দ্য ছেভেন্থ ষ্ট্ৰিং-হেৰাই যোৱা এটা সপোন

Spread the love

পূবালী ভাগৱতী

শশাংক সমীৰ পৰিচালিত ‘ভাইমন দা’ চলচ্চিত্ৰই দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিৰে অসমৰ প্ৰতিটো চিনেমা গৃহ ভৰ্তি হৈ থকাৰ মাজতে  বিশিষ্ট নাট্যকৰ্মী, পৰিচালক বাহাৰুল ইছলামৰ ‘দ্যা ছেভেন্থ ষ্ট্ৰিং’ চিনেমাখন ইউটিউবত মুক্তিলাভ কৰিলে। চিনেমাখন কভিদৰ পিছতে হলত মুক্তি দিছিল যদিও দৰ্শকৰ সঁহাৰি তেতিয়া বিশেষ নাপালে। সেই সময়ত মানুহে নিজৰ জীৱনৰ কথাহে বেছি চিন্তা কৰিবলগীয়া পৰিস্থিতি হৈছিল। আমিও তেতিয়া চিনেমাখন মুক্তিৰ কথা গম নাপালোঁ। হয়তো প্ৰচাৰো তেনেকৈ হোৱা নাছিল। কিন্তু ইউটিউবত মুক্তিৰ পিছতেই ভিউৱাৰ সংখ্যা বাঢ়ি গৈ আছে। বহুলোকে চিনেমাখন চাই  সুন্দৰ মন্তব্য আগবঢ়াইছে। চিনেমাখনত কিবা এটা Rawness আছে যিটোৱে মোৰ দৰে দৰ্শকক হয়তো আকৰ্ষণ কৰিছে। বাহাৰুল ইছলামৰ জীয়ৰী বৰ্ষা বাহাৰে চিনেমাখনৰ কাহিনী আৰু সংলাপ লিখিছে। গতিকে সেই প্ৰজন্মৰ চিন্তা এটা ফুটি উঠিছে। সমগ্ৰ চিনেমাখনত বৰ্ষা বাহাৰৰ এটা চাপ ৰৈ গৈছে। চিনেমাখনৰ পৰিচালনা বাহাৰুল ইছলামৰ হ’লেও তাৰ নিয়ন্ত্ৰণটো যেন বৰ্ষা বাহাৰৰ হাতত থাকিল তেনে এটা ভাৱ হ’ল আৰু সেইকাৰণেই নতুন কিবা এটা বিচাৰি পোৱাৰ দৰে লাগিল।

নতুন প্ৰজন্মৰ চিন্তা হ’লেও কাহিনীৰ বিষয়বস্তু কিন্তু প্ৰজন্মৰ পিছত প্ৰজন্মৰ লগত জড়িত হৈ থকা। চিনেমাখনৰ কাহিনীৰ বিষয়বস্তু – প্ৰতাৰণা আৰু কৰ্মফল। এই দুটা বিষয় থকা চিনেমা বহু চাইছোঁ। দুখন চিনেমাৰ নাম প্ৰথমেই মনলৈ আহিছে Kiman ki-Duk পৰিচালিত কুৰিয়ান চিনেমা ‘স্প্ৰিং, ছামাৰ, ফল, উইন্টাৰ এণ্ড… স্প্ৰিং’ আৰু এম. মনিকান্দন পৰিচালিত তামিল ভাষাৰ ‘Kuttrame Thandanai’. দুয়োখন চিনেমাতে কৰ্মৰ পৰিণতি অৰ্থাৎ কৰ্মফল মূল বিষয় হিচাপে উপস্থাপন কৰিছে। বৰ্ষা বাহাৰৰ প্ৰজন্মইও কৰ্মফল বিশ্বাস কৰে। সেয়ে চিনেমাখনৰ শেষৰ দৃশ্যখিনিৰ সমান গুৰুত্ব আছে। এই বিষয়বস্তু চিনেমেটিক শৈলীৰে, উপযুক্ত শ্বট ডিভিজনেৰে বাহাৰুল ইছলামে উপস্থাপন কৰিছে। মুম্বাই চহৰত কাহিনীটো আৰম্ভ হৈ অসমলৈ গতি কৰিছে। নিষ্ঠা কাশ্যপ নামৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক লৈ এই কাহিনী। পিছলৈ নিষ্ঠা যৌৱনত ভৰি দিছে। কিন্তু জীৱনৰ ঘটনা (দুৰ্ঘটনা!) ই তেওঁক বয়সৰ লগত ডাঙৰ হোৱাৰ সুবিধা নিদিলে। ১৩ বছৰ বয়সত ঘটা দুৰ্ঘটনাটোৰ পৰা নিষ্ঠা উলাই আহিব নোৱাৰিলে। তাৰ পিছৰ সময়খিনি তেওঁ মাত্ৰ কৃত্ৰিমভাৱে জীয়াই আছে। জীৱনৰ প্ৰতি কোনো মায়া, মোহ নোহোৱাকৈ। মাজে মাজে জীৱনৰ প্ৰতি অনীহা। দুবাৰকৈ জীৱনটো শেষ কৰিবলৈ তাই চেষ্টা কৰিছিল। কিন্তু সফল নহ’ল। পিতৃৰ মৃত্যুৰ পিছত তাইৰ একমাত্ৰ ভৰসা তাইৰ মাতৃ। বহুবছৰৰ পিছত মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে তাইৰ অতীতে পুনৰ তাইক আমনি কৰে। সেই ভায়োলিন শিক্ষকজন যি তাইক ভালপোৱাৰ আশ্বাস দি সেই বয়সতে তাইৰ শৰীৰ উপভোগ কৰি অপ্ৰয়োজনীয় বস্তুৰ দৰে তাইক পেলাই দিছিল। তাইৰ কোমল হৃদয়খনত তেওঁৰ প্ৰতি গঢ়ি উঠা প্ৰেম, শ্ৰদ্ধাক তেওঁ ভৰিৰে মোহাৰি পেলাইছিল। তাই যেন এক আবেগ, অনুভূতিহীন খেলা বস্তুহে! মন ভৰিলত শিক্ষকজনে পেলাই থৈ গ’ল। কিন্তু নিষ্ঠাৰ কি হ’ল! তাইক সেই প্ৰতাৰণাই সদায় কষ্ট দি থাকিল। তাইৰ জীৱনটো সিমানতে যেন স্তব্ধ হৈ গ’ল। হাঁহিবলৈ তাই পাহৰি গ’ল। তাইৰ কাৰণে সেয়া প্ৰেম আৰু প্ৰাৰ্থনা আছিল। কণমানি হৃদয়খনত তাই যাক বিশেষ স্থান এটাত থাপনা পাতি বহুৱাইছিল। তাই বুজি পাওঁতে সময় লাগিছিল – দেৱতা বুলি ভাবি পাতি দিয়া থাপনাখনত এজন অসুৰ বহি আছিল! কথাবোৰ তাই কাকো ক’ব পৰা নাছিল।


নিষ্ঠা কাশ্যপৰ চৰিত্ৰটোত বৰ্ষা বাহাৰে নিজে অভিনয় কৰিছে। চকু-মুখৰ অভিব্যক্তিৰে কিশোৰী এগৰাকীৰ যন্ত্ৰণা বৰ্ষা বাহাৰে সুন্দৰকৈ ফুটাই তুলিব পাৰিছে। মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে বৰ্ষা বাহাৰৰ real life ৰ মাতৃ তথা নাট্যকৰ্মী ভাগীৰথীয়ে। ভাগীৰথীৰ অভিনয়ত কিছু নাটকীয়তা ৰৈ গৈছে । আনহাতে, নিষ্ঠাৰ মোমায়েকৰ ল’ৰাৰ চৰিত্ৰত ৰাহুল গৌতম শৰ্মাই ৰিয়েলিষ্টিক অভিনয় কৰিছে। ৰাহুল গৌতম শৰ্মাৰ অভিনয়ে কাহিনীটোক এক গতি দিছে। নিষ্ঠাৰ আইতাকৰ চৰিত্ৰত পূৰ্ণিমা শইকীয়াৰো অভিনয় সাৱলীল। কেইটামান এৰিয়েল ভিউ শ্বট মনোমোহা হৈছে যি ধাননি পথাৰ, চাহবাগিচা থকা গাঁও এখনৰ শান্ত ,সামাহিত পৰিৱেশ ডাঙি ধৰিছে। চিত্ৰনাট্যত আৰু অলপ চকু ফুৰাব পৰাৰ থল আছিল। কিছুমান ঠাইত সংলাপৰ আধিক্য হোৱা যেন লাগিছে।


গাঁওখনত এটা বিশেষ ঘৰ আছে যʼলৈ বিভিন্ন ঠাইৰ মানুহ আহি মনৰ ভাব বিনিময় কৰে। মনৰ দুখবোৰ অথবা আনক ক’ব নোৱৰা কথাবোৰ সেই বিশেষ ঘৰটোলৈ গৈ প্ৰকাশ কৰে। মন পাতল কৰে আৰু প্ৰাণখুলি হাঁহে। খেৰৰ চালিৰে প্ৰকৃতিৰ মাজত থকা এই চাংঘৰৰ কনচেপ্টটোৱে চিনেমাখনক এক মাত্ৰা দিছে। নিষ্ঠাও এদিন সেই ঘৰটোলৈ যায়। দুদিনমান যোৱাৰ পাছত তাইৰ ভাল লাগে। আনৰ মনৰ কথাবোৰ তাই শুনে। তাই অনুভৱ কৰে সকলো মানুহৰে জীৱন পৰিক্ৰমাত একোটা কাহিনী থাকে যি সকলোৰে আগত প্ৰকাশ কৰিব নোৱাৰি। এনে কাহিনী ব্যক্ত কৰিবলৈ এই ঘৰটোৰ দৰে বিশেষ ঠাই অথবা পৰিৱেশৰ প্ৰয়োজন। নিজৰ মাতৃকো ক’ব নোৱৰা অত বছৰে নিজৰ লগতে কঢ়িয়াই ফুৰা মনৰ কথাবোৰ অৱশেষত নিষ্ঠাই ব্যক্ত কৰে। কেনেকৈ নাবালিকা হৈ থাকোঁতেই তাইৰ হৃদয় আৰু শৰীৰৰ লগত শিক্ষকজনে খেলিছিল। তাইক প্ৰতাৰণা কৰি আঁতৰি গৈছিল। শৰীৰ আৰু হৃদয়ত থকা ঘাবোৰ তাই কঢ়িয়াই লৈ ফুৰিছিল। কʼতো মন বহাব পৰা নাছিল। দ্বিতীয় এজন ব্যক্তিক তাই সেই ঠাই দিব পৰা নাছিল। বয়স হোৱা স্বত্বেও তাই বিয়া হ’ব খোজা নাছিল। এদিন নিষ্ঠাই মাকক কৈছিল-ময়ো বিচাৰোঁ মা কাৰোবাক ভাল পাবলৈ, মৰম কৰিবলৈ যি মৰম মই নিজকো নকৰিলোঁ। ময়ো বিচাৰো মা মোক কোনোবাই ভাল পাওক।’ এই কথাখিনিৰ পৰা নিষ্ঠাৰ মানসিক যন্ত্ৰণাৰ উমান পাব পাৰি। এই প্ৰতাৰণাই তাইক ৰুক্ষ আৰু প্ৰেমহীন কৰি তুলিছে। তাইৰ দুচকুত যেন কোনো ভাৱ, আৱেগ নাই। দুচকুত তাইৰ মনৰ যন্ত্ৰণাখিনি প্ৰকাশ পাইছে।

কাকতালীয়ভাৱে সেই ঘৰটোলৈ সেই শিক্ষকজনো এদিন আহে। অপৰিপাটি পোছাক, এমুখ দাড়ি, দীঘল অসংযত চুলিৰে তেৱোঁ যে এজন যন্ত্ৰণাকাতৰ ব্যক্তি সেয়া বুজা যায়। সেই বিশেষ ঘৰটোলৈ যোৱা লোকসকলৰ জীৱনত এনে কিবা ঘটিছে যাৰবাবে তেওঁলোকে মনৰ শান্তি বিচাৰি যায়। ইয়াৰ পৰা অনুমান কৰিব পাৰি নিষ্ঠাক প্ৰতাৰণা কৰি শিক্ষকজনো জীৱনত সুখী নহ’ল। নিয়তিয়ে দুয়োকে আকৌ একে ঠাইলৈকে লৈ গৈছে। দুয়ো মুখামুখি হৈছে। কিন্তু কথাখিনি ব্যক্ত কৰাৰ পাছত পাতল মনেৰে নিষ্ঠাক যিমান দৃঢ় যেন লাগিছে বিপৰীতে শিক্ষকজক যন্ত্ৰণাক্লিষ্ট, ম্লান দেখা গৈছে। নিষ্ঠাক প্ৰতাৰণা কৰি তেওঁ সুখী হ’ব নোৱাৰিলে। তেওঁৰ জীৱনটো নিশ্চয় এনে কিবা ঘটনা ঘটিল যাৰবাবে তেওঁ বিশেষ ঘৰটোলৈ আহিবলৈ বাধ্য হ’ল। সকলো সময়ৰ অধীন। সময়ে সকলোৰে উচিত বিচাৰ কৰে, এই কথা দৰ্শকক পতিয়ন নিয়াব পাৰিছে কাহিনীকাৰ আৰু পৰিচালকে।


চিনেমাখনৰ আৱহ সংগীতত লোকবাদ্যৰ প্ৰয়োগ সুন্দৰ হৈছে। কিন্তু সাজ-সজ্জা আৰু মেক-আপৰ দিশটোত কিছু ত্ৰুটি দেখা পালোঁ। গাঁৱৰ মহিলাসকলে বিশেষকৈ ঘৰত থাকিলে যিদৰে সাধাৰণ পোছাক পৰিধান কৰি থাকে, সেয়া দেখা নগ’ল। নিষ্ঠাৰ মাককো অনবৰতে দামী শাৰী আৰু মেক-আপত দেখা গ’ল। চিনেমাটʼগ্ৰাফী, সংগীত আদি আন দিশৰ পৰা ‘দ্য ছেভেন্থ ষ্ট্ৰিং’ এখন মনোগ্ৰাহী চিনেমা। বিভিন্ন চৰিত্ৰত দীনেশ কাকতি, ডা: জয়ন্ত দাস, সিদ্ধাৰ্থ মুখাৰ্জী, ৰাজীৱ ক্ৰ’ৰ অভিনয় ভাল হৈছে। বৰ্ষা বাহাৰে কাহিনী, অভিনয়েৰে প্ৰতিভাৰ প্ৰমাণ কৰিছে। ভৱিষ্যতে বৰ্ষাৰ পৰা আৰু নতুন চিন্তা, নতুন কাম আশা কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *