পূবালী ভাগৱতী
যুৱ পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ককক’ চিনেমাখন আলোচনাৰ পূৰ্বে যাদুকৰী বাস্তৱবাদৰ বিষয়ে কিছু আলোচনাৰ প্ৰয়োজন।
যাদুকৰী বাস্তৱবাদত দৈনন্দিন বাস্তৱ জীৱনৰ মাজতেই অলৌকিক ঘটনা স্বাভাৱিকভাৱে দেখুওৱা হয়। ইয়াৰ কেইটামান বৈশিষ্ট্য –
১) দৈনন্দিন পৰিৱেশ আৰু সমাজ।
২) অলৌকিক ঘটনা কিন্তু স্বাভাৱিকভাৱে তাক গ্ৰহণ।
৩) স্বপ্ন আৰু বাস্তৱৰ মিশ্ৰণ।
৪) লোকবিশ্বাস, পৌৰাণিক উপাদান।
বিশ্ব সাহিত্যত এই ধাৰাৰ বিখ্যাত লেখক হ’ল গ্ৰেব্ৰিয়েল গাৰ্চিয়া মাৰ্কুৱেজ(Gabriel Garcia Marquez)। তেওঁৰ উপন্যাস ‘One hundred years of Solitude’ যাদুকৰী বাস্তৱবাদৰ উৎকৃষ্ট উদাহৰণ। ভাৰতীয় সাহিত্যত ছালমান ৰুশ্বদীৰ ‘Midnight Children’ এক উল্লেখযোগ্য সৃষ্টি। ই পাশ্চাত্য যুক্তিবাদৰ বিপৰীতে স্থানীয় সংস্কৃতি আৰু আধ্যাত্মিকতাক সমান গুৰুত্ব দিয়ে। ইয়াৰদ্বাৰা নিপীড়িতজনে নিজৰ বৰ্ণনা নিজেই সৃষ্টি কৰে।
চলচ্চিত্ৰত যাদুকৰী বাস্তৱবাদ স্পষ্ট ৰূপত দেখা যায় ১৯৬০ ৰ পৰা ৮০ ৰ দশকৰ মাজভাগত বিশেষকৈ লেটিন আমেৰিকা আৰু ইউৰোপীয় চলচ্চিত্ৰত। যাদুকৰী বাস্তৱবাদৰ প্ৰভাৱ থকা কেইখনমান উল্লেখযোগ্য চলচ্চিত্ৰ – Guillermo Del Toro পৰিচালিত ‘Pan’s Labyrinth’, Tim Burton পৰিচালিত ‘Big Fish’, Terrence Malick ৰ ‘The Tree of Life’, Ang Lee পৰিচালিত ‘ Life of Pi ‘ Michel Gondry ৰ ‘Eternal Sunshine of the Spotless Mind’ আদি।
অসমীয়া চিনেমাত শেহতীয়াকৈ এই ধাৰাটো দেখিবলৈ পাইছোঁ নতুন প্ৰজন্মৰ পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ চিনেমাত। ২০২৩ চনত চুটি দৈৰ্ঘ্যৰ চিনেমা ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি ‘য়ে সমালোচকৰ উচ্চ প্ৰশংসাৰ লগতে অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। পৰৱৰ্তী সময়ত সত্যজিৎ ৰায় ফিল্ম ইনষ্টিটিউটৰ ডিপ্লমা প্ৰজেক্ট হিচাপে তুহিন কাশ্যপে নিৰ্মাণ কৰে পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘কক কক ককক’। দুয়োখন চিনেমাতে যাদুকৰী বাস্তৱবাদৰ প্ৰভাৱ দেখা গৈছে। তুহিন কাশ্যপৰ কাহিনী কোৱাৰ ধৰণ অগতানুগতিক। Abstract. যʼত ভিজুৱেল আৰ্টৰ প্ৰাধান্য থাকে।
‘কক কক ককক’ চিনেমাখনত মানুহৰ মানসিক দ্বন্দ্ব, ভয়, হতাশা, আশা-প্ৰত্যাশা আদি উপস্থাপন কৰা হৈছে। সবল শ্ৰেণীটোৱে দুৰ্বল শ্ৰেণীটোৰ ওপৰত চলোৱা শোষণ প্ৰতীকীভাৱে উপস্থাপন কৰা হৈছে। মানুহে নিৰ্মাণ কৰা যন্ত্ৰ এটাই মানুহকে যে বশীভূত কৰি পেলাব পাৰে; এই কথা চিনেমাখনত পৰোক্ষভাৱে উপস্থাপন কৰা হৈছে। নুৰ নামৰ কুকুৰা বিক্ৰেতা এজন চিনেমাখনৰ মূল চৰিত্ৰ। নুৰৰ জীৱন পৰিক্ৰমাৰে চিনেমাখন আৰম্ভ হৈছে, গতি লৈছে আৰু শেষ স্তৰত উপনীত হৈছে। নুৰৰ দুচকুত আৰু শাৰীৰিক অভিব্যক্তিত অনবৰতে ভয়, শংকা, হতাশা দেখা পাওঁ। প্ৰশ্ন হয় নুৰে বৰ্তমান সমাজৰ একাংশ সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছে নেকি, আওপকীয়াকৈ পৰিচালকে এক ৰাজনৈতিক বক্তব্য ডাঙি ধৰিব খুজিছে নেকি? কিন্তু এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ নাই। কুকুৰাকেইটাৰ লগতে ৰঙা ৰঙৰ মটৰ চাইকেলখন নুৰৰ জীৱন সংগী। মটৰ চাইকেলখন নদীৰ পাৰত ঘঁহি ঘঁহি ধুই চকচকীয়া কৰি আনক ভাৰাত চলাবলৈ দিয়ে। এদিন এনেকৈয়ে বাইকখন আনক চলাবলৈ দিওঁতে এটা দুৰ্ঘটনা সংঘটিত হয়। কিন্তু দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেল সেইখন নাছিল। মডেলটোহে একে আছিল। পুলিচে বাইকখন বিচাৰ কৰি থকাৰ কথা জানিব পাৰি নুৰৰ দু:চিন্তা বাঢ়িবলৈ ধৰিলে। চকুত টোপনি নোহোৱা হ’ল। নুৰৰ সাধাৰণ জীৱনটোত খেলি-মেলি লাগিল।
চিনেমাখন চাই থাকোঁতে মনলৈ আহিছিল বিদ্যালয়ৰ পাঠ্যপুথিত পঢ়া গ্যে দে মোপাছাঁৰ এটা গল্প ‘The Piece of String’. ৰাস্তাত পৰি থকা সাধাৰণ ৰছী এডাল বুটলি লওঁতে হাউচেকৰ্ণ নামৰ চৰিত্ৰটোক ধন চুৰি কৰাৰ অপৰাধত অভিযুক্ত কৰা হয়। হাউচেকৰ্ণৰ অৱস্থা নুৰৰ দৰেই। দু:চিন্তা, হতাশা, নিদ্ৰাহীনতাত আক্ৰান্ত। কোনো অপৰাধ নকৰাকৈ বিনা দোষত দোষী সাব্যস্ত হোৱা হাউচিকৰ্ণে দু:চিন্তাৰ বাবে অৱশেষত মৃত্যুক আকোঁৱালি লʼবলগীয়া হয়।
নুৰৰ শেষ পৰিণতি ঠিক তেনেকুৱাই। পুলিচৰ আগত ধৰা নপৰিবলৈ বাইকখন লুকুৱাই নিজেই বিভিন্ন বেশভূষাৰে কুকুৰা সদৃশ বাইকলৈ পৰিণত হৈছে। এই বেশভূষাত নুৰৰ মুখখন নোহোৱা কৰি লৈছে। তাৰমানে নুৰৰ দুৰ্বল কণ্ঠস্বৰ কোনেও নুশুনে। গতিকে নুৰ কন্ঠহীন এক প্ৰতীকলৈ ৰূপান্তৰিত হৈছে। ইয়াৰদ্বাৰা পৰিচালকে কলাত্মকভাৱে আওপকীয়াকৈ শক্তিশালী বক্তব্য ৰাখিব খুজিছে।
নুৰৰ জীৱনলৈ আহে এগৰাকী কৃষ্ণাংগী মহিলা। তেওঁ নুৰৰ পৰা এটা সন্তান বিচাৰে। কিন্তু নুৰ নিজৰ দু:চিন্তা আৰু ভাৱনাত বিভোৰ। মানসিকভাৱে অস্থিৰ। গতিকে কাষতে পোৱা নাৰীগৰাকীকো তেওঁ অস্বীকাৰ কৰিছে। নাৰীগৰাকীৰ প্ৰেমৰ উত্তাপে নুৰক শান্ত কৰিব পৰা নাই। প্ৰতীকীভাৱে চালে এনেকুৱা লাগে যেন আশা, আকাংক্ষা, দু:চিন্তা, হতাশাত জৰ্জৰিত হৈ থাকোঁতে জীৱনলৈ অহা সুযোগবোৰ আমি উপভোগ কৰিব নোৱৰা হৈ যাওঁ। গুৰুত্ব দিবলগীয়াখিনিক আওকাণ কৰোঁ। ফলত জীৱনটো হৈ পৰে মাদকতাহীন, নীৰস। নিৰন্তৰ কিবা এটাৰ সন্ধানত মানুহ ব্ৰতী হৈ থাকে।
আনহাতে, মহিলাগৰাকীৰ দৃষ্টিৰে যদি চাওঁ একাকীত্বৰ যন্ত্ৰণাৰে ভাৰাক্ৰান্ত মহিলাগৰাকীয়ে জীয়াই থকাৰ এক উদ্দেশ্য বিচাৰিছে। এটা সন্তান। নুৰক বাৰে বাৰে তেওঁ কয়-I want a baby. এই আকাংক্ষিত সন্তান আশাৰ প্ৰতীক নেকি। জীয়াই থকাৰ এক সমল। সন্তানপ্ৰাপ্তিৰ পিছত মহিলাগৰাকী নুৰৰ সংগী হৈ থাকিব নে তেওঁৰ ইচ্ছা পূৰণ হোৱাৰ পাছত আঁতৰি যাব? এই প্ৰশ্নসমূহৰ উত্তৰ পৰিচালকে জানিবলৈ নিদিয়ে। এই কৃষ্ণাংগী মহিলাগৰাকীও নিষ্পেষিত শ্ৰেণীৰ প্ৰতীক নেকি। এটা সন্তানেৰে এখন স্থায়ী সংসাৰ কৰি তেওঁ নিৰাপদ হ’ব বিচাৰিছে নেকি? এনে বহু প্ৰশ্ন দৰ্শকৰ মনলৈ আহে।
এনেকৈয়ে কাহিনীৰ Detail লৈ নোযোৱাকৈ দৰ্শকৰ মনত বিভিন্ন প্ৰশ্ন উত্থাপন কৰি কেৱল অভিনয় আৰু চিনেমেটিক ভাষাৰে এখন মনোগ্ৰাহী চিনেমা নিৰ্মাণ কৰিছে মহৰ্ষি তুহিন কাশ্যপে। উৎকৃষ্ট চিনেমাটʼগ্ৰাফী আৰু প্ৰটাগনিষ্ট ৰাজু ৰয়ৰ শক্তিশালী অভিনয়ে চিনেমাখনক এক মাত্ৰা প্ৰদান কৰিছে।
উল্লেখযোগ্য, ‘কক কক ককক’ চিনেমাখন আন বহু চলচ্চিত্ৰত মহোৎসৱৰ লগতে শেহতীয়া ৩০ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘ভিজন এছিয়া’ শাখাত প্ৰদৰ্শিত হয়। ইৰাণৰ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক মহছিন মখমলবাফে চিনেমাখন চাই মন্তব্য কৰিছে – এজন মানুহ এখন মটৰচাইকেলৰ প্ৰতি আসক্ত হোৱাৰ ধাৰণাটো মোৰ ভাল লাগিল। এয়া বৰ্তমান মানৱজাতিৰ এটা ৰূপক(metaphor) যি নিজেই সৃষ্টি কৰা যন্ত্ৰৰ দ্বাৰা একোটা যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে।’ আনহাতে, দ্বিতীয় গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱত চিনেমাখন প্ৰদৰ্শনৰ পাছত নাট্যশিল্পী, অভিনেতা, চিনেমা পৰিচালক বাহাৰুল ইছলামে মন্তব্য কৰিছিল যে তেওঁ কʼৰবাত চিনেমাখনৰ লগত নিজকে তুলনা কৰিব পাৰিছে। তেওঁৰ দৃষ্টিত কুকুৰাকেইটা, নুৰ নামৰ ব্যক্তিজন আৰু কৃষ্ণাংগী মহিলাগৰাকীয়ে সমাজৰ দুৰ্বল শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে।’
মহৰ্ষি তুহিন কাশ্যপৰ পৰা পৰৱৰ্তী সময়ত এনেকৈয়ে বিবেক জাগ্ৰত কৰিব পৰা বিষয়ৰ আৰু ভাল চিনেমা আশা কৰোঁ।
