। কেতিয়া আপোনজন চিৰদিনৰ বাবে বিচ্ছিন্ন হৈ পৰে সেয়া কোনেও ক’ব নোৱাৰে। জীৱনৰ এই চৰম আৰু অপ্ৰিয় সত্যটোৰ সৈতে দৰ্শকক মুখামুখি কৰাই মাছানে।  মাছানৰ সংগীত অতি মনোগ্ৰাহী। তিনিটা গীতৰ সংগীত কৰিছে জনপ্ৰিয় মিউজিক বেণ্ড ইণ্ডিয়ান অচেনে। কাহিনী, অভিনয়, সংগীত, চিনেমাটোগ্ৰাফী আদি সকলো দিশৰ পৰা মাছান এখন সৰ্বাংগসুন্দৰ চিনেমা।

Leave a Reply

Your email address will not be published. Required fields are marked *